Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

যোৰহাটত বিশিষ্ট চিকিৎসক ডাঃ তুষেশ্বৰ দত্তৰ পাঁচ খন গ্ৰন্থ উন্মোচন

ষ্টাফ ৰিপৰ্টাৰ ,যোৰহাট ,১২ ডিচেম্বৰ: কস্তুৰী প্ৰকাশনৰ উদ্যোগত যোৰহাট সাহিত্য সভাৰ দানবীৰ ৰাধাকান্ত সন্দিকৈ ভৱনত অনুষ্ঠিত হোৱা  গ্ৰন্থ উন্মোচ...


ষ্টাফ ৰিপৰ্টাৰ ,যোৰহাট ,১২ ডিচেম্বৰ: কস্তুৰী প্ৰকাশনৰ উদ্যোগত যোৰহাট সাহিত্য সভাৰ দানবীৰ ৰাধাকান্ত সন্দিকৈ ভৱনত অনুষ্ঠিত হোৱা  গ্ৰন্থ উন্মোচনী সভাত আজি বিশিষ্ট চিকিৎসক ডাঃ তুষেশ্বৰ দত্তৰ পাঁচখনকৈ গ্ৰন্থ উন্মোচন হয় । যোৰহাট সাহিত্য সভাৰ সভাপতি মৃদুল কুমাৰ বৰাই সভাপতিত্ব কৰা আৰু কস্তুৰী প্ৰকাশনৰ প্ৰকাশক ৰেব কান্ত বৰাই উদ্দেশ্য বাখ্যা কৰা গ্ৰন্থ উন্মোচনী সভাখনত ডাঃ টি দত্তৰ ৰচনাৱলী, ইংৰাজী গ্ৰন্থ "মাই লাইফ , তুষেশ্বৰ দত্তৰ কবিতা সমগ্র আৰু গদ্য আৰু পদ্য সংযোজন সহিত্য সহ কেইবাখনো গ্ৰন্থ শুভ উন্মোচন কৰা হয় । এই গ্ৰন্থ উন্মোচনী সভাত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰি গ্ৰন্থ কেইখন উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট সাহিত্যিক ড0 বসন্ত কুমাৰ গোস্বামী ,ডাঃ কুশল কুমাৰ শইকীয়া , মৃদুল কুমাৰ বৰাৰ লগতে কেইবাজনো বিশিষ্ট লোকে বক্তব্য কৰি গ্ৰন্থকেইখন উন্মোচন কৰে । বিশিষ্ট সাহিত্যিক ড0 বসন্ত কুমাৰ গোস্বামীয়ে তেওঁৰ বক্তব্যত কয় যে বৰ্তমান সময়ত বহু লোকে টিভি চাই ,মোবাইলত ব্যস্ত থাকি সময় পাৰ কৰে । সেইটো জীৱন নহয় । সেই জীৱনৰ কোনো মূল্য নাই । শিশুক মগজুৰ শক্তি বৃদ্ধি হবলৈ হলে ঘৰত আধ্যাত্মিক পৰিবেশ লাগিব। উৎকৃষ্ট খাদ্য সামগ্ৰীয়ে শৰীৰৰ শক্তিহে  বৃদ্ধি কৰে ,মগজুৰ নহয় । জীয়াই থাকিবলৈ বিভিন্ন কৰ্ম কৰিব লাগিব,  কিন্তু জীৱনতো উপভোগ কৰিবলৈ হলে নিজৰ কিছু কৰ্ম কৰি যাব লাগিব । যি লোকে একেবাৰে সময় নাই বুলি কয় তেওঁলোকতকৈ মূৰ্খ কোনো নাই বুলি বিশিষ্ট সাহিত্যিক জনে ব্যক্তব্যত উল্লেখ কৰে । ইয়াৰ পূৰ্বে ডাঃ টি দত্তই আদৰণীয় বক্তব্য প্ৰদান কৰে ।

No comments