গণবাৰ্তা , ঘগ্ৰাপাৰ ১৩ ডিচেম্বৰ : সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত কালি ঘগ্ৰাপাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বনভাগ মহাবিদ্যালয়ত থকা স্থায়ী শ...
গণবাৰ্তা , ঘগ্ৰাপাৰ ১৩ ডিচেম্বৰ : সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত কালি ঘগ্ৰাপাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বনভাগ মহাবিদ্যালয়ত থকা স্থায়ী শ্বহীদ বেদীৰ সমুখত কা আন্দোলনৰ সময়ৰ শ্বহীদ সকলক সোঁৱৰণ কৰি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে। সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ মুখ্য সাংগঠনিক সম্পাদক হিৰক জ্যোতি শৰ্মাই বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ শুভাৰম্ভ কৰে।উক্ত অনুষ্ঠানত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য বিশ্বজিত সাউদ,ঘগ্ৰাপাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দ্বীপজ্যোতি বৰুৱাকে প্ৰমুখ্য কৰি আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকল,বনভাগ মহাবিদ্যালয় আছু গোটৰ সদস্যসকল উপস্থিত থাকে।একে সময়তে ঘগ্ৰাপাৰ হাইস্কুলত থকা স্থায়ী শ্বহীদবেদীত শ্বহীদসকলক সোঁৱৰণ কৰি বন্তি প্ৰজ্বলন কৰা হয়।
No comments