Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

শতবৰ্ষ গৰকা এটা কাৰ্যালয়, ৮০ বছৰীয়া এজন ব্যক্তি আৰু ৪৬৫৫ খন চৰকাৰী বিবাহ

গণ বাৰ্তা, জয়সাগৰ, ১৮ ডিচেম্বৰ  : ঐতিহাসিক শিৱসাগৰৰ ৰংঘৰৰ কাষতে আছে এটা শতবৰ্ষ অতিক্ৰম কৰা কাৰ্যালয়। আৰু এই কাৰ্যালয়তেই নিৰবিচিন্নভাৱে এজন ত...


গণ বাৰ্তা, জয়সাগৰ, ১৮ ডিচেম্বৰ  : ঐতিহাসিক শিৱসাগৰৰ ৰংঘৰৰ কাষতে আছে এটা শতবৰ্ষ অতিক্ৰম কৰা কাৰ্যালয়। আৰু এই কাৰ্যালয়তেই নিৰবিচিন্নভাৱে এজন তেজাল ডেকাৰ দৰে নিজৰ কাৰ্য সম্পাদন কৰি ৪৬৫৫খন ইছলামিক বিবাহ পঞ্জীয়ন কৰি আহিছে। ৮০ বছৰ বয়সটো লিখা মেলা কৰি ভাল পোৱা এই ব্যক্তিজন হৈছে শিৱসাগৰৰ সমাজ জীৱনৰ লগত ওতঃপ্ৰোতভাৱে জৰিতহৈ থকা তথা শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক তথা বৰ্তমানৰ জিলা সদৰ কাজি চৈয়দ আহমদ কবিৰ। ১৯৪০ চনৰ ২৬ আগষ্টত যোৰহাটৰ  জন্মগ্ৰহণ কৰা এইগৰাকী ব্যক্তি উজনি অসমৰ ভিতৰতেই বৰ্ষীয়ান কাজি হিচাপে পৰিগণিত হৈছে। তেখেতে এতিয়ালৈ দহখনৰো অধিক গ্ৰন্থ ৰচনা কৰি অসমীয়া সাহিত্যলৈ অনবদ্য অৱদান আগবঢ়াছে। পিতৃ চৈয়দ চাদুল হক আৰু মাতৃ ৰেজিয়া খাতুনৰ জেষ্ঠ পুত্ৰ চৈয়দ আহমদ কবিৰে শিৱসাগৰৰ ধাইআলিৰ ২নং প্ৰাথমিক বিদ্যালয়ৰ পৰা জীৱনৰ আদিপাঠ আৰম্ভ কৰিছিল। ১৯৬৯ চনত তেখেতৰ পিতৃৰ মৃত্যুৰ পাছত শিক্ষকতাৰ লগতে শিৱসাগৰৰ সদৰ কাজি হিচাপে নিযুক্তি লাভ কৰে। কাজি হিচাপে নিযুক্তি লাভ কৰি ১৯৭০ চনৰ জানুৱাৰী মাহত জীৱনৰ প্ৰথমখন চৰকাৰী পঞ্জীয়নভুক্ত নিকাহ কৰাইছিল। সম্পূৰ্ণ ৫০টা বছৰ সেই দায়িত্বতয়েই থাকি আজিৰ তাৰিখলৈকে ৪৬৫৫ গৰাকী ব্যক্তিৰ নিকাহ সম্পন্ন কৰে। তথ্য অনুসৰি, ১৯১০ চনত স্থাপিত হোৱা এইজনা কাজিৰ কাৰ্যালয়টো ইতিমধ্যে ১১০ বছৰ অতিক্ৰম কৰিছে। স্বাধীনতাৰ পূৰ্বে এই কাৰ্যালয়তোৰ প্ৰথমগৰাকী কাজি আছিল ধাইআলিৰ প্ৰয়াত চৈয়দ আজিজুৰ ৰহমান। আৰু এই আজিজুৰ ৰহমানেই হৈছে অসমৰ প্ৰথমজন স্বীকৃতিপ্ৰাপ্ত কাজি। ইয়াৰ ৩৬টা বছৰৰ পাছত তেওঁৰ মৃত্যুৰ পাছত দ্বিতীয়জন কাজি হিচাপে নিযুক্তি লাভ কৰে ৰংঘৰ চাৰি আলিৰ নিবাসী প্ৰয়াত চৈয়দ চাদুল হকে। তেওঁ সুদীৰ্ঘ ২১টা বছৰ দায়িত্ব পালন কৰাৰ পাছত অৰ্থাৎ তেওঁৰ মৃত্যুৰ পাছত তেওঁৰেই জেষ্ঠ পুত্ৰ চৈয়দ আহমদ কবিৰে তৃতীয়জন কাজি হিচাপে দায়িত্ব গ্ৰহণ কৰে। ১৯৬৯ চনতেই দায়িত্ব গ্ৰহণ কৰা চৈয়দ আহমদ কবিৰ শিৱসাগৰ দ্বিনী পুথি প্ৰকাশন সমিতিৰ প্ৰতিষ্ঠাপক হিচাপে তেও কেইবাখনো গ্ৰন্থৰ প্ৰকাশক হিচাপে কাম কৰি গৈছে। বিভিন্ন আলোচনী, স্মৃতিগ্ৰন্থ, বাতৰি কাকত আদিত নিয়মীয়াকৈ প্ৰবন্ধ লিখি অসমীয়া সাহিত্যলৈ অৱদান আগবঢ়াৱো আহমদ কবিৰ শিৱসাগৰৰ বয়তুল মাল আৰু তনজিমুল উলেমা সমিতিৰ প্ৰতিষ্ঠাপক সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। শিৱসাগৰৰ ৰংঘৰ চাৰি আলিত স্থায়ীভাৱে বসবাস কৰা চৈয়দ আহমদ কবিৰে চৰকাৰীভাৱে বিবাহ পঞ্জীয়ন কৰাৰ উপৰিও সামাজিকভাৱে বহু বিবাহ সম্পন্ন কৰিছে। এনে এগৰাকী আশী উৰ্ধৰ ব্যক্তিৰ কৰ্মদক্ষতাই সচাকৈয়ে কোনো ব্যক্তিৰ সমাজ জীৱনৰ বাবে এক উৎসাহ ও অনুপ্ৰেৰণাৰ উৎস।

No comments