Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

কা বিৰোধী আন্দোলনৰ এটা বৰ্ষ পূৰ্ণ: যোৰহাট আছু আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

গণবাৰ্তা বিশেষ, যোৰহাট ১১ ডিচেম্বৰ: ৰাজ্যত  আৰম্ভ হোৱা কা আনিদোলনৰ আজি এটা বৰ্ষ পূৰ্ণ হ'ল| এই আন্দোলনতেই ৰাজ্যৰ ৫ জনকৈ লোক শ্বহীদ হৈছিল|...


গণবাৰ্তা বিশেষ, যোৰহাট ১১ ডিচেম্বৰ: ৰাজ্যত  আৰম্ভ হোৱা কা আনিদোলনৰ আজি এটা বৰ্ষ পূৰ্ণ হ'ল| এই আন্দোলনতেই ৰাজ্যৰ ৫ জনকৈ লোক শ্বহীদ হৈছিল| আজি আন্দোলনৰ এটা বছৰ পূৰ্ণ হোৱা দিনা ৰাজ্যজুৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰতিবাদী কাৰ্য্যসুচী লোৱাৰ সমান্তৰাল ভাৱে সদৌ অসম ছাত্ৰ সন্থাই ৰাজ্যজুৰি ক'লা দিৱস পালন কৰে| যোৰহাটতো যুৱ ছাত্ৰ পৰিষদে আজি প্ৰতিবাদী কাৰ্য্যসুচী ৰুপায়ন কৰা হয়| চহৰৰ মুল ডাকঘৰৰ সন্মূখৰ পৰা এক প্ৰতিবাদী সমদল বাহিৰ কৰি জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মূখত ধৰ্ণা প্ৰদৰ্শন কৰে| বিভিন্ন চৰকাৰ বিৰোধী শ্ল'গানে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে| ইফালে যোৰহাট জিলা ছাত্ৰ সন্থাৰ উদ্যোগত  আছুৰ আৰু নেছ'ৰ আহবানমৰ্মে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাইজৰ ঐক্যবদ্ধ প্ৰতিবাদক নস্যাৎ কৰি কেন্দ্ৰীয় চৰকাৰে কেৱল মাত্ৰ সংখ্যাৰ জোৰেৰে বলপূৰ্বকভাবে যোৱাবৰ্ষৰ আজিৰ দিনটোতেই জাতিধবংসী 'কা' ৰাজ্যসভাত গৃহীত কৰোৱাৰ প্ৰতিবাদত আৰু 'কা' বাতিলৰ দাবীত আজি সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাই যোৰহাট মহকুমা ছাত্ৰ সন্থাৰ সহযোগত জিলা উপায়ুক্তৰ কাৰ্য্যলয় সন্মুখত ক'লা পতাকা উত্তোলন কৰি ক'লা দিৱস পালন কৰে । সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক জুল খাউণ্ড , সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সভাপতি বিজয় শংকৰ বৰদলৈ , মহকুমা ছাত্ৰ সন্থাৰ সভাপতি বিতোপন বৰা উপস্থিত থকা কাৰ্য্যসূচীটোত শতাধিক আছু কৰ্মীয়ে "সৰ্বানন্দ হায় হায়", " 'কা' মানি লোৱা নহ'ব" , "বিজেপিৰ সাম্প্ৰদায়িক ৰাজনীতি অসমত নচলিব" , "হয় 'কা' বাতিল কৰক , নহ'লে আমাক গ্ৰেপ্তাৰ কৰক" , "জাতিৰ প্ৰতাৰক সৰ্বানন্দ নিপাত যাওঁক" ইত্যাদি শ্লোগানৰে প্ৰতিবাদস্থলীৰ আকাশ-বতাহ কঁপাই তোলে ।  প্ৰতিবাদস্থলীত উপস্থিত থাকি সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক জুল খাউণ্ডয়ে কয় , সাম্প্ৰদায়িক , অসাংবিধানিক , উত্তৰ পূৰ্বাঞ্চল বিৰোধী জাতিধবংশী নাগৰিকত্ব (সংশোধনী) আইন অসমীয়াই মানি লোৱা নাছিল , মানি লোৱা নাই , আৰু কোনেকাৰণতে মানি নলয় । এই ক'লা আইনখন বাতিল নকৰা পৰ্য্যন্ত ছাত্ৰ সন্থাই সংগ্ৰাম অব্যাহত ৰাখিব । প্ৰতিবাদস্থলীত জিলা ছাত্ৰ সন্থাৰ সভাপতি বিজয় শংকৰ বৰদলৈয়ে কয় , কৰ'না মহামাৰীয়ে মানৱ সভ্যতাক কোঙা কৰি পেলোৱাৰ সময়ত যদিও সাময়িকভাৱে জাতীয় জীৱনৰ এই মহাসংগ্ৰামখন স্তিমিত হৈছিল কিন্তু এতিয়া পুনৰ পূৰ্বৰ ৰূপত গণতান্ত্ৰিক পন্থাৰে ধাৰাবাহিকভাৱে চলায় নিয়া হ'ব । যেতিয়ালৈকে জাতিদ্রোহী,বদনৰূপী সৰ্বানন্দ সোণোৱালৰ মন মগজুত অসমীয়াৰ মনৰ কথাবোৰে স্থান নাপায় তেতিয়ালৈকে এই সংগ্ৰাম অবিৰত হ'ব । অন্যথা মুখ্যমন্ত্ৰী সোনোৱালে ৰাজপাটৰ সলনি ফুটপাট দেখিবলৈ সাজু হৈ থাকক । বৰদলৈয়ে লগতে কয় , সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান অনুসৰি এই ক'লা দিৱস পালন কৰাৰ পাছত অহা-কাইলৈ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশমতে সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাই যোৰহাট জিলাৰ উপায়ুক্তৰ কাৰ্য্যলয়ৰ সন্মুখত দিনৰ ১১ বজাৰ পৰা 'কা' বাতিলৰ দাবীৰে আৰু 'কা' আন্দোলনৰ শ্বহীদ সকলৰ হত্যাৰ উচ্চ-পৰ্য্যায়ৰ তদন্তৰ দাবীত 'গণ হুংকাৰ' কাৰ্য্যসূচী ৰূপায়ন কৰিব । উক্ত কাৰ্য্যসূচীত যোৰহাটৰ জাতি,ধৰ্ম,বৰ্ণ,ভাষা,দল,মত নিৰ্বিশেষে সকলোৰে উপস্থিতি কামনা কৰা হ'ল বুলিও সভাপতি গৰাকীয়ে ব্যক্ত কৰে ।

No comments