গণবাৰ্তা, আজাৰা ,২৭ ডিচেম্বৰ : ৰাজ্যৰ অন্যতম জলাশয় হিচাপে পৰিচিত গুৱাহাটী মহানগৰীৰ হৃদপিণ্ড স্বৰূপ দীপৰ বিলক পৰ্য্যটনথলীলৈ উন্নীতকৰণ , সৌ...
গণবাৰ্তা, আজাৰা ,২৭ ডিচেম্বৰ : ৰাজ্যৰ অন্যতম জলাশয় হিচাপে পৰিচিত গুৱাহাটী মহানগৰীৰ হৃদপিণ্ড স্বৰূপ দীপৰ বিলক পৰ্য্যটনথলীলৈ উন্নীতকৰণ , সৌন্দৰ্যবৰ্ধন আৰু জীৱন-জীৱিকাৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে দুবছৰ পূৰ্বে ১০ কৌটি টকাৰ অভিলাষী আঁচনি গ্ৰহণ কৰিও বন বিভাগৰ বাধাৰ বাবে আঁচনি ৰূপায়িত কৰিব পৰা হোৱা নাই বুলি আক্ষেপ প্ৰকাশ কৰিছে পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই । বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই জানিবলৈ দিয়া মতে ২০১৮ চনতে স্থানীয় বিধায়ক হিচাপে অসম চৰকাৰৰ পৰা ছিগনেচাৰ আঁচনিৰ বিপৰীতে দীপৰ বিলৰ উন্নয়নৰ বাবে ১০ কোটি টকা অনুমোদন লাভ কৰা হৈছিল । তাৰ পাছত অসম চৰকাৰৰ পৰ্য্যটন বিভাগৰ অধীনৰ অসম পৰ্য্যটন উন্নয়ন নিগম চমুকৈ এ টি ডি চি ৰ জৰিয়তে ১০ কোটি টকাৰে দীপৰ বিলক পৰ্য্যটনথলীলৈ উন্নীতকৰণ , সৌন্দৰ্যবৰ্ধন আৰু নিবনুৱা সমস্যাৰ সমাধানৰ বাবে বিলখনক জীৱন-জীৱিকাৰ কেন্দ্ৰবিন্দুলৈ পৰিবৰ্তন কৰাৰ বাবে এখন অভিলাষী আঁচনি গ্ৰহণ কৰা হয় । ইয়াৰ উপৰি বিলখনৰ কিছু অংশ দীপৰ বিল বন্যপ্ৰাণী অভয়াৰণ্যৰ অন্তৰ্গত হোৱা বাবে আঁচনি ৰূপায়ণ কৰা সন্দৰ্ভত বিভাগীয় নিয়ম অনুসৰি বন বিভাগলৈ প্ৰেৰণ কৰা হয় । কিন্ত বিধায়ক কলিতাই সদৰি কৰা অনুসৰি বিগত প্ৰায় দুবছৰ ধৰি বন বিভাগৰ পৰা আঁচনি ৰূপায়িত কৰা সন্দৰ্ভত আপত্তি বিহীন প্ৰমাণ পত্ৰ (এন অ চি ) লাভ নকৰা বাবে ১০ কৌটি টকাৰ অভিলাষী আঁচনিখন এ টি ডি চিয়ে ৰূপায়িত কৰিব পৰা নাই । যাৰ বাবে ১০ কৌটি টকা খৰচ নকৰাকৈ পেলাই থব লগীয়া হৈছে । একে সময়তে বন বিভাগৰ এন অ চি লাভ নকৰা বাবে ৰাইজৰ আগত তেওঁ হেয় প্ৰতিপন্ন হবলগীয়া হৈছে বুলি বিধায়ক কলিতাই দুখ প্ৰকাশ কৰিছে । ইফালে এটা চৰকাৰী বিভাগে আন এটা চৰকাৰী বিভাগক এন অ চি প্ৰদান নকৰিলেও একাংশ মাফিয়া প্ৰকৃতিৰ লোকে মাটি বেদখল , মাটি কাটি দীপৰ বিলৰ পৰিবেশ বিনষ্ট কৰি আহিছে । কিন্তু সেইবোৰ বন্ধ কৰিব নোৱাৰা বন বিভাগে এ টি ডি চি ক কিয় ১০ কৌটি টকীয়া ছিগনেচাৰ আঁচনিখন ৰূপায়িত কৰাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰি আহিছে তাক লৈ ৰহস্যৰ সৃষ্টি হৈছে । ইফালে ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰনে (এন জি টি )গুৱাহাটী পৌৰ নিগমক দীপৰ বিলৰ ওচৰতে থকা বৰাগাঁওৰ ডাম্পিং গ্ৰাউণ্ড স্থানান্তৰিত কৰিবলৈ ডেৰ বছৰ পুর্বে নিৰ্দেশ দিয়া স্বত্বেও আজি পৰ্য্যন্ত স্থানান্তৰ কৰিব পৰা নাই চৰকাৰে । ফলত বিলখনৰ পানীভাগ দিনক দিনে অধিক প্ৰদূষিত হৈছে । কিন্ত এই গুৰুত্বপূৰ্ণ বিষয়টোত বন বিভাগে নীৰব ভূমিকাহে পালন কৰা পৰিলক্ষিত হৈছে ।
No comments