Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ভৱানীপুৰত শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ আত্মবলিদানস্থলীত লুৰিণজ্যোতি গগৈৰ হুংকাৰ

সঞ্জীৱ দাস, ভৱানীপুৰ, ২৫ ডিচেম্বৰঃ " বিজেপি, অগপৰ দৰে সাম্প্ৰদায়িক শক্তি, দিল্লীৰ ওচৰত আত্মসমৰ্পণ কৰি অসমীয়া জাতিক বিপথে পৰিচালিত কৰিব ...


সঞ্জীৱ দাস, ভৱানীপুৰ, ২৫ ডিচেম্বৰঃ "বিজেপি, অগপৰ দৰে সাম্প্ৰদায়িক শক্তি, দিল্লীৰ ওচৰত আত্মসমৰ্পণ কৰি অসমীয়া জাতিক বিপথে পৰিচালিত কৰিব বিচৰা, অসমীয়া জাতিক ধ্বংস কৰিব বিচৰা শক্তিৰ বিৰুদ্ধে অসমৰ আঞ্চলিকতাবাদী শক্তিবোৰ ঐক্যবদ্ধ হ'ব লাগিব। খুব সোনকালে ঐক্যবদ্ধ হ'ব। সেই প্ৰক্ৰিয়া আৰম্ভ হৈছে। কিন্তু যিবোৰ আঞ্চলিক শক্তিয়ে ৰাষ্ট্ৰীয় শক্তিৰ ওচৰত আত্মসমৰ্পণ কৰিলে, ৰাষ্ট্ৰীয় শক্তিৰ অক্সিজেন লৈ জীয়াই আছে, যাৰ গাত ভেজাল জাতীয়তাবাদেৰে ৰাইজক বিপথে পৰিচালিত কৰিছে, সাম্প্ৰদায়িক শক্তিৰ স'তে সনা-পিটিকা অব্যাহত আছে তেওঁলোকৰ স'তে অসম জাতীয় পৰিষদৰ মিত্ৰতা নহয়।" অসমৰ অস্তিত্ব ৰক্ষা আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ আত্মবলিদানস্থলী, অন্ত্যেষ্টিক্ৰিয়াস্থলী আৰু জন্মগৃহত আজি উপস্থিত হৈ স্বদেশ-স্বজাতি ৰক্ষাৰ সংকল্প গ্ৰহণৰ বাবে অসমবাসীলৈ মুকলি আহ্বান জনায় অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে এইদৰে কয়। লুৰিণজ্যোতি গগৈয়ে ভৱানীপুৰত শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ আত্মবলিদানস্থলীত স্থাপিত শ্বহীদগৰাকীৰ প্ৰতিমূৰ্তি আৰু শ্বহীদ বেদীত সেৱা জনাই বিজেপি, অগপ দল-চৰকাৰৰ বিৰুদ্ধে গৰ্জি উঠে। লুৰিণজ্যোতি গগৈয়ে সাংবাদিকৰ আগত বিজেপি-অগপৰ বিৰুদ্ধে অধিক স্বোচ্ছাৰ পুনৰ কয় যে- অসম জাতীয় পৰিষদৰ ৰাজনৈতিক যাত্ৰাটো কেৱল ক্ষমতা আহৰণৰ বাবেই নহয়, অসম-অসমীয়াৰ স্বাভিমান, স্ব-অধিকাৰ ৰক্ষা কৰা, অধিকাৰ সুৰক্ষিত কৰা। অসমৰ মাটি-ভেটি।

ভাষা-সংস্কৃতিক নিৰাপত্তা দি সুৰক্ষিত কৰা। অসমৰ জনগণৰ যিটো স্বাভিমানী চৰিত্ৰ দিল্লীৰ ওচৰত আঠু নকঢ়া, বিদেশী শক্তিৰ স'তে আপোচ নকৰা, আঠু নকঢ়া যিটো চিন্তা, সেই চিন্তাৰে আগবাঢ়িব লাগিব। দিল্লীৰ স'তে চকুত চকু থৈ কথা পাতিব নোৱাৰা যিটো বিগত সময়ছোৱাৰ যিসকল ৰাজনৈতিক নেতৃত্ব লৈছে, বহতীয়া যিসকল লোক আছে, তেওঁলোকৰ বিৰুদ্ধে স্বাভিমানী আৰু জাতীয় চেতনাৰে উদ্বুদ্ধ এটা চিন্তাধাৰাৰে অসম জাতীয় পৰিষদ আগবাঢ়িছে। 
উল্লেখ্য যে, লুৰিণ জ্যোতি গগৈৰ স'তে অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ লগতে এটা বৃহৎ দলে ভৱানীপুৰৰ শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ আত্মবলিদানস্থলীৰ লগতে শ্বহীদগৰাকীৰ উজান বৰবৰী গাঁৱৰ জন্মগৃহ আৰু অন্ত্যেষ্টিক্ৰিয়াস্থলীতো উপস্থিত হৈ ৰাইজৰ স'তে মত-বিনিময় কৰে।

No comments