Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

তদন্তকাৰী বিষয়াক বুঢ়া আঙুলি দেখোৱাই মাৰ্ঘেৰিটাত অব্যাহত চোৰাং কয়লাৰ সৰবৰাহ : নিশা আৰক্ষীৰ অভিযানত জব্দ দুখনকৈ চোৰাং কয়লা ভৰ্টি ডাম্পাৰ৷ ৫ জনক আটক৷

গন বাৰ্তা, মাৰ্ঘেৰিটা, ১৮ ডিচেম্বৰঃ কয়লাৰ অবৈধ খনন আৰু সৰবৰাহৰ বিৰুদ্ধে ৰাজ্য চৰকাৰৰ তদন্ত প্ৰক্ৰিয়া চলি থকাৰ মাজতে মাৰ্ঘেৰিটাত অব্যাহত আছ...


গন বাৰ্তা, মাৰ্ঘেৰিটা, ১৮ ডিচেম্বৰঃ কয়লাৰ অবৈধ খনন আৰু সৰবৰাহৰ বিৰুদ্ধে ৰাজ্য চৰকাৰৰ তদন্ত প্ৰক্ৰিয়া চলি থকাৰ মাজতে মাৰ্ঘেৰিটাত অব্যাহত আছে চোৰাং কয়লাৰ খনন আৰু সৰবৰাহ৷ আৰক্ষী, তদন্ত আয়োগ তথা দল সংগঠনৰ অবৈধ কয়লা বিৰুধী আন্দোলনৰ মাজতে মাৰ্ঘেৰিটাত নিশা আৰক্ষীয়ে জব্দ কৰিছে দুখনকৈ চোৰাং কয়লা ভৰ্টি ডাম্পাৰ৷ জানিব পৰা মতে, মাৰ্ঘেৰিটা মহকুমা আৰক্ষী বিষয়া পোনা গগৈ আৰু মাৰ্ঘেৰিটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উৎপল বৰাৰ নেতৃত্বত নিশা মাৰ্ঘেৰিটা আৰক্ষীয়ে অভিযান চলাই মাৰ্ঘেৰিটা নামডাঙৰ পৰা দুখন কয়লা ভৰ্টি ডাম্পাৰ জব্দ কৰে৷ নিশা নামডাঙৰ এক দুৰ্গম ক্ষেত্ৰত কয়লা বোজাই থকাৰ সময়ত আৰক্ষীৰ অভিযানকাৰী দলটোৱে উক্ত ডাম্পাৰ দুখন জব্দ কৰিবলৈ সক্ষম হয়৷ ইয়াৰে এখন নাম্বাৰ প্লেট বিহীন আৰু আনখনৰ নম্বৰ হল এ এছ ২৩ চি চি ৪৯৯৯৷ নম্বৰ প্লেট বিহীন ডাম্পাৰখন ডিগবৈৰ বগাপানীৰ আৰু আনখন ডাম্পাৰৰ গৰাকী ডিগবৈৰ টিংৰাই ষ্টেচনৰ মণ্টু বৰুৱা নামৰ লোকজনৰ বুলি আৰক্ষী সূত্ৰে প্ৰকাশ৷ আনফালে উক্ত অভিযানত ৫ জনকৈ লোককো কৰায়ত্ব কৰিছে আৰক্ষীয়ে৷ এই ৫ গৰাকী ব্যক্তিৰ ভিতৰত অবৈধ কয়লা সৰবৰাহৰ সতে জড়িত ৩ জনক গ্ৰেপ্তাৰ কৰাৰ লগতে আন দুজনক সোধ পোচৰ বাবে আটক কৰে৷ গ্ৰেপ্তাৰ কৰা লোককেইজন ক্ৰমে মাৰ্ঘেৰিটাৰ এ পি অ কলনিৰ নিবাসী বিপিন গগৈৰ পুত্ৰ সৌৰভ গগৈ( নম্বৰ প্লেট বিহীন ডাম্পাৰখনৰ হেণ্ডিমেন), ডিগবৈ বগাপানীৰ প্ৰদীপ গগৈৰ পুত্ৰ কৃষ্ণ কান্ত গগৈ( নম্বৰপ্লেটবিহীন ডাম্পাৰ খনৰ ড্ৰাইভাৰ) আৰু আনজন ডিগবৈ বগাপানীৰ শ্ৰীপ্ৰসাদ চাহুৰ পুত্ৰ কৃষ্ণ প্ৰসাদ চাহু (এ এছ ২৩ চি চি ৪৯৯৯ নম্বৰ ডাম্পাৰখনৰ হেণ্ডিমেন) বুলি আৰক্ষী সূত্ৰে প্ৰকাশ৷ উক্ত তিনিও ব্যক্তিকে আজি ভাৰতীয় দণ্ডবিধী আইন ৩৭৯,আই পি চি,আৰ ডব্লিও৩পি ডি পি পি এক্টৰ অধীনত জেল হাজোতলৈ প্ৰেৰন কৰে আৰক্ষীয়ে৷ উল্লেখ্য যে, বিগত সময়ত মাৰ্ঘেৰিটাত দিনে নিশাই বৃহৎ বৃহৎ ট্ৰাক, ট্ৰেলাৰ যোগে চোৰাং কয়লাৰ সৰবৰাহ চলিছিল যদিও বৰ্তমানে দল সংগঠনৰ প্ৰতিবাদ, চোৰাং কয়লাৰ বিৰুদ্ধে চৰকাৰৰ তদন্ত, কয়লা মাফিয়াৰ বাসগৃহত আয়কৰ বিভাগৰ অভিযান তথা আৰক্ষীৰ তৎপৰতাৰ পৰিপ্ৰেক্ষিতত বৰ্তমানে কয়লাৰ কলা ব্যৱসায় সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে৷ তৎসত্তেও এচাম কয়লা মাফিয়াই আৰক্ষী, প্ৰশাসন তথা তদন্তকাৰী বিষয়ালৈ বুঢ়া আঙুলি দেখোৱাই নিৰ্বিঘ্নে চলাই গৈছে চোৰাং কয়লাৰ সৰবৰাহ৷ পূৰ্বৰ ট্ৰাক, ট্ৰেলাৰৰ পৰিবৰ্তে বৰ্তমানে ডাম্পাৰ যোগে এইসকল অসাধু কয়লা ব্যৱসায়ীয়ে নিশা মাৰ্ঘেৰিটাৰ নামডাং, আৰধাৰা আদি স্থানৰ পৰা কয়লা খান্দি বিভিন্ন ইটাভাটালৈ সৰবৰাহ অব্যাহত ৰাখিছে৷ উক্ত কয়লাখিনি মাৰ্ঘেৰিটাৰ উদ্যুচ নামৰ এটা ইটাভাটালৈ নিবলৈ যা যোগাৰ চলোৱা হৈছিল৷ জনৈক চৌধুৰী আৰু হুচেইন নামৰ দুজন কয়লা মাফিয়াই পূৰ্বতে উক্ত ইটাভাটাত কয়লা যোগান ধৰি আহিছিল৷ কিন্তু বৰ্তমানে তেওলোকৰ পৰিবৰ্তে অন্য এজন কয়লা মাফিয়াই ইটাভাটাত কয়লা যোগান ধৰাত চৌধুৰী আৰু হুচেইনে আৰক্ষীক উক্ত ডাম্পাৰ কেইখন ধৰাই দিয়ে বুলি জানিব পৰা নিৰ্ভৰযোগ্য সূত্ৰে জানিব পৰা গৈছে৷

No comments