ষ্টাফ ৰিপৰ্টাৰ, মঙলদৈ, ১২ ডিচেন্বৰ : বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ দৰং জিলা সমিতি আৰু দৰং জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যুটীয়া উদ্যোগত আজি &...
ষ্টাফ ৰিপৰ্টাৰ, মঙলদৈ, ১২ ডিচেন্বৰ : বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ দৰং জিলা সমিতি আৰু দৰং জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যুটীয়া উদ্যোগত আজি 'কা' আন্দোলনৰ পঞ্চ শ্বহীদলৈ শত শত প্ৰণাম শীৰ্ষক 'জাতীয় গৰ্জন' কায্যসুচী ৰূপায়ণ কৰা হয় । মঙলদৈ নগৰৰ মাজমজিয়াৰ মঙলদৈ হস্পিতাল ৰোডত এই কাৰ্যসূচী পালন কৰা হয় । উল্লেখ্য যে ২০১৯ বৰ্ষৰ ১২ ডিচেম্বৰত ৰাজ্যজুৰি চলা 'কা' আন্দোলনত দীপাঞ্জল দাস, চেম ষ্টেফৰ্ড, দ্বীজেন্দ্ৰ পাংগিং, ঈশ্বৰ নায়ক আৰু আব্দুল আলীম নামৰ পাচ গৰাকী লোক শ্বহীদ হৈছিল। এই শ্বহীদ সকলৰ মৃত্যুৰ আজি এবছৰ পূৰ্ণ হল । শ্বহীদ সকলৰ মৃত্যুৰ এবছৰ পূৰ্ণ হোৱা উপলক্ষে মঙলদৈত অসমীয়া যুৱ মঞ্চ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে যৌথ ভাবে এই প্ৰতিবাদী কায্যসুচী ৰূপায়ন কৰে। 'কা' আন্দোলনত শ্বহীদ হোৱাৰ পাচগৰাকী শ্বহীদৰ ফটোৰ সন্মুখত চাকি-বন্তি জ্বলাই 'কা' আমি নামানো, কা আমি কেতিয়াও বলবৎ হব নিদিও ,শ্বহীদক আমি পাহৰা নাই ,নাপাহৰো আদি ধ্বনিৰে প্ৰতিবাদস্থলী কপাই তোলে প্ৰতিবাদকাৰী সকলে । প্ৰতিবাদকাৰী সকলে কয় যে অসমীয়া জাতি সত্বাক থান-বান কৰিব পৰা এই আইন কোনো কাৰণতেই অসমৰ ৰাইজে গ্ৰহণ নকৰে ।
No comments