সঞ্জয় সৰকাৰ , কাজলগাঁও , ২০ ডিচেম্বৰঃ চিৰাং জিলাৰ বিজনীত আজিৰে পৰা আৰম্ভ হৈছে ২৭ সংখ্যক যোগেন্দ্ৰনাথ চক্ৰৱৰ্তী, ননীগোপাল চাকলাদাৰ , শ্বেতা ৰ...
সঞ্জয় সৰকাৰ , কাজলগাঁও , ২০ ডিচেম্বৰঃ চিৰাং জিলাৰ বিজনীত আজিৰে পৰা আৰম্ভ হৈছে ২৭ সংখ্যক যোগেন্দ্ৰনাথ চক্ৰৱৰ্তী, ননীগোপাল চাকলাদাৰ , শ্বেতা ৰয় আৰু খগেন চন্দ্ৰ নাৰ্জাৰী সোঁৱৰণী প্ৰাইজমানি টি-২০ ক্ৰিকেট প্ৰতিযোগিতা। বিজনী যুৱক সংঘৰ উদ্যোগত বিজনী বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত আজিৰ উদ্বোধনী খেলখনত গুৱাহাটীৰ শান্তিপুৰ এথলেটিক্স ক্লাবে বজালী ক্ৰিকেট ক্লাবৰ বিৰুদ্ধে চুপাৰ অ'ভাৰৰ জৰিয়তে ১ ৰানত জয়ী হয়। প্ৰথমে বেটিং কৰি বজালীয়ে নিৰ্ধাৰিত ২০ অ'ভাৰত ৯ উইকেটত ১৩১ ৰান কৰাৰ বিপৰীতে শান্তিপুৰেও আটাইকেইটা উইকেটৰ বিনিময়ত সমান ৰান কৰে। চুপাৰ অ'ভাৰত শান্তিপুৰে ৮ ৰান কৰাৰ বিপৰীতে বজালীয়ে ৭ ৰানতে ক্ষান্ত থাকে। শান্তিপুৰৰ ৰাজু সাহ আজিৰ খেলৰ মেন অৱ দ্য মেচ বিবেচিত হয়। ইয়াৰ পূৰ্বে প্ৰতিযোগিতাৰ পতাকা উত্তোলন কৰে যুৱক সংঘৰ প্ৰতিষ্ঠাপক সভাপতি বিপ্লৱ বৰণ চক্ৰৱৰ্তীয়ে। বিজনীৰ মহকুমা আৰক্ষী বিষয়া শেখৰ জ্যোতি ৰয়ে উদ্বোধন কৰা উদ্বোধনী অনুষ্ঠানত চিৰাং জিলা ক্ৰিকেট সন্থাৰ কাৰ্যকৰী সভাপতি প্ৰণৱ বসুমতাৰী, উপদেষ্টা গুণ শংকৰ ৱাৰী, প্ৰাক্তন এম চি এল এ গুনেশ্বৰ গয়াৰীকে ধৰি ভালেমান বিশিষ্ট অতিথি উপস্থিত থাকে। কাইলৈৰ খেলত বিজনী যুৱক সংঘৰ বিপৰীতে বাসুগাঁৱৰ টাইটান ক্লাব অৱতীৰ্ণ হ'ব।
No comments