পুলেন্দ্ৰ দাস, বৰপেটা, ২৫ ডিচেন্বৰ : বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হস্পিতালত দীৰ্ঘদিন ধৰি ভুৱা পৰিচয়ৰে ৰোগীক প্ৰবঞ্চনা...
পুলেন্দ্ৰ দাস, বৰপেটা,২৫ ডিচেন্বৰ : বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হস্পিতালত দীৰ্ঘদিন ধৰি ভুৱা পৰিচয়ৰে ৰোগীক প্ৰবঞ্চনা কৰি অহা এজন প্ৰবঞ্চক দালালক হস্পিতাল কৰ্তৃপক্ষই কৰায়ত্ব কৰি আৰক্ষীক গতাই দিয়ে ৷ চিকিৎসালয় কৰ্তৃপক্ষই আৰক্ষীক চমজাই দিয়া প্ৰবঞ্চক দালাল জনৰ নাম ৰমজান আলী ৷ ধৃত দালাল ৰমজান আলীৰ ঘৰ জনীয়াৰ কাদং গাঁৱত ৷ উল্লেখ্য যে, দীৰ্ঘদিন ধৰি চিকিৎসালয়খনত ৰমজান আলীয়ে চিকিৎসা কৰ্মী বুলি পৰিচয় দি ৰোগীৰ পৰা ধন আত্মসাৎ কৰাৰ লগতে বিভিন্ন ক্ষেত্ৰত দালালি কৰি আহিছিল ৷ চিকিৎসক- চিকিৎসা কৰ্মীৰ ইউনিফৰ্ম পিন্ধি ৰোগীক প্ৰবঞ্চনা কৰি আহিছিল ৰমজান আলীয়ে ৷ আজি এজন ৰোগীক অস্ত্ৰোপচাৰ কৰোৱাই দিয়াৰ নামত ৰোগীৰ অভিভাৱকৰ পৰা ধন লৈছিল দালাল ৰমজান আলীয়ে ৷ এই সন্দৰ্ভত গোপন সুত্ৰৰ পৰা তথ্য লাভ কৰাৰ পিচতে চিকিৎসা মহাবিদ্যালয় হস্পিতালখনৰ নৱ নিযুক্ত অধ্যক্ষ তথা মুখ্য অধীক্ষক ডাঃ ৰমেন তালুকদাৰে সুৰক্ষা কৰ্মীৰ সহায়ত প্ৰবঞ্চক দালাল ৰমজান আলীক কৰায়ত্ব কৰি স্থানীয় আৰক্ষী পহৰা চকীৰ আৰক্ষীৰ হাতত গতাই দিয়ে ৷ এই ঘটনাক লৈ সচেতন ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ চিকিৎসা মহাবিদ্যালয় হস্পিতালখনত দীৰ্ঘদিন ধৰি চলি থকা অনিময়, দালালৰাজ বন্ধ কৰাৰ বাবেও নৱ নিযুক্ত অধ্যক্ষ ডাঃ ৰমেন তালুকদাৰক দাবী জনাইছে সচেতন ৰাইজ ৷
No comments