ষ্টাফ ৰিপৰ্টাৰ, মঙলদৈ, ২৩ ডিচেম্বৰ : প্ৰাচীন কালৰে পৰাই অসমৰ কলা-সংস্কৃতিৰ জগতখনক নৃত্য-কলাই এক মাত্ৰা প্ৰদান কৰি আহিছে । প্ৰায় ১৫ শ শতিক...
ষ্টাফ ৰিপৰ্টাৰ, মঙলদৈ, ২৩ ডিচেম্বৰ : প্ৰাচীন কালৰে পৰাই অসমৰ কলা-সংস্কৃতিৰ জগতখনক নৃত্য-কলাই এক মাত্ৰা প্ৰদান কৰি আহিছে । প্ৰায় ১৫ শ শতিকৰ পৰা প্ৰচলিত এই নৃত্যধাৰা, ১৯ শ শতিকাৰ মাজভাগত বৈষ্ণৱ ধৰ্মীয় সত্ৰসমূহৰ পৰা আধুনিক মঞ্চলৈ ওলাই আহে। পৰম্পৰাগত ভাৱে সত্ৰসমূহত এই নৃত্য মাথোঁ ভকত (পুৰুষ)সকলৰ মাজতে সীমাবদ্ধ আছিল। কিন্তু আধুনিক মঞ্চৰ স্বীকৃতি পোৱাৰ লগে লগে এই নৃত্য পুৰুষ মহিলা উভয়ে পৰিৱেশন কৰিবলৈ ধৰে। এই সত্ৰীয়া নৃত্য-মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু তেওঁৰ প্ৰিয় শিষ্য মাধৱদেৱে ভক্তিধৰ্ম প্ৰচাৰৰ অৰ্থে শাস্ত্ৰীয় নৃত্যৰ সম্পদক আশ্ৰয় কৰি সৃষ্টি কৰা, আৰু তেওঁৰ পৰৱৰ্তী প্ৰচাৰকসকলে কিছু পৰিমাণে সংবৰ্দ্ধন ঘটোৱা আৰু সত্ৰসমূহৰ হাতত সংৰক্ষিত, পৰিবৰ্ধিত,পৰিশীলিত, আৰু ব্যাকৰণসন্মত হিচাপে জনপ্ৰিয় হৈ উঠা নৃত্যধাৰাই হৈছে সত্ৰীয়া নৃত্য । সত্ৰীয়া নৃত্যক বৰ্তমান নৱপ্ৰজন্ময়ো আকোৱালি লোৱা পৰিলক্ষিত হৈছে । ভিন্ন জনে এই সত্ৰীয়া নৃত্যৰে আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়তো সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে । সত্ৰীয়া নৃত্যৰে গৌৰৱ অৰ্জন কৰিবলৈ সক্ষম হৈছে অবিভক্ত দৰং ওদালগুৰি জিলাৰ টংলা মৌ-গাওঁৰ চাৰণ পাৰাৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ নিহাৰ প্ৰতিম নাথে। মঙলদৈ ত্ৰিনয়ন সংগীত বিদ্যালয়ৰ গুৰু কুশল ডেকাৰ ছাত্ৰ তথা আৰক্ষী বাহিনীত কৰ্মৰত ভবেন নাথৰ পুত্ৰ নিহাৰ প্ৰতিম নাথে অসমৰ বিভিন্ন মঞ্চ মাজুলী, বৰপেটা, গুৱাহাটী মহানগৰী আদিকে ভিতৰ কৰি ভাৰতবৰ্ষৰ বেনাৰস, নাগপুৰ, আদি বিভিন্ন ঠাইত অংশগ্ৰহণ কৰি ইতিমধ্যে পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে। সত্ৰীয়া নৃত্যত নিত্ৰাশ্ৰী বঁটা লাভ কৰিবলৈও সক্ষম হৈছে নিহাৰ প্ৰতিম নাথে । লক ডাউনৰ মাজতে অনুষ্ঠিত হোৱা অনলাইন প্ৰতিযোগিতাতো অৱতীৰ্ণ হৈ নিহাৰ প্ৰতিমে প্ৰায় ১০ টাতকৈয়ো অধিক পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়। সত্ৰীয়া গুৰু কুশল ডেকাৰ শিষ্য নিহাৰ প্ৰতিম নাথৰ এই সাফল্যত এতিয়া উৎফুলিত অবিভক্ত দৰং-ওদালগুৰিৰ লগতে মঙলদৈবাসী ৰাইজ ।
No comments