Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

কোৰোনাৰ আতংকৰ বাতিল দক্ষিণ আফ্ৰিকাৰ-ইংলেণ্ডৰ এদিনীয়া ছিৰিজ

কেপ টাউন, ৯ ডিচেম্বৰ: কোৰোনা ভাইৰাছে পুনৰ এবাৰ ক্ৰিকেটত আতংকৰ সৃষ্টি কৰিছে। কোৰোনা মহামাৰীৰ বাবে ইংলেণ্ড আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ...

কেপ টাউন, ৯ ডিচেম্বৰ: কোৰোনা ভাইৰাছে পুনৰ এবাৰ ক্ৰিকেটত আতংকৰ সৃষ্টি কৰিছে। কোৰোনা মহামাৰীৰ বাবে ইংলেণ্ড আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’বলগীয়া তিনিখন মেচৰ এদিনীয়া ছিৰিজ বাতিল কৰা হৈছে। দুয়োটা দলে কেপটাউনৰ যিখন হোটেলত আছিল, সেই হোটেলৰ দুজন কৰ্মচাৰী কোৰোনাত আক্ৰান্ত হয়। ইয়াৰ পিছত দুয়োটা দলৰ কেইজনমান সদস্য কোৰোনা কোৰোনাত আক্ৰান্ত হয়, যাৰ ফলত ছিৰিজ বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ছিৰিজ বাতিলৰ সিদ্ধান্ত ইংলেণ্ড আৰু ৱেলছ ক্ৰিকেট বৰ্ড আৰু ক্ৰিকেট দক্ষিণ আফ্ৰিকাই যুটীয়াকৈ লয়। দুয়োটা ক্ৰিকেট বৰ্ডে কয় যে দুয়োটা দলৰ খেলুৱৈৰ মানসিক আৰু শাৰীৰিক স্বাস্থ্য সুনিশ্চিত কৰিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। 

উল্লেখ্য যে ছিৰিজৰ প্ৰথমখন মেচ শুকুৰবাৰে অনুষ্ঠিত হ’বলগীয়া আছিল যদিও মেচৰ পুৱাই দক্ষিণ আফ্ৰিকাৰ এজন ক্ৰিকেটাৰ কোৰোনাত আক্ৰান্ত হয়। যাৰ বাবে মেচখন দেওবাৰলৈ স্থগিত কৰা হৈছিল। ইয়াৰ পিছত প্ৰথমখন এদিনীয়া দেওবাৰেও স্থগিত কৰা হয়। কিয়নো হোটেলৰ দুজন কৰ্মচাৰী কোৰোনাত আক্ৰান্ত হয়। তাৰ পিছত সোমবাৰে দুই দলৰ মাজত মেচ অনুষ্ঠিত হ’বলগীয়া আছিল যদিও সেই মেচো বাতিল কৰা হয়। মেচ আৰম্ভ হোৱাৰ পূৰ্বে ইংলেণ্ডৰ দলটোৱে কোৰোনাৰ পৰীক্ষা কৰে। ইয়াত ইংলেণ্ডৰ দুজন ক্ৰিকেটাৰ কোৰোনাত আক্ৰান্ত হয় বুলি ধৰা পৰে। ইয়াৰ পিছত দুয়োখন দেশৰ ক্ৰিকেট বৰ্ডে ছিৰিজ বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ লগে লগে দক্ষিণ আফ্ৰিকা ভ্ৰমণো অন্ত পৰে ইংলেণ্ডৰ। লগতে অনাগত সময়ত এই ছিৰিজ দুয়োটা দলে খেলাৰো মত প্ৰকাশ কৰিছে। উল্লেখ্য যে ইংলেণ্ড দলটোৱে নৱেম্বৰত দক্ষিণ আফ্ৰিকা ভ্ৰমণত উপস্থিত হৈছিল। দুয়োটা দলৰ মাজত প্ৰথমে তিনিখন মেচৰ টি-২০ ছিৰিজ আয়োজন হৈছিল। য’ত আলহী দল ইংলেণ্ডে ৩-০ৰে ছিৰিজ দখল কৰিছিল।

No comments