Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

এভাৰেষ্ট শৃংগৰ উচ্চতা প্ৰয় ১ মিটাৰ আৰু বৃদ্ধি ঃনেপাল-চীনে যুটীয়াভাৱে কৰিলে প্ৰকাশ

কাঠমাণ্ডু, ৯ ডিচেম্বৰ ঃ বিশ্বৰ সৰ্ববৃহৎ শৃংগ এভাৰেষ্টৰ উচ্চতা প্ৰায় ১ মিটাৰ আৰু বৃদ্ধি পাইছে। নেপাল আৰু চীনে যুটীয়াভাৱে এভাৰেষ্ট শৃংগৰ উচ্চত...

কাঠমাণ্ডু, ৯ ডিচেম্বৰ ঃ বিশ্বৰ সৰ্ববৃহৎ শৃংগ এভাৰেষ্টৰ উচ্চতা প্ৰায় ১ মিটাৰ আৰু বৃদ্ধি পাইছে। নেপাল আৰু চীনে যুটীয়াভাৱে এভাৰেষ্ট শৃংগৰ উচ্চতাৰ জৰীপ চলাই আজি বিশ্ববাসীৰ আগত আনুষ্ঠানিকভাৱে এই কথা অৱগত কৰিছে। পূৰ্বতে এভাৰেষ্ট শৃংগৰ উচ্চতা আছিল ৮,৮৪৮ মিটাৰ। কিন্তু নেপাল আৰু চীনে যুটীয়াভাৱে এভাৰেষ্টৰ জৰীপ চলাই পাইছে যে এই শৃংগৰ উচ্চতা বৰ্তমান হৈছেগৈ ৮,৮৪৮.৮৬ মিটাৰ। অৰ্থাৎ পুৰণি উচ্চতাৰ জৰীপৰ তুলনাত এভাৰেষ্ট শৃংগৰ বৰ্তমানৰ উচ্চতা ৮৬ চেঃমিঃলৈ বৃদ্ধি পাইছে। নেপালৰ ৰাষ্ট্ৰপতি বিদ্যাদেৱী ভাণ্ডাৰীয়ে আজি প্ৰকাশ কৰিছে যে নেপাল আৰু চীনে এভাৰেষ্ট শৃংগৰ উচ্চতাৰ জৰীপ প্ৰক্ৰিয়া সমাপন কৰিছে। এক ঐতিহাসিক ক্ষণ আছিল এই জৰীপ প্ৰক্ৰিয়াৰ সময়ছোৱা। 

এই সময়ছোৱাত পোৱা গৈছে যে এবাৰেষ্ট শৃংগৰ উচ্চতা পূৰ্বৰ তুলনাত বৃদ্ধি পাইছে। এতিয়া এভাৰেষ্ট শৃংগৰ নতুন উচ্চতা হৈছে ৮,৮৪৮.৮৬ মিটাৰ। চীনৰ ৰাষ্ট্ৰপতি ছী জিনপিঙেও এই কথাকে অৱগত কৰিছে। উল্লেখ্য যে মাউণ্ট এভাৰেষ্ট সাগৰমাথা আৰু তিববতত চোম’চুংগমা বুলি কয়। তিববত আৰু নেপাললৈ সম্প্ৰসাৰিত হৈ আছে এভাৰেষ্ট শৃংগ। কিন্তু ইয়াৰ মূল খণ্ডটো নেপালৰ সীমান্ততে আছে। নেপাল আৰু চীনৰ এটা জৰীপকাৰী দলে বিভিন্ন প্ৰান্তত এভাৰেষ্টৰ উচ্চতাৰ ওপৰত জৰীপ কৰিছিল। ২০১৭ত মাউণ্ট এভাৰেষ্টৰ উচ্চতাৰ জৰীপ প্ৰক্ৰিয়া নেপালে আৰম্ভ কৰিছিল। ২০১৫ত নেপালত অহা ভূমিকম্পৰ পিছত এভাৰেষ্টৰ জৰীপ প্ৰক্ৰিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। ভূমিকম্পৰ পিছত বিশ্ববাসীয়ে অৱগত কৰিছিল যে এভাৰেষ্টত ইয়াৰ প্ৰভাৱ পৰিছে। 

No comments