ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী, ৭ ডিচেম্বৰ ঃ নিত্য ব্যৱহাৰযোগ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে এতিয়া সৰ্বসাধাৰণ ৰাইজক জলা-কলা খুৱাবলৈ আৰম্ভ কৰিছ...
ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী, ৭ ডিচেম্বৰ ঃ নিত্য ব্যৱহাৰযোগ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে এতিয়া সৰ্বসাধাৰণ ৰাইজক জলা-কলা খুৱাবলৈ আৰম্ভ কৰিছে। বিশেষকৈ আলু আৰু পিঁয়াজৰ মূল্যবৃদ্ধিয়ে এতিয়া মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্ত পৰিয়ালক অতিষ্ঠ কৰি তুলিছে। সম্প্ৰতি পিঁয়াজৰ মূল্য প্ৰতিকিলোত ৫০-৭০ টকালৈ বৃদ্ধি হোৱা পৰিলক্ষিত হোৱাৰ বিপৰীতে আলু ৪০-৫০ টকালৈ বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। কিন্তু মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কোনোধৰণৰ আগ্ৰহ দেখুওৱা নাই মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ যোগান বিভাগে। কেৱল আলু-পিঁয়াজেই নহয়, শাক-পাচলিৰো আকাশলংঘী মূল্যই এতিয়া সকলোকে জলা-কলা খুৱাইছে। বিশেষকৈ গুৱাহাটীৰ বজাৰত খুচুৰা আৰু পাইকাৰী বিক্ৰেতাই শাক-পাচলিৰ মূল্যবৃদ্ধি ঘটাত গ্ৰাহকসকল অতিষ্ঠ হৈ পৰা পৰিলক্ষিত হৈছে।
সম্প্ৰতি গুৱাহাটীৰ বজাৰত মটৰ প্ৰতিকিলোত ১৬০-১৭০ টকা, বন্ধাকবি প্ৰতিকিলোত ৫০-৬০ টকা, গাজৰ প্ৰতিকিলোত ৫০-৬০ টকা, বিলাহী প্ৰতিকিলোত ৮০-৯০ টকা, জলকীয়া প্ৰতিকিলোত ২০০ টকাত বিক্ৰী হৈ আছে। লক্ষণীয় যে মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত আজিকোপতি যোগান বিভাগে বিহিত ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। তাৰ বিপৰীতে যোগান মন্ত্ৰীয়ে দায়সৰা তথা বহতীয়া মন্তব্যৰে সমস্যালৈ পিঠি দিয়া পৰিলক্ষিত হৈছে। উল্লেখ্য যে আজিও বৰপেটাৰ সাংবাদিকৰ আগত যোগান মন্ত্ৰীয়ে মূল্যবৃদ্ধি ঘটা নাই বুলি উল্লেখ কৰি সম্প্ৰতি মূল্য হ্ৰাস হোৱা বুলিহে মন্তব্য কৰে।
যোগান মন্ত্ৰীগৰাকীৰ এনেধৰণৰ মন্তব্যই মূল্যবৃদ্ধিৰ সমস্যাক লৈ যেন জাতি-মাটি-ভেটিৰ চৰকাৰ কোনো কাৰণতে চিন্তিত নহয় সেয়া পৰিলক্ষিত হৈছে। লক্ষণীয় যে পাইকাৰী বিক্ৰেতাই মূল্যবৃদ্ধি ঘটোৱাৰ ফলতে শাক-পাচলিৰ অভাৱনীয় হাৰত মূল্যবৃদ্ধি ঘটিছে গুৱাহাটী মহানগৰীত। আনহাতে একাংশ অসাধু ব্যৱসায়ীয়ে ভঁৰালত আলু-পিঁয়াজ মজুত কৰি কৃত্ৰিম নাটনিৰ সৃষ্টি কৰাৰ পিছতে পিঁয়াজ আৰু আলুৰ মূল্যবৃদ্ধি আৰম্ভ হৈছে যদিও এনে ব্যৱসায়ীক নাকী লগোৱাৰ ক্ষেত্ৰত কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই।
উল্লেখ্য যে প্ৰতিবছৰে বছৰৰ অন্তিমটো সময়ত আলু আৰু পিঁয়াজৰ মূল্যবৃদ্ধি হোৱা পৰিলক্ষিত হয়। একমাত্ৰ অসাধু ব্যৱসায়ীয়ে কৃত্ৰিম নাটনিৰ সৃষ্টি কৰাত প্ৰতিবছৰে এই সময়ত মূল্যবৃদ্ধি ঘটে যদিও এই সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত কোনো এটা বছৰতে উদ্যোগ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। তেনেস্থলত মূল্যবৃদ্ধিয়ে আৰু কিমান দিনলৈ জলা-কলা খুৱাব সেয়াহে চিন্তনীয় বিষয় হৈ পৰিছে।
No comments