গণবাৰ্তা বিশেষ, ধুবুৰী,১০ ডিচেম্বৰঃ ধুবুৰী বন সংমণ্ডলৰ ডিএফঅ’ বিজয় পালভেৰ নিৰ্দেশ মৰ্মে আজি ৰাতিপুৱা ধুবুৰী ফৰেষ্ট প্ৰটেকচন ফৰ্চৰ ৰেনজাৰ ...
গণবাৰ্তা বিশেষ, ধুবুৰী,১০ ডিচেম্বৰঃ ধুবুৰী বন সংমণ্ডলৰ ডিএফঅ’ বিজয় পালভেৰ নিৰ্দেশ মৰ্মে আজি ৰাতিপুৱা ধুবুৰী ফৰেষ্ট প্ৰটেকচন ফৰ্চৰ ৰেনজাৰ বি কে নাথৰ নেতৃত্বত যোৱা বন বিভাগৰ এটি দলে বন সংমণ্ডলটোৰ হাটশিঙিমাৰী বন কাৰ্যালয়ৰ অধীনস্থ পিপুলবাৰী, কালো নদীৰ পাৰ ঘাট এলেকাকে ধৰি কেবাটাও ঠাইত অভিযান চলাই চাৰিটা অবৈধ কাঠ ফলা মিল জব্দ কৰাৰ লগতে বহু মূল্যৱান কাঠ জব্দ কৰাৰ বাতৰি পোৱা গৈছে। বন বিভাগৰ দলটোৱে অভিযান চলোৱাৰ সময়ত চোৰাং কাঠৰ বেপাৰীৰ দলটো পলাই যাবলৈ সক্ষম হয় যদিও বন বিভাগৰ দলটোৱে চাৰিটা অবৈধ কাঠ ফলা মিলৰ যন্ত্ৰাংশ, অবৈধ ভাবে নৈৰ পৰা বালি সংগ্ৰহ কৰা তিনিটা মেচিনকে ধৰি আনুমানিক প্ৰায় ৩ লক্ষাধিক টকাৰ কাঠ আৰু সামগ্ৰী জব্দ কৰি হাটশিঙিমাৰী ফৰেষ্ট ৰেঞ্জ অ'ফিচত জমা দিছে বুলি জানিব পৰা গৈছে। ইপিনে বন বিভাগৰ ঊৰ্ধতন কৰ্তৃপক্ষই আজি কৰ্তব্যত অৱহেলা কৰাৰ বাবে হাটশিঙিমাৰী ফৰেষ্ট ৰেঞ্জ অফিচৰ দুজন বন কৰ্মী ক্ৰমে ফৰেষ্ট গাৰ্ড মোক্তাদিৰ শ্বাহ আৰু ফৰেষ্টাৰ জাহাংগীৰ আলমক তৎকালে বলৱৎ হোৱাকৈ নিলম্বন কৰা হৈছে বুলি বন বিভাগৰ সূত্ৰ এটিয়ে জনাইছে।
No comments