গণ বাৰ্তা ৰাজগড়, ৩১ ডিচেম্বৰ : নীলমণি খনিকৰ গাঁওৰ নিবাসী বিশিষ্ট শিক্ষাবিদ তথা দিল্লীনগৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত সহকাৰী প্ৰধ...
গণ বাৰ্তা ৰাজগড়, ৩১ ডিচেম্বৰ : নীলমণি খনিকৰ গাঁওৰ নিবাসী বিশিষ্ট শিক্ষাবিদ তথা দিল্লীনগৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত সহকাৰী প্ৰধান শিক্ষক তোষেশ্বৰ খনিকৰৰ কালি ৩০ ডিচেম্বৰৰ বিয়লি ২-৫৮ বজাত নিজ বাসগৃহত পৰলোকপ্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮০ বছৰ। বৃহত্তৰ অঞ্চলটোৰ অন্যতম শিক্ষানুষ্ঠান দিল্লীনগৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ অন্যতম প্ৰতিস্থাপক তথা ইংৰাজী বিষয়ৰ এজন পণ্ডিত শিক্ষক তোষেশ্বৰ খনিকৰৰ বিয়োগত অঞ্চলটোত শোকৰ ছা পৰিছে। নিজে প্ৰতিষ্ঠা কৰা বিদ্যালয়খনতে দীর্ঘ দিন কৃতিত্বৰে শিক্ষকতা কৰাৰ অন্তত যোৱা ২০০২ চনত সহকাৰী প্ৰধান শিক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰে। শিক্ষকতাৰ কাৰ্যকালত নীতিনিষ্ঠতা আৰু এজন প্ৰকৃত শিক্ষকৰ আদৰ্শ স্থাপন কৰিবলৈ সক্ষম হোৱা খনিকৰে পৰৱৰ্ত্তী সময়তো স্থানীয় নামঘৰৰ লগত জড়িত হৈ ধৰ্মীয় পৰম্পৰাৰ নেতৃত্ব বহন কৰিছিল। অৱশ্যে পাছলৈ শাৰীৰিক অসুস্থতাত ভুগি দীৰ্ঘদিন চিকিৎসাধীন হ'ব লগীয়া হয়। আৰু কালি সকলোকে কন্দুৱাই নিজ বাসগৃহত তেওঁৰ দেহাবসান ঘটে। মৃত্যুৰ সময়ত তেওঁ পত্নীৰ উপৰি এগৰাকী কন্যা আৰু এজন পুত্ৰসহ ভালেসংখ্যক আত্মীয়-স্বজনক ইহসংসাৰত এৰি গৈছে।
No comments