ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট ,৪ ডিচেম্বৰ : সাংস্কৃতিক ৰাজধানী যোৰহাটত এক নৱ সংযোজন হল এটা অত্যাধুনিক চাউণ্ড ৰেকৰ্ডিং ষ্টুডিঅ 'চাউণ্ড জাংগল । য...
ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট ,৪ ডিচেম্বৰ : সাংস্কৃতিক ৰাজধানী যোৰহাটত এক নৱ সংযোজন হল এটা অত্যাধুনিক চাউণ্ড ৰেকৰ্ডিং ষ্টুডিঅ 'চাউণ্ড জাংগল । যোৰহাট নগৰৰ জেইল ৰোডৰ শংকৰদেৱৰ পথত থকা যোৰহাটৰ গীটাৰ বাদক অংকুৰ শইকীয়াই বহু দিনৰ প্ৰচেষ্টাত গঢ় দিয়া এই ষ্টুডিঅটো আজি তেওঁৰ নৱম বিবাহ বাৰ্ষিকীদিনা শুভ উদ্বোধন কৰে অসমৰ লোক সংস্কৃতিৰ সাধক ,গৱেষক তথা শিক্ষাবিদ ড0 অনিল শইকীয়াই । উক্ত ষ্টুডিঅটো শুভ উদ্ধোধন কৰি তেওঁ কয় যে যোৰহাটৰ বাবে ই এটা শুভ লক্ষণ । এই অত্যাধুনিক ষ্টুডিঅটোত বহু নৱাগত কণ্ঠ শিল্পীয়ে ইয়াত গান সমূহ বাণীবদ্ধ কৰিব পাৰিব । পূৰ্বতে গুৱাহাটী নাইবা বহি ৰাজ্যলৈ যাব লগা হৈছিল । অসম খনৰ চাৰিওফালে কেইবাখনো দেশ তথা ৰাজ্যৰে আগুৰি আছে । বহু গানৰ সুৰ ইতিমধ্যে অসমীয়া গানত সংযোজন হৈছে । সেইহে এই সন্দৰ্ভত ভালকৈ গৱেষণা কৰি সকলো সুৰৰ গীত সমূহ যুগুতাই এই ষ্টুডিঅত সংৰক্ষণ কৰি আগন্তক নৱ প্ৰজন্মক চিনাকি কৰাবলৈ এই ষ্টুডিঅটো এটা খালৈ হিচাৰে ব্যৱহাৰ কৰিবলৈ তেওঁ পৰামৰ্শ দিয়ে ড0 শইকীয়াই । আনহাতে অতিথিৰূপে উপস্থিত থাকি বিশিষ্ট সংগীত প্ৰযোজক তথা শিল্পী জয়ন্ত নাথ, সমাজ কৰ্মী সমীৰণ বৰদলৈ, প্ৰসেনজিত লাহন ,শিৱাণী বৰুৱা ফুকন সহ কেইবাজনো গণ্য মান্য লোক উপস্থিত থাকি শুভেচ্ছামূকল বক্তব্য প্ৰদান কৰে ।
No comments