Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

চিৰাং জিলাৰ ৭ সমষ্টিত বিপিএফ ৫ , বিজেপি ১ আৰু ইউ পি পি এল ১ আসনত বিজয়ী ; পৰাস্ত প্ৰাক্তন উপ-মুখ্য কাৰ্যবাহী খাম্পা বৰগয়াৰী , ইউ পি পি এলৰ উপ-সভাপতি ৰণগৌৰা নাৰ্জাৰী

  ভোটগণনাৰ শেষত চিৰাঙৰ বিজয়ী তিনি প্ৰাৰ্থী ক্ৰমে ৰঞ্জিত বসুমতাৰী (ইউপিপিএল) , পানীৰাম ব্ৰহ্ম আৰু ছাইখং বসুমতাৰী (বিপিএফ) ।  সঞ্জয় সৰকাৰ , কা...

 ভোটগণনাৰ শেষত চিৰাঙৰ বিজয়ী তিনি প্ৰাৰ্থী ক্ৰমে ৰঞ্জিত বসুমতাৰী (ইউপিপিএল) , পানীৰাম ব্ৰহ্ম আৰু ছাইখং বসুমতাৰী (বিপিএফ) । 


সঞ্জয় সৰকাৰ , কাজলগাঁও , ১২ ডিচেম্বৰ : বিটিচি নিৰ্বাচনৰ আজি ঘোষিত ফলাফলে বিভিন্ন ৰাজনৈতিক বিশ্লেষণক মিছা প্ৰতিপন্ন কৰিলে । চিৰাং জিলাৰ কাজলগাঁও সদৰ মহকুমাৰ অন্তৰ্গত ৩ টা পৰিষদীয় সমষ্টিৰ ভিতৰত ১৩ নং চিৰাং (জনজাতি) সমষ্টিত প্ৰাক্তন এন ডি এফ নেতা তথা বি পি এফ দলৰ প্ৰাৰ্থী ছাইখং বসুমতাৰী ওৰফে বি ছাওৰাইগ্ৰাই প্ৰাক্তন এম চি এল এ মাউতী ব্ৰহ্ম হাজোৱাৰীক ১৩৩৯ ভোটৰ ব্যৱধানত পৰাজিত কৰি বিজয়ী হয় । ইপিনে , ১৪ নং চিৰাং দুৱাৰ ( জনজাতি) সমষ্টিত ইউ পি পি এলৰ ৰঞ্জিত বসুমতাৰী ওৰফে বি আৰ ফেৰেংগাই নিকটতম প্ৰতিদ্বন্দ্বী বি টি চিৰ প্ৰাক্তন উপ-মুখ কাৰ্যবাহী খাম্পা বৰগয়াৰীক ২১৪৩   ভোটৰ ব্যৱধানত পৰাজিত কৰি বিজয়ী হয় । ১৫ নং কাজলগাঁও সমষ্টিত প্ৰাক্তন এম চি এল তথা ইউ পি পি এলৰ প্ৰাৰ্থী ৰণগৌৰা নাৰ্জাৰীক ৩৯৯৬ টা  ভোটৰ ব্যৱধানত পৰাজিত কৰি বিপিএফৰ প্ৰাৰ্থী পানীৰাম ব্ৰহ্ম বিজয়ী হয় । আনহাতে , জিলাখনৰ বিজনী মহকুমাৰ ৪ টা পৰিষদীয় সমষ্টিৰ ভিতৰত ১৬ নং নিছিমা ( জনজাতি ) সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী জেমছ বসুমতাৰীয়ে প্ৰাক্তন এম চি এল তথা ইউ পি পি এলৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মক ২৯৮১ টা ভোটৰ ব্যৱধানত পৰাজিত কৰি বিজয়ী হয় ।

একেদৰে ১৭ নং সুভাইঝাৰ সমষ্টিত   বিপিএফৰ প্ৰাৰ্থী প্ৰভাত বসুমতাৰীয়ে ইউ পি পি এলৰ প্ৰাৰ্থী তথা প্ৰাক্তন এম চি এল এ গুণেশ্বৰ গয়াৰীয়ক ২০০৬ টা ভোটত পৰাস্ত কৰি বিজয়ী হয় । ইপিনে ১৮ নং মানস ছেৰফাং ( জনজাতি ) সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী ধনঞ্জয় বসুমতাৰীয়ে ইউ পি পি এলৰ প্ৰাৰ্থী সুৰেশ দৈমাৰীক ১২৪০ টা ভোটত পৰাস্ত কৰি বিজয়ী হয় । জিলাখনৰ একমাত্ৰ মুকলি সমষ্টি ১৯ নং থুৰিবাৰীত বিজেপিৰ প্ৰাৰ্থী অভিৰাম মহানায়কে এ আই ইউ ডি এফৰ প্ৰাৰ্থী খলিলুৰ ৰহমানক পৰাস্ত কৰি বিজয়ী হৈছে ।

No comments