Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বৰপথাৰত ৰাইজৰ দলৰ সমষ্টি সমিতি গঠন

  গণবাৰ্তা,ধনশিৰি,২৯ ডিচেম্বৰঃ গোলাঘাট জিলাৰ বৰপথাৰত গঠন হল ৰাইজৰ দলৰ সৰুপথাৰ সমষ্টি কমিতি।বৰপথাৰ জ্যোতি বন ৰঙ্গ মঞ্চত প্ৰায় ত্ৰিশতাধিক লোকৰ...


 গণবাৰ্তা,ধনশিৰি,২৯ ডিচেম্বৰঃ গোলাঘাট জিলাৰ বৰপথাৰত গঠন হল ৰাইজৰ দলৰ সৰুপথাৰ সমষ্টি কমিতি।বৰপথাৰ জ্যোতি বন ৰঙ্গ মঞ্চত প্ৰায় ত্ৰিশতাধিক লোকৰ উপস্থিতিত আজি অনুষ্ঠিত হোৱা সভাত অংশগ্রহণ কৰে ছাত্ৰ মুক্তিৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক বিদ্যুৎ শইকীয়া ৰাইজৰ দলৰ গোলাঘাট জিলাৰ সভাপতিৰ লগতে সম্পাদক বিদ্যুৎ মহন্ত আদিয়ে।দীর্ঘ দিনে ৰাষ্ট্রীয় ৰাজনৈতিক দল সমূহে অসমৰ খিলঞ্জীয়া জনতাক কৰি অহা শোষণ আৰু নিষ্পেষণৰ পৰা পৰিত্ৰাণৰ বাবেই জন্ম ৰাইজৰ দলৰ বুলি কয় ছাত্ৰ মুক্তিৰ কেন্দ্ৰীয় সম্পাদক বিদ্যুৎ শইকীয়াই।বৰ্তমানৰ বিজেপি চৰকাৰ খনে ষড়যন্ত মূলক ভাবে অখিল গগৈক কাৰাগাৰত আৱদ্ধ কৰি ৰখা কার্যকো তীব্র সমালোচনা কৰে ছাত্ৰ নেতা গৰাকীয়ে।সভাত বক্তব্য ৰখা প্ৰতিগৰাকী বক্তাই চৰকাৰ বিৰোধী ব্যক্তবৰে উপস্থিত ৰাইজক আকৃষ্ট কৰে।উলিয়াম ভাগোৱাৰক সভাপতি,নৱজ্যোতি বৰা আৰু নিৰঞ্জন বৰাক কাৰ্যকৰী সভাপতি,জীতেন দলে আৰু জয়ন্ত বৰাক যুটীয়া সম্পাদক হিচাপে লৈ ৰাইজৰ দলৰ সৰুপথাৰ সমষ্টিৰ বাবে এখন শক্তিশালী ৫১ জনীয়া সমিতি গঠন কৰে।

No comments