Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

জুৰীয়াত অৰুনোদয় আচনিত ব্যাপক অনিয়ম, শ শ অস্তিত্বহীন হিতাধিকাৰীৰ নাম চুড়ান্ত তালিকাত অন্তৰ্ভুক্ত

ষ্টাফ ৰিপ'ৰ্টাৰ, নগাঁও, ৯ ডিচেম্বৰ : নগাঁও জিলাৰ জুৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত অধিকাংশ গাঁও পঞ্চায়তত অৰুনোদয় আচনিৰ নামত ব্যাপক সংঘটিত হোৱ...



ষ্টাফ ৰিপ'ৰ্টাৰ, নগাঁও, ৯ ডিচেম্বৰ : নগাঁও জিলাৰ জুৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত অধিকাংশ গাঁও পঞ্চায়তত অৰুনোদয় আচনিৰ নামত ব্যাপক সংঘটিত হোৱাৰ অভিযোগ উঠিছে। প্ৰাপ্ত তথ্য আৰু অভিযোগ অনুসৰি, উন্নয়ন খণ্ডটোৰ অন্তৰ্গত আলিটাঙনী, বলিকটীয়াকে ধৰি একাংশ সম্পূৰ্ণ সংখ্যালঘু মুছলমান লোক অধ্যুষিত গাঁও পঞ্চায়তত কালি প্ৰকাশ পোৱা অৰোনোদয় আঁচনিৰ চুড়ান্ত তালিকাত বহু হিন্দু লোকৰ নাম অন্তৰ্ভুক্ত হৈছে। অকল ইমানেই নহয় গাঁও পঞ্চায়ত কাৰ্যালয়ত আবেদন পত্ৰ দাখিল অথচ বিভাগীয় ভাবে নিৰ্দ্ধাৰণ কৰি দিয়া সংখ্যাতকৈ বহু বেছি পৰিমাণৰ নাম চুড়ান্ত তালিকাসমুহত প্ৰকাশ পাইছে। সেই মৰ্মে আলিটাঙনী গাঁও পঞ্চায়ত কৰ্তৃপক্ষই স্থানীয় লোকৰ আবেদনৰ ওপৰত ভিত্তি কৰি বিভাগীয় ভাবে নিৰ্ধাৰণ কৰি দিয়া সংখ্যা ৪৭৬ জন হিতাধিকাৰীৰ নাম উন্নয়ন খণ্ড বিষয়া কাৰ্যালয়ত দাখিল কৰিছিল যদিও প্ৰকাশিত চুড়ান্ত তালিকাত ৫২৪ জন নাম অন্তৰ্ভুক্ত হৈছে। একেদৰে বলিকটীয়া গাঁও পঞ্চায়তত ৭১২ জনৰ বিপৰীতে আঠ শতাধিক, শিঙিয়া গাঁও পঞ্চায়তত ৫৬৩জনৰ বিপৰীতে ৬৩১ জন হিতাধিকাৰীৰ নাম চুড়ান্ত তালিকাত অন্তৰ্ভুক্ত হৈছে। এইদৰে আবেদন নকৰা বহু অস্তিত্বহীন লোকৰ নাম কৰ পৰা চুড়ান্ত তালিকাত স্থান পালে এয়া ৰহস্যৰ বিষয় বুলি অভিযোগ কৰিছে স্বয়ং উল্লেখিত পঞ্চায়ত কেইখনৰ সভাপতি সকলে। জানিব পৰা মতে, চুড়ান্ত তালিকাত স্থান লাভ কৰা একাংশ হিতাধিকাৰীৰ নামৰ বিপৰীতে উল্লেখ নাই পিতৃ বা স্বামীৰ নাম অথবা ঠিকনা। তদুপৰি, গাঁও পঞ্চায়তৰ সচিব সকলে প্ৰেৰণ কৰা বহু প্ৰকৃত হিতাধিকাৰীৰ নাম চুড়ান্ত তালিকাৰ পৰা কৰ্তন কৰা হৈছে। এই সমগ্ৰ অনিয়ম কাৰ্যত শ‌ইকীয়া উপাধিৰ ঢ়এগৰাকী বিজেপি নেতা জৰিত থকাৰ কথা সৰ্বত্ৰ চৰ্চা লাভ কৰিছে। 

No comments