Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

উন্নয়ন প্ৰাধিকৰনৰ ভূমি প্ৰসংগ: বনিয়াৰ পৰা ভূমি উদ্ধাৰৰ দাবীত উত্তাল যোৰহাট

গণবাৰ্তা বিশেষ, যোৰহাট ৫ ডিচেম্বৰ :  পশ্চিম যোৰহাটৰ কটকী পুখুৰীত থকা উন্নয়ন প্ৰাধিকৰণৰ অধীনস্থ ৰাজহুৱা বাছ আস্থানৰ ১৪ বিঘা,৩ কঠা ১২ লেছা ভূম...

গণবাৰ্তা বিশেষ, যোৰহাট ৫ ডিচেম্বৰ :  পশ্চিম যোৰহাটৰ কটকী পুখুৰীত থকা উন্নয়ন প্ৰাধিকৰণৰ অধীনস্থ ৰাজহুৱা বাছ আস্থানৰ ১৪ বিঘা,৩ কঠা ১২ লেছা ভূমি চূড়ান্ত অনিয়মেৰে এজন অনা অসমীয়া বণিয়াক আবাসীক আৰু ব্যৱসায়ীক প্ৰতিষ্ঠান নিৰ্মাণৰ বাবে চুক্তি কৰি গতাই  দিয়া ঘটনা পোহৰলৈ অহাৰ পিছতে এতিয়া অনা অসমীয়া  ব্যৱসায়ীৰ পৰা ভূমি মোকলাই অনাৰ দাবীত উত্তাল হৈ পৰিছে যোৰহাটৰ বিভিন্ন দল সংগঠন| আজি ৰাইজৰ দল, কৃষক মুক্তি সংগ্ৰাম সমিতি, বীৰ লাচিত সেনা, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, অনুসুচিত জাতি যুৱ ছাত্ৰ পৰিষদ, অনুসুচিত জাতি ছাত্ৰ সন্থা, অনুসুচিত জাতি মহিলা সন্মিলনী, সদৌ কলিতা ছাত্ৰ সন্থা, সদৌ অসম চাহ জনগোষ্ঠী অধিকাৰ সংগ্ৰাম সমিতি, কৃষক অধিকাৰ সংগ্ৰাম সমিতি, পি চি পি ভি, আহোম সেনা, মৰীয়া যুৱ ছাত্ৰ পৰিষদৰ যৌথ উদ্যোগত যোৰহাট উন্নয়ন প্ৰাধিকৰনৰ অধ্যক্ষ প্ৰশান্ত গোস্বামীক বৰ্খাস্ত কৰা লগতে অনা অসমীয়া ব্যৱসায়ী নিতীশ জৈনৰ লগত প্ৰাধিকৰনৰ হোৱা চুক্তি বাতিলৰ দাবীত ধৰ্ণা কাৰ্য্যসুচী ৰূপায়ন কৰা হয়| প্ৰতিবাদকাৰী সকলে কয় যে চৰকাৰী ভূমি চৰকাৰ আৰু জনসাধাৰণৰ বাবে| গতিকে এনে ভূমিত উদ্যোগ স্থাপন কৰি নিবনুৱাক সংস্থাপন দিব লাগে| ইয়াকে নকৰি চৰকাৰী ভূমি নীতিশ জৈনৰ "জৈন'ক মেকানিকেল কনষ্ট্ৰাকচন প্ৰাইভেট লিমিটেড" ক চমজাই দিয়াটো এটা অনৈতিক কাম| উন্নয়ন প্ৰাধিকৰনৰ অধ্যক্ষ প্ৰশান্ত গোস্বামীয়ে অতি গোপন ভাৱে ভূমি অৰ্পন কৰিবলৈ লোৱাৰ সমান্তৰাল ভাৱে যোৰহাট বিধান সভা সমষ্টিৰ বিধায়ক তথা অসম বিধান সভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামী আৰু দেৰগাঁও বিধান সভা সমষ্টিৰ বিধায়ক ভৱেন্দ্ৰ নাথ ভৰালীৰ সন্মতি সাপেক্ষে এই অনৈতিক কাৰ্য্য সম্পাদন হৈছে বুলি তাৎপৰ্য্য পূৰ্ণ অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদকাৰী সকলে| এই ঘটনাৰ উপায়ুক্ত পৰ্য্যায়ৰ তদন্তৰ পৰিবৰ্তে এক উচ্চ স্তৰীয় তদন্তৰ ঘোষনা কৰি দুই বিধায়ককো তদন্তৰ আওতালৈ আনিবলৈ দাবী জনাই ৰাজ্যৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাললৈ এক স্মাৰক পত্ৰ প্ৰদান কৰে প্ৰতিবাদকাৰী সকলে| আনহাতে চৰকাৰী ভূমি যোৰহাট উন্নয়ন প্ৰাধীকৰণে অনা অসমীয়া ব্যৱসায়ীক অবৈধভাৱে গতাই দিয়াৰ প্ৰতিবাদত আজি সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাই মানৱ শৃংখলেৰে বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ দুই শতাধিকতকৈও অধিক ছাত্ৰকৰ্মী উপস্থিত থকা প্ৰতিবাদী কাৰ্যসূচীটোত 'জে.ডি.এ হাই হাই ' , ' অসমত  বহিৰাগত ব্যৱসায়ীৰ দপদপনি নছলিব ' , ' হিতেন গোস্বামী মূর্দাবাদ ' ,  ' হিতেন গোস্বামীৰ তথাকথিত নিকা চৰিত্ৰ উদং খালে ' , ' অসমৰ মাটিত কেৱল অসমীয়াৰ আধিপত্য থাকিব ' , ' নিবনুৱাক বঞ্চনা সহ্য কৰা নহ'ব '  , ' যান-জঁট সমস্যা সমাধান কৰক ' ইত্যাদি শ্ল'গানেৰে প্ৰতিবাদস্থলীৰ আকাশ-বতাহ কঁপাই তোলে । প্ৰতিবাদস্থলীত উপস্থিত থাকি সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক জুল খাউণ্ডে কয় , যোৰহাটৰ যান-জঁট সমস্যা সমাধানৰ স্বাৰ্থত ১৯৯৮ চনতেই যোৰহাট উন্নয়ন প্ৰাধীকৰণে এইখিনি মাটিত ৰাজহুৱা বাছ আস্থান নিৰ্মাণৰ কুজকাৱাজ চলাইছিল । তাৰ পৰৱৰ্তী পৰ্যায়ত ২০০১ চনত সেইসময়ত অৰ্থনৈতিক অৱস্থাৰ শোচনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি হাউছিং এণ্ড আৰ্বান ডেভেলপমেণ্ট কৰ্পৰেচন চমুকৈ 'হাডকো'ৰ পৰা প্ৰায় ১১ কোটি টকাৰ প্ৰকল্পৰ প্ৰতিবেদন জমা দি ঋণৰ প্ৰথম কিস্তি মুকলাই আনিছিল । কিন্তু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত যোৰহাট উন্নয়ন প্ৰাধীকৰণৰ কেইবাজনো অধ্যক্ষ সলনি হ'ল তাৰ ফলশ্ৰুতিত সমগ্ৰ প্ৰকল্পটো এটা বগা হাতীত পৰিণত হ'ল । চাৰিশ দোকানঘৰ আৰু একেলগতে ডেৰশখনকৈ বাছ পাৰ্কিংৰ সুবিধা থকা এই প্ৰকল্পটো একপ্ৰকাৰ পৰিত্যক্ত প্ৰকল্পলৈ ৰূপান্তৰিত হ'ল । বিভিন্ন সময়ত ছাত্ৰ সন্থাই যোৰহাটৰ যান-জঁট সমস্যাৰ স্থায়ী সমাধানৰ কাৰণে সকলো চৰকাৰী কৰ্তৃপক্ষক দাবী জনাই আহিছে যদিও আজি পৰ্যন্ত কোনো সুফল নাপালে ।  দিনকদিনে ভয়াবহ ৰূপ ধাৰণ কৰা এই যান-জঁট সমস্যা যোৰহাটৰ নাগৰিকৰ বাবে এক চিন্তাৰ কাৰণ হৈ পৰিছে । ইয়াৰ পাছতো উন্নয়ন প্ৰাধীকৰণৰ দৰে গুৰুত্বপূৰ্ণ বিভাগে ৰাজহুৱা বাছ আস্থানৰ পুনৰনিৰ্মাণৰ কাম আৰম্ভ নকৰি শেহতীয়াকৈ অবৈধভাৱে আবাসিক প্ৰকল্পৰ বাবে এইডোখৰ মাটি এজন বহিৰাগত বণিয়াক চমজাই দিছে যিটোত সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ তীব্ৰ বিৰোধিতা আছে আৰু এই চুক্তিখন বাতিল নকৰা পৰ্যন্ত বিৰোধিতা কৰি যাব । প্ৰতিবাদস্থলীত উপস্থিত থাকি সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সভাপতি বিজয় শংকৰ বৰদলৈয়ে কয় , কৰ'ণা মাহমাৰীয়ে সমগ্ৰ বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা মানৱ সভ্যতাৰ এই জটিল সন্ধিক্ষণত পূৰ্ণোদ্যমে লকডাউন চলি থকাৰ সময়ত যোৱা  ১ জুলাই তাৰিখে যোৰহাট উন্নয়ন প্ৰাধীকৰণে এটা ৱেবছাইট মুকলি কৰে । এই ৱেবচাইটোত তেওঁলোকে এখন কটেচনযোগে জনাই যে কোনো ইচ্ছুক ব্যক্তিয়ে  ৰাজহুৱা বাছ আস্থানটো পুনৰনিৰ্মাণ কৰিবৰ বাবে আবেদন কৰিব পাৰে । কিন্তু এই কটেচন খনত আবাসিক এলেকা নিৰ্মাণ ইত্যাদি সন্দৰ্ভত কোনোধৰণৰ নিৰ্দেশ উল্লেখ নাছিল । আৰু সেই অনুসৰি যোৰহাটৰ এখন ব্যৱসায়ী নিতেশ জৈনে কেৱল  কটেচনৰ মূল্য হিচাপে ২৫০০ টকা মূল্য জমা দিয়ে আৰু আবেদন কৰাৰ পাছত তেখেতে নিবিদা লাভ কৰে । আমি আশ্চৰ্যবোধ কৰিছোঁ যে, যিহেতু প্ৰাধীকৰণে নিবিদা আহ্বান কৰা নাছিল কটেচন হে দিছিল তেনেস্থলত কিহৰ ভিত্তিত নিতেশ জৈন নামৰ বহিৰাগত ব্যৱসায়ীজনে নিবিদা লাভ কৰিলে । আৰু যোৱা ৬ অক্টোবৰ তাৰিখে যোৰহাট উন্নয়ন প্ৰাধীকৰণত লগত চুক্তিবদ্ধ হ'ল আৰু এই চুক্তিত উল্লেখ আছে যে নিতেশ জৈনে তাত দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকসকলৰ বাবে আবাসিক এলেকা , চিনেমা হল আদি নিৰ্মাণ কৰিব পাৰিব । অতি আশ্চৰ্যকৰ বিষয় যে যিখন পাৱাৰ অৱ এটৰ্ণী জে.ডি.এ কৰ্তৃপক্ষই নিতেশ জৈনক দিছে সেইখন পাৱাৰ অৱ এটৰ্ণী হৈছে সম্পূৰ্ণৰূপে ই ৰিভকেবল । অৰ্থাৎ যিখন কেতিয়াও সাল-সলনি কৰিব নোৱাৰে । তাৰ লগে লগে এই পাৱাৰ অৱ এটৰ্ণী অনুসৰি এই মাটিডোখৰৰ চুপাৰ বিল্ডআপ এলেকাত ব্যৱসায়ীজনৰ ৮০ শতাংশ আৰু জে.ডি.এৰ ২০ শতাংশ আৰু বাণিজ্যিক এলেকাত ব্যৱসায়ী জনৰ ৭৭ শতাংশ আৰু জে.ডি.এ ৰ ২৩ শতাংশ অংশীদাৰিত্ব থাকিব । অৰ্থাৎ যোৰহাট উন্নতন প্ৰাধীকৰণ প্ৰায় ৬০ কোটি টকা বজাৰ মূল্যৰ এই মাটিডোখৰ অনায়াসে এজন অনা অসমীয়া ব্যৱসায়ীক গতাই দি  অবৈধভাৱে তাত আবাসিক কলনী নিৰ্মাণ কৰিব বিচাৰিছে । এইটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে । এই সন্দৰ্ভত প্ৰাধীকৰণৰ এগৰাকী  সন্মানীয় সদস্য হৈছে যোৰহাট বিধানসভা সমষ্টিৰ বিধায়ক তথা অসম বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামী । বৰদলৈয়ে বিধায়কগৰাকীক তীক্ষ্ণ সমালোচনা কৰি কয় যে বিধায়কগৰাকীয়ে কৈছে যে  তেখেতৰ এই সন্দৰ্ভত কোনো তথ্য নাই । বৰদলৈয়ে কয়, বিধায়ক গৰাকীয়ে নিজৰ ন্যস্তস্বাৰ্থ সিদ্ধিৰ বাবে কাৰোবাক ৰক্ষণাবেক্ষণ দিয়াৰ স্বাৰ্থত অৱগত নহয় বুলি টুলুঙা মন্তব্য কৰিছে নেকি ? হিতেন্দ্ৰনাথ গোস্বামীৰ দায়বদ্ধতা ,  দায়িত্বজ্ঞান নাই নেকি ? হিতেন্দ্ৰনাথ গোস্বামী আৰু দেৰগাঁও সমষ্টিৰ বিধায়ক ভবেন্দ্ৰনাথ ভৰালীৰ সম্পূৰ্ণ জ্ঞাতে এই চুক্তিখন সম্পাদিত হৈছে বুলি যোৰহাট উন্নয়ন প্ৰাধীকৰণে সংবাদমেলযোগে ৰাজহুৱা কৰিছে । গতিকে তেনে ক্ষেত্ৰত দুয়োজন বিধায়কে নিজকে নিকা দেখুৱাই দম্ভালি মাৰি ফুৰিব নালাগে ৷ প্ৰতিবাদস্থলীত জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দীপ দত্তই কয়,যোৰহাটৰ বিধায়কে কৈছে যে তেওঁ হেনো তদন্ত দিছে,আমি স্পষ্টভাবে জনাওঁ তদন্ত তেখেতে দিয়া নাই,তদন্ত যোৰহাট যোৰহাট জিলাৰ সন্মানীয় উপায়ুক্ত মহোদয়াৰ তৰফৰ পৰাহে দিয়া হৈছে ৷ এই তদন্ত হ'ব লাগিব,তদন্তৰ জড়িয়তে কোনে কাক মাটি অবৈধভাৱে গতাইছে,এই কথাবোৰ স্পষ্ট হ'ব লাগিব ৷ এই স্পৰ্শকাতৰ বিষয়টোৰ লগত যোৰহাট যানজঁট আৰু নিবনুৱা সমস্যাৰ ভৱিষ্যত জড়িত হৈ আছে,গতিকে এনে এটা স্পৰ্শকাতৰ বিষয়ত কোনোবাই ন্যস্ত স্বাৰ্থ সিদ্ধিৰ বাবে কৰা সিদ্ধান্ত মানি লোৱা নহ'ব আৰু স্পষ্টভাষাৰে আমি ক'ব বিচাৰিছোঁ যে যোৰহাটৰ নিবনুৱা সমস্যা সমাধান হ'বই লাগিব আৰু যানজঁট সমস্যা সুপৰিকল্পিত ব্যৱস্থাৰে সমাধান হ'বই লাগিব ৷ এইক্ষেত্ৰত কোনোবা বহিৰাগতক কোনোবাই অবৈধভাবে মাটি গতাই দিব,সেইয়া ছাত্ৰ সন্থাই কোনোকাৰণতে সহ্য নকৰে,আহিবলগীয়া দিনত ছাত্ৰ সন্থাই এই বিষয়টোক লৈ ধাৰাবাহিকভাবে প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰিব বুলিও সম্পাদকগৰাকীয়ে ব্যক্ত কৰে ৷ আজিৰ প্ৰতিবাদী কাৰ্য্যসূচীটোত জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা ৰাজীৱ বৰা,উপ-সভাপতি সংকল্প গগৈ,অৰ্জুনমনি ভূঞা,সহকাৰী সাধাৰণ সম্পাদক অৰিন্দম শইকীয়া,যোৰহাট মহকুমা ছাত্ৰ সন্থাৰ সভাপতি বিতোপন বৰা আদিয়ে অংশগ্ৰহণ কৰে ৷

No comments