Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বাংগালুৰুত ধৰ্ষণৰ বলি হৈ মৃত্যুবৰণ কৰা বৰপেটাৰ হাউলীৰ ভূক্তভূগী ছাত্ৰীৰ বাসগৃহত বৰপেটাৰ সাংসদ আব্দুল খালেক

দিদাৰ হুছেইন,হাউলী,২০ ডিচেম্বৰঃ বহিঃৰাজ্য বাংগালুৰুত ধৰ্ষণৰ বলিহৈ মৃত্যুবৰণ কৰা হাউলীৰ নগৰঝাৰৰ ভূক্তভূগী ছাত্ৰীৰ বাসভৱনত বৰপেটাৰ সাংসদ আব্দু...


দিদাৰ হুছেইন,হাউলী,২০ ডিচেম্বৰঃ বহিঃৰাজ্য বাংগালুৰুত ধৰ্ষণৰ বলিহৈ মৃত্যুবৰণ কৰা হাউলীৰ নগৰঝাৰৰ ভূক্তভূগী ছাত্ৰীৰ বাসভৱনত বৰপেটাৰ সাংসদ আব্দুল খালেকে আজি আবেলি ৩.৩০ বজাত উপস্থিত হৈ পৰিয়ালৰ লোকক সক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰে । পৰিয়ালক সাক্ষাতৰ পিছতে সাংসদগৰাকীয়ে সাংবাদিক আগত কয় : দোষীক কেবল কৰায়ত্বয়ে নহয় উচিত আৰু নজিৰবিহীন শাস্তি দিব লাগে । যাতে আন কাৰোৰে সৈতে এনে ঘটনা সংঘটিত নহয় । তদুপৰি সংসদ গৰাকীয়ে দোষীক উচিত তদন্তৰ বাবে কৰ্ণাটকৰ ৰাজ্য চৰকাৰক সৈতে যোগাযোগ স্থাপন কৰা বুলি জানিবলৈ দিয়ে । ইয়াৰ উপৰি সাংসদগৰাকীয়ে কয় : ফাৰ্ষ্ট ট্ৰেক আদালতৰ জৰিয়তে বিচাৰ প্ৰক্ৰিয়া সম্পন্ন কৰি দোষীক নজিৰবিহীন শাস্তি দিব লাগে ।

অসমৰ মুখ্যমন্ত্ৰীয়ে বিষয়টোত অধিক গুৰুত্ব দিব লাগিছিল বুলি উল্লেখ কৰি কয় : যাতে উক্ত বিষয়ৰ সম্পৰ্কে কৰ্ণাটকৰ চৰকাৰৰ লগত আমাৰ মুখ্যমন্ত্ৰীয়ে আলোচনা কৰে । উল্লেখ্য যে, যোৱা ১৫ ডিচেম্বৰত গোৱালপাৰাৰ যুৱক আনিছুৰ ৰহমানৰ লগতে আন দুগৰাকী যুৱকে ধৰ্ষণ কৰি হত্যা কৰিছিল হাউলীৰ ছাত্ৰী গৰাকীক  । ইপিনে উক্ত হত্যা কাণ্ডক সদৌ অসম বাঙালী যুৱ ছাত্র ফেডাৰেচনৰ বৰপেটা জিলা সমিতিৰ সভাপতি নীলকান্ত কৰ্মকাৰে তীব্ৰ ভাষাৰে গৰিহনা দিয়াৰ লগতে ইয়াৰ লগত জড়িত আচামী সকলক ফাঁচী দিবলৈ চৰকাৰৰ ওচৰত দাবী জনায় |

No comments