গণ বাৰ্তা,হাজো,২৩ডিচেম্বৰ: তীৰ্থ নগৰী হাজোৰ গেৰুৱা গাৱঁৰ বিশিষ্ট সংস্কৃত পণ্ডিত বিনোদ চন্দ্ৰ শৰ্মা শাস্ৰী দেৱৰ কালি বিয়লি হৃদ ক্ৰিয়া বন্ধ হ...
গণ বাৰ্তা,হাজো,২৩ডিচেম্বৰ: তীৰ্থ নগৰী হাজোৰ গেৰুৱা গাৱঁৰ বিশিষ্ট সংস্কৃত পণ্ডিত বিনোদ চন্দ্ৰ শৰ্মা শাস্ৰী দেৱৰ কালি বিয়লি হৃদ ক্ৰিয়া বন্ধ হৈ আকস্মিক ভাৱে ইহলীলা সম্বৰণ কৰে !তেওঁৰ মৃত্যুত হাজোৰ বৃহত্তৰ অঞ্চল জুৰি গভীৰ শোকৰ ছাঁ পৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল৭৫ বছৰ ! কৰ্মসূত্ৰে দীৰ্ঘদিন ধৰি নদী দ্বীপ মাজুলীৰ টোলত শিক্ষকতা কৰি পিছলৈ যোৰহাট জিলাৰ বালিগাঁও আৰ্যধৰ্ম ৰক্ষিণী টোলৰ প্ৰধান হিচাপে অৱসৰ গ্ৰহণ কৰে | এসময়ত গেৰুৱা গাৱঁৰ নাট্য অভিনয়ৰ লগত জড়িত শৰ্মা মৃত্যুৰ সময়লৈকে "গেৰুৱা ব্ৰাহ্মণ সমাজ"ৰ অগ্ৰণী পৃষ্ঠপোষক আছিল |তেওঁ গেৰুৱা মনসা মন্দিৰৰ মনিকূট নিৰ্মানৰ ক্ষেত্ৰতো সবল ভূমিকা পালন কৰিছিল | মৃত্যুৰ সময়ত শৰ্মাই পত্নী সহ: দুই পুত্ৰ বোৱাৰী, নাতীনী , ভাই-ভতিজা সহ: অনেক গুণমুগ্ধক ইহ সংসাৰত এৰি থৈ যায় |তেওঁৰ মৃত্যুত কামৰূপ জিলা ব্ৰাহ্মণ সমাজ, পঞ্চতীৰ্থ বৰদেউৰী সমাজ, গেৰুৱা ব্ৰাহ্মণ সমাজে গভীৰ শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।
No comments