Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ঢকুৱাখনাত অসম গণ পৰিষদৰ জাতীয় ঐক্য সমাৰোহ

গণবাৰ্তা,২৩ নবেম্বৰ,ঢকুৱাখনা: আজি ঢকুৱাখনা আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত  অসম গণ পৰিষদ দলৰ এখনি জাতীয় ঐক্য সমাৰোহ সভা অনুষ্ঠিত হ...


গণবাৰ্তা,২৩ নবেম্বৰ,ঢকুৱাখনা: আজি ঢকুৱাখনা আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত  অসম গণ পৰিষদ দলৰ এখনি জাতীয় ঐক্য সমাৰোহ সভা অনুষ্ঠিত হয়৷আমাৰ সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত কৃষি মন্ত্ৰী অতুল বৰাই কয় যে, ঢকুৱাখনা বিধান সভা সমষ্টিত বিজেপি দলক যোৱাবাৰ আমি মিত্ৰতা আসন এৰি দিছোঁ৷গতিকে এইবাৰ  অসম গণ পৰিষদ দলে বিধান সভা নিৰ্বাচনত  প্ৰাৰ্থী নিক্ষেপ কৰিব নাই এই  ক্ষেত্ৰত মিত্ৰ দলৰ সৈতে আলোচনা কৰা হব বুলি মন্তব্য আগবঢ়াই৷তদুপৰি তেখেতে কয় অসম গণ পৰিষদ দলক দুৰ্বল কৰিবলৈ এচামে বহু আগৰে পৰা চেষ্টা কৰি আহিছে ৷এতিয়া নতুন দল খোলাৰ যি ধুম উঠিছে৷ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ প্ৰচেষ্টাত৷সেই কাৰণে অসম গণ পৰিষদৰ প্ৰতি জনসাধাৰণৰ ধাৱমান হৈছে৷আঞ্চলিক দল হিচাবে অগপে সদায় অসমীয়া ৰাইজৰ স্বাৰ্থ আৰু কল্যাণৰ বাবে কাম কৰি যাব৷ ১৯৮৫ চনত অসম গণ পৰিষদ দল জন্ম হৈছিল৷বহু ঘাত প্ৰতিঘাতৰ মাজত এই দলটোৰ জন্ম হৈছিল৷অসম গণ পৰিষদে উঠি অহা প্ৰজন্মক সদায় প্ৰাধান্য দি আহিছে৷আৰু ঢকুৱাখনা বিধান সভা সমষ্টিত আজি তাকে প্ৰমান কৰিলে নৱ প্ৰজন্ম সকল ওলাই আহি  ৷অসম গণ পৰিষদ দল সকলো লোকৰ  অন্তৰত  আছে৷ অসম গণ পৰিষদ দলে সদায় ৰাইজৰ হৈ কাম কৰি আহিছে৷অগপই কোনো দিনে চৰিত্ৰ সলোৱা নাই৷নিজৰ স্হীটিত অটল আছে৷অসম গণ পৰিষদ দলৰ কোনো  ভুল কৰা নাই৷৷আজি উক্ত  সভাত অগপ দলৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্ত,অসম যুৱ পৰিষদৰ সভাপতি জিতু বৰগোহাঁই,যুৱ নেতা পদ্মলোচন দলে আদি কৰি কেইবাজনো কেন্দ্ৰীয় অগপ নেতা নেত্ৰী উপস্থিত থাকে৷

No comments