Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

চিৰাঙৰ গৰুভাষাত বিৰ্চা কমাণ্ডো ফৰ্চৰ ২২ সংখ্যক ছহিদ দিৱস পালন

সঞ্জয় সৰকাৰ , কাজলগাঁও , ২০ ডিচেম্বৰ : চৰকাৰৰ লগত যুদ্ধ বিৰতিত থকা আদিবাসী বিদ্ৰোহী সংগঠন বিৰ্চা কামাণ্ডো ফৰ্চৰ ২২ সংখ্যক জাতীয় ছহিদ দিৱস কে...


সঞ্জয় সৰকাৰ , কাজলগাঁও , ২০ ডিচেম্বৰ : চৰকাৰৰ লগত যুদ্ধ বিৰতিত থকা আদিবাসী বিদ্ৰোহী সংগঠন বিৰ্চা কামাণ্ডো ফৰ্চৰ ২২ সংখ্যক জাতীয় ছহিদ দিৱস কেন্দ্ৰীয়ভাবে আজি চিৰাং জিলাৰ গৰুভাষাৰ অন্তৰ্গত ৰাৱণঘাট খেল পথাৰত বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হয় । ছহিদ দিৱসৰ কাৰ্যসূচী অনুসৰি পুৱা ন বজাত উপদেষ্টা বেনেডিক্ট মুৰ্মুই সন্থাৰ পতাকা আৰু মূখ্য সেনাধ্যক্ষ বাদল টুডুয়ে  ছহিদ দিৱসৰ পতাকা উত্তোলন কৰে । চাৰে ন বজাত ছহিদ তৰ্পণৰ আগ ধৰে সংগঠনটোৰ অধ্যক্ষ তিৰ্কু টুডুয়ে ।  দহ বজাত ইঞ্চাৰ্জ কামাণ্ডাৰ লুখু কিস্কুৰ সঞ্চালনাত অনুষ্ঠিত স্মৃতিচাৰণ সভাত যুদ্ধ বিৰত সংগঠনটোৰ অধ্যক্ষ তিৰ্কু টুডয়ে ছহিদসকলক স্মৰণ কৰি কয় যে ১৯৯৬ চনৰ গোষ্ঠী সংঘৰ্ষৰ পিছত জন্ম গ্ৰহণ কৰা বিদ্ৰোহী সংগঠনটোৰ সদস্য জেমছন হাসদা আৰু   মিথুচেলাক বাস্কে  ২০ ডিচেম্বৰ ১৯৯৮ তাৰিখে প্ৰথম ছহিদ হৈছিল । তাৰ পিছৰে পৰা এই দিনটোত সংগঠনটোৱে ছহিদ দিৱস হিছাপে পালন কৰি আহিছে বুলি মন্তব্য কৰে। বিগত বহু বছৰ ধৰি যুদ্ধ বিৰতিত থাকি জাতিটোৰ হকে ন্যায় বিচাৰি চৰকাৰৰ ওচৰত বিভিন্ন সময়ত দাবী উত্থাপন কৰি অহা কথা উল্লেখ কৰি তেওঁ কয় যে এই বিষয়ে ৰাজ্য চৰকাৰ লগত আলোচনা চলি আছে আৰু   চৰকাৰেও সমস্যা সমাধানৰ বাবে  আশ্বাস দিছে। তেওঁ বিগত দিনত জাতিৰ হকে কাম কৰি ছহিদ হোৱাসকলৰ আশা আৰু  আকাংক্ষা পূৰণ হোৱাৰ দিশত বুলি মন্তব্য কৰে। অনুষ্ঠানত মূখ্য সেনাধ্যক্ষ বাদল টুডুৱে  বিগত ২২ বছৰত ছহিদ হোৱা ৫২ গৰাকীকৈ সদস্যসকলৰ আধৰুৱা  সপোনবোৰ বাস্তব কৰাটো আমাৰ কৰ্তব্য বুলি উল্লেখ কৰি ছহিদসকলৰ সপোন বাস্তব নোহোৱা পৰ্যন্ত সংগঠনটোৰ সংগ্ৰাম অব্যাহত থাকিব বুলি স্পষ্ট কৰে। সংগঠনটোৰ মুখ্য উপদেষ্টা বেনাডিক্ট টুডুয়ে বিৰ্চা কমাণ্ডো ফৰ্চৰ সদস্যসকলৰ চৰকাৰৰ পৰা  পাব লগীয়া প্ৰাপ্য খিনি এক চুক্তিৰ জৰিয়তে  শীঘ্ৰে আদায় হ'ব বুলি মন্তব্য কৰে। সভাত আমন্ত্ৰিত অতিথিৰূপে ভাষণ দি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ উপ সভাপতি  সমৰেন্দ্ৰ কিস্কুয়ে  কয় যে ১৯৯৬ চনৰ সংঘৰ্ষত জাতিটোৰ যি অৱস্থা হৈছিল সেই অৱস্থাৰ পৰা জাতিক বচাবলৈ এই সংগঠনৰ জন্ম হৈছিল। এই আণ্ডাৰ গ্ৰাউণ্ড সংগঠনে জাতিটোক আজিৰ শান্তিপূৰ্ণ আৱস্থালৈ অনাত যথেষ্ট অৱদান দিছে বুলি মন্তব্য কৰি তেওঁ  চৰকাৰৰ লগত হ'বলগীয়া শান্তি চুক্তিৰ জৰিয়তে আদিবাসী জনগোষ্ঠীৰ সকলো সমস্যা সমাধান হৈ উন্নয়নৰ বাট মুকলি হ'ব বুলি আশা ব্যক্ত কৰে। উক্ত অনুষ্ঠানত সংগঠনটোৰ উপমূখ্য সেনাধ্যক্ষ বাবুৰাম মুৰ্মু তথা  সাংগঠনিক সম্পাদক মন্ত্ৰী হেম্ব্ৰমৰ উপৰি দুই শতাধিক সদস্যই অংশ লয় । অনুষ্ঠানত যুদ্ধ বিৰত সদস্যসকলে মাৰ্চ পাৰ্ছো প্ৰদৰ্শন কৰে।

No comments