Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

অময়াপুৰৰ বেংক ডকাইতিৰ লগত জড়িত; নলবাৰীৰ আৰক্ষীৰ জালত মহিলাসহ ডকাইতৰ ১০ জনীয়া গেংগ

এম মহিবৰ ৰহমান, নলবাৰী, ১৬ ডিচেম্বৰঃ নলবাৰীত ডকাইতৰ গেংগক আটক৷ ডকাইতৰ গেংগটোত আছে এগৰাকী মহিলা ডকাইতও৷অময়াপুৰৰ  বেংক ডকাইতৰ লগত জড়িত ১০ ডকাই...


এম মহিবৰ ৰহমান, নলবাৰী, ১৬ ডিচেম্বৰঃ নলবাৰীত ডকাইতৰ গেংগক আটক৷ ডকাইতৰ গেংগটোত আছে এগৰাকী মহিলা ডকাইতও৷অময়াপুৰৰ  বেংক ডকাইতৰ লগত জড়িত ১০ ডকাইতক আটক কৰিছে নলবাৰীৰ আৰক্ষীয়ে ৷ নলবাৰীৰ উপ আৰক্ষী অধীক্ষক আছিফ আহমেদ, নলবাৰী সদৰ আৰক্ষী বিষয়া তপন কলিতা আৰু ঘগ্ৰাপাৰ থানাৰ আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীৰ  নেতৃত্বত এটা বৃহৎ আৰক্ষীৰ দলে অসমৰ ভিন্ন স্থানৰ পৰা যোৱা কিছুদিনত ১০ জনকৈ ডকাইতক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ যোৱা নিশা নলবাৰীৰ আৰক্ষীয়ে আটক কৰে চাৰিটা ডকাইত৷  ধৃত ডকাইত কেইটা হ'ল কামৰূপৰ ফজল হক, নিৰ্মল দাস, ৰুমী পাটোৱাৰী আৰু আইতুল্লাহ আলী৷ইয়াৰ পূৰ্বে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল মুকালমুৱাৰ কৰন আলী, বাদশ্বাহ আলী, ৰমজান আলী৷ ওদালগুৰিৰ বাসুদেৱ ব্ৰহ্ম আৰু কিনাৰাম বসুমতাৰী৷ ডকাইতৰ গেংগটোৰ পৰা  চাৰাচকীয়া বাহন, দুচকীয়া বাহন, পিষ্টল, সজীৱ গুলি, মোবাইল, নগদ ধনকে ধৰি সোন আদি উদ্ধাৰ কৰে আৰক্ষীয়ে৷ ডকাইত কেইজন অসমৰ বিভিন্ন ডকাইতি কাণ্ডৰ লগত জড়িত হোৱাৰ তথ্যও আৰক্ষীয়ে লাভ কৰিছে ৷উল্লেখযোগ্য যে যোৱা ২০ নৱেম্বৰত নলবাৰীৰ  অমায়াপুৰৰ পাঞ্জাৱ নেচনেল বেংকত ডকাইতি সংঘটিত হোৱাৰ পিছত নলবাৰী আৰক্ষীয়ে এই ডকাইতৰ বিৰুদ্ধে তীব্ৰতৰ অভিযান চলাই বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ৷

No comments