Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ভৈয়ামৰ কাৰবি সকলক জনজাতি ভূক্ত আৰু স্বায়ত্তশাসিত পৰিষদৰ অধিকাৰ প্ৰদানৰ দাবীত ছচলত প্ৰতিবাদী ধৰ্ণা

গণবাৰ্তা বিশেষ,ডিফু, ১১ ডিচেম্বৰঃ কাৰবি আংলং আৰু ডিমা হাছাওৰ দুই পাৰ্বত্য  জিলাৰ বাহিৰত থকা ভৈয়ামৰ কাৰবি সকলক জনজাতি ভুক্ত আৰু স্বায়ত্তশাসিত...



গণবাৰ্তা বিশেষ,ডিফু, ১১ ডিচেম্বৰঃ কাৰবি আংলং আৰু ডিমা হাছাওৰ দুই পাৰ্বত্য  জিলাৰ বাহিৰত থকা ভৈয়ামৰ কাৰবি সকলক জনজাতি ভুক্ত আৰু স্বায়ত্তশাসিত অধিকাৰ প্ৰদান কৰাৰ দাবীত আজি কামৰূপ মেট্ৰ' জিলাৰ ছচলত এক প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ ভৈয়ামৰ বিভিন্ন জিলাৰ পৰা অহা কাৰবি সকলৰ প্ৰায় ৫ শতাধিক প্ৰতিনিধি, সদস্য  সমবেত হৈ প্ৰতিবাদ সাব্যস্থ কৰে ৷ প্ৰতিবাদ কাৰী সকলে হাতে হাতে প্লে'কাৰ্ড, বেনাৰ ফেষ্টুন আদিলৈ ন' অট'নমাছ ন'ৰেষ্ট, ভৈয়ামৰ কাৰবিক জনজাতিকৰণ কৰক, স্বায়ত্তশাসিত পৰিষদৰ সুবিধা প্ৰদান কৰক,  ইনকিলাব জিন্দাবাদ আদি ধ্বনিৰ প্ৰায় চাৰিঘণ্টা জোৰা ধৰ্ণাথলী উত্তপ্ত কৰি তোলে ৷ উল্লেখ যোগ্যে কাৰবি সকল জনজাতি হোৱাৰ পিছতো

 পিছতাে দুই পাৰ্বত্য জিলাৰ বাহিৰত থকা ভৈয়ামৰ কাৰবি সকলে সাংবিধানিক অধিকাৰ সমূহৰ পৰা বঞ্চিত হৈ আহিছে ৷  স্বাধীনতা লাভৰ পিছৰ পৰা কাৰবিসকলক পাহাৰীয়া জনগােষ্ঠী হিচাপে চিনাক্তকৰণ কৰি পাহাৰীয়া জিলা দুখনৰ বাহিৰত থকা ভৈয়াম জিলাকেইখনত জনজাতিৰ মর্য্যদা প্রদান কথা হােৱা  নাই। প্রায় ৭০ দশক ধৰি ভৈয়ামৰ কাৰবি জাতিৰ প্রতি এই অন্যায় নীতি চলি আহিছে। সাংবিধানিক অধিকাৰৰ পৰা বঞ্চিত কাৰবি জনগােষ্ঠীৰ একাংশ লােক আত্মপৰিচয়ৰ লগতে ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিকভাৱে শােষিত, বঞ্চিত হৈ আহিছে।
বহু বছৰৰ পৰা এই ভৈয়ামৰ কাৰবি সকলক অনুসচীত জনজাতি কৰাব বাবে কাৰবি সংগঠনসমূহে যৎপৰােনাস্তি চেষ্টাৰে এই বিষয়ত লাগি আছে। এইলৈ ভৈয়ামৰ কাৰবি সকলে সন্মিলিতভাৱে (Co-ordination Committee of Karbi Organizations (outside Karbi Anglong and Dima Hasao) গঠন হৈছে ৷
এই জিলা দুখনব বাহিবত থকা জাতীয় সংগঠনসমূহৰ দ্বাৰা গঠন কৰা সমন্বয়ৰক্ষী চমুকৈ CCKOA ই পৰরত্তী কার্যাসূচী হিচাপে অহা ইংৰাজী ২৭ ডিচেম্বৰত আন এক তাৰিখ, ৰবিবাৰে সােণাপুৰ খেলপথাৰত এক বিশাল গণ সমারেশৰ কার্যসূচী লৈছ বুলি এএকেৱাইএৰ সাধাৰণ সম্পাদক  কমল ৰংহাঙে জানিবলৈ দিছে । কাৰবি আংলং আৰু ডিমা হাচাওৰ বাহিৰত বসবাস কৰা সকলাে কাৰবি ৰাইজকে দলে-বলে আহি এই দুয়ােটা দিনতেই যােগদান কৰি নিজৰ প্রাপ্য অধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনাইছে নেতা গৰাকীয়ে। কভিড প্রটকল অনুসৰণ কৰি মাস্ক পৰিধান আৰু শাৰীৰিক দূৰত্ব মানি চালি এই ধর্ণা কার্য্যসূচী আৰু গণ সমাৱেশত অংশগ্রহণ কৰিবলৈ সকলােকে উদ্যোক্তা সকলে আহ্বান জনাইছে ৷

No comments