ৰমজান আলী,উত্তৰ বৰপেটা,৯ ডিচেম্বৰ : উত্তৰ বৰপেটা বিদ্যালয়ৰ গোদামতে পচিলে কুইন্টলে কুইন্টলে মধ্যাহ্ন ভোজনৰ চাউল। এই ঘটনা পোহৰলৈ অহাৰ পিছতেই...
ৰমজান আলী,উত্তৰ বৰপেটা,৯ ডিচেম্বৰ : উত্তৰ বৰপেটা বিদ্যালয়ৰ গোদামতে পচিলে কুইন্টলে কুইন্টলে মধ্যাহ্ন ভোজনৰ চাউল। এই ঘটনা পোহৰলৈ অহাৰ পিছতেই অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । কৰ'না মহামাৰীৰ বাবে সমগ্ৰ দেশত দিয়া লক-ডাউনৰ সময়ত ছাত্ৰ-ছাত্ৰীৰ মাজত চাউল বিতৰণ নকৰাৰ ফলত প্ৰায় পঞ্চাচ কুইন্টল চাউল নষ্ট হয় । প্ৰধান শিক্ষকৰ চৰম হেমাহিৰ বাবে এই ঘটনা সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে স্থানীয় দল সংগঠন আৰু ৰাইজে ।আজি এইলৈ বিদ্যালয় চৌহদত হুলস্থলীয়া পৰিবেশৰ সৃষ্টি হয় । লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী, শিক্ষা বিভাগৰ একাংশ বিষয়াৰ লগতে খাদ্য আৰু অসামৰিক যোগান বিভাগৰ একাংশ বিষয়া । ঘটনা সংক্ৰান্তত তদন্তমুলে প্ৰধান শিক্ষক গৰাকীৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্থানীয় ৰাইজ আৰু আমছুৰ ৰাজ্যিক উপ-সভাপতি আবুল হুছেইনে দাবী জনায় ।
No comments