Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

যোৰহাটৰ নেইষ্টত বন ধ্বংসত লাগিল সঞ্চালক, সঞ্চালকৰ বিৰুদ্ধে বন বিভাগৰ গোচৰ : জব্দ কৰিলে মূল্যবান কাঠ, সাংবাদিক, পৰিবেশ কৰ্মীক অভব্য আচৰণ বিজ্ঞানীৰ

  গণবাৰ্তা বিশেষ,যোৰহাট, ২৪ ডিচেম্বৰ : ভাৰত চৰকাৰৰ পৰিৱেশ মন্ত্ৰালয়ে সমগ্ৰ দেশত পৰিবেশ প্ৰদূষণৰ বিৰুদ্ধে বে-আইনীভাৱে গছ-গছনি নাকাটিবৰ বাবে ...

 


গণবাৰ্তা বিশেষ,যোৰহাট, ২৪ ডিচেম্বৰ : ভাৰত চৰকাৰৰ পৰিৱেশ মন্ত্ৰালয়ে সমগ্ৰ দেশত পৰিবেশ প্ৰদূষণৰ বিৰুদ্ধে বে-আইনীভাৱে গছ-গছনি নাকাটিবৰ বাবে যি নিৰ্দেশনা জাৰি কৰিছে ঠিক তেনে নিৰ্দেশনাক অংগুষ্ঠ প্ৰদৰ্শন কৰি খোদ কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ এটা কাৰ্যালয়ত গোপনে চলি আছে বন ধ্বংসৰ অভিযান । যিসমূহ গছে প্ৰতিষ্ঠানটোৰ সৌন্দৰ্য্য বৃদ্ধি আৰু পৰিবেশ সৃষ্টিত বহন কৰি আছে এক ঐতিহ্য । উল্লেখ্য যে, যোৰহাটস্থ উত্তৰ পূৱ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান চমুকৈ নেইষ্টৰ চৌহদত প্ৰতিষ্ঠানটোৰ সঞ্চালক ড• নৰহৰি শাস্ত্ৰীৰ মুখ্য পৃষ্ঠপোষকতাতে বন ধ্বংস চলা বুলি অভিযোগ উত্থাপন হৈছে । ঘটনাৰ বিৱৰণী অনুসৰি নেইষ্ট চৌহদত ৮০-৯০ দশকতে ৰোপন হোৱা গছ-গছনিৰ একাংশ মূল্যৱান গছ ৰোপণে বে-আইনীভাৱে কাটি থকাৰ খবৰ লাভ কৰে পশ্চিম যোৰহাট প্ৰেছ ক্লাবৰ সম্পাদক মৃদুল হাজৰিকাই আৰু যোৰহাটৰ পৰিৱেশকৰ্মী জিতু কলিতাই । গোপন খবৰ লাভ কৰাৰ পাছত দুয়োগৰাকী ব্যক্তি নেইষ্ট চৌহদলৈ যোৱাৰ লগে লগে গোপন বন ধ্বংসৰ ঘটনা পোহৰলৈ আহে । ইয়াৰ পিছত যোৰহাট জিলা বন বিভাগক গছ কটাৰ বিষয়ে সবিশেষ জনোৱাত বন বিভাগৰ এটা দল নেইষ্টত উপস্থিত হয় । বন ধ্বংসস্থলী পোৱাৰ পাছতে পোহৰলৈ আহে বে-আইনীভাৱে চলা এই দুষ্কাৰ্যৰ ঘটনা । মন কৰিবলগীয়া যে, বন বিভাগে ইতিমধ্যে নেইষ্টৰ সঞ্চালকৰ বিৰুদ্ধে গোচৰ এটা তৰে আৰু মূল্যৱান গছ জব্দ কৰে । লক্ষণীয় যে, নেইষ্টৰ চৌহদত ৮০-৯০ দশকতে সেইসময়ৰ বিজ্ঞানী ড• দীনেশ চন্দ্ৰ গোস্বামীৰ প্ৰায় পাঁচ হেজাৰ গছ ৰোপণ কৰিছিল । সেই গছবোৰৰে একাংশ কাটি তহিলং কৰিছে । আনকি এই গছ কটাৰ বাবে বন বিভাগৰ অনুমতি ল'ব লাগে । কিন্তু কোনো অনুমতি নোলোৱাকৈয়ে প্ৰায় ৫০-৬০ জোপা সৰু বৰ গছ কাটে । নেইষ্টৰ ভিতৰত বাহিৰা কোনো লোক সোমাব নোৱাৰে বাবে এনেধৰণৰ চলি থকা দুষ্কাৰ্যবোৰ গোপনে থাকি যায় । যাৰ বাবে নেইষ্টত এতিয়া একাংশ স্বাৰ্থলোভী বিজ্ঞানীৰ সহযোগত স্বয়ং সঞ্চালকে এনেধৰণৰ অনিয়মৰ ঘটনা সংঘটিত কৰি আহিছে । আজি এই বন ধ্বংসৰ ঘটনা পোহৰলৈ অনা সাংবাদিক আৰু পৰিবেশ কৰ্মীক নেইষ্টৰ জ্যেষ্ঠ বিজ্ঞানী ড• সঞ্জয় দেউৰীয়ে অভব্য আচৰণ কৰে । ড• দেউৰীয়ে নেইষ্টত সোমাই সাংবাদিক আৰু পৰিবেশ কৰ্মীক মোবাইলেৰে ফটো লোৱাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰে আৰু আৰক্ষীক লগাই ধৰি নিয়া হ'ব বুলি ‌ভাবুকি প্ৰদান কৰে । তাৎপৰ্যপূৰ্ণ যে কাইলৈ বৰদিন উপলক্ষে নেইষ্টৰ চৌহদত আজি নিশা আয়োজন কৰিছে এক বিশেষ সাংস্কৃতিক কাৰ্যসূচীৰ । আজি নিশা হোৱা সাংস্কৃতিক অনুষ্ঠানৰ কাষতে থকা ১১ জোপা গছ আজি কাটি দিয়ে । গোপন সূত্ৰে জানিব পৰা মতে, নেইষ্টৰ সঞ্চালক ড• নৰহৰি শাস্ত্ৰীৰ নিৰ্দেশতে জে চি বি লগাই গছবোৰ মূৰ্হুততে তহিলং কৰি দিয়ে । অৱশ্যে আজি কটা তিনিজোপা শিচু, এজোপা ক'ৰৈ, কদম, শিমলুৰ কেইবাটাও কুণ্ডা বন বিভাগে জব্দ কৰে । এই ঘটনাক কেন্দ্ৰ কৰি নেইষ্ট চৌহদত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয় । সমগ্ৰ ঘটনা প্ৰচাৰৰ বাবে যোৱা যোৰহাটস্থিত সাংবাদিককো নেইষ্টৰ চৌহদত প্ৰৱেশত বাধা দিয়ে । অবৈধ আৰু নীতিবহিভূতভাৱে বন ধ্বংস কৰা কাৰ্যৰ বিৰুদ্ধে আজি গৰিহণা দিয়ে যোৰহাট জিলা পৰিবেশ মঞ্চ, পশ্চিম যোৰহাট সাংবাদিক সংস্থা আৰু অসম বিজ্ঞান সমিতিৰ যোৰহাট শাখাই । আনহাতে, এই সমস্ত দুষ্কাৰ্যৰ সম্পৰ্কত কেন্দ্ৰীয় চৰকাৰৰ পৰিৱেশ মন্ত্ৰালয়, অসমৰ মুখ্যমন্ত্ৰী আৰু বনমন্ত্ৰীলৈ লিখিত আৱেদনৰ ব্যৱস্থা কৰে পশ্চিম যোৰহাট সাংবাদিক সংস্থাই । নেইষ্টৰ দৰে এক উচ্চ গৱেষণা প্ৰতিষ্ঠানত এনে বে-আইনী কাণ্ডৰ বাবে সকলোৱে এক মুখে গৰিহণা দিছে ।

No comments