Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বৰপেটাৰ আটচবাজী উদ্যোগৰ অৱস্থাৰ বুজ ললে ছিতাইঃ সৰ্থেবাৰীৰ কাহঁ উদ্যোগৰ বিকাশৰ বাবে আঁচনি লবলৈ উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাৰ অনুৰোধ

দিদাৰ হুছেইন,হাউলী,১৫ ডিচেম্ববৰঃ ৰপেটাৰ থলুৱা উদ্যোগ হিচাবে সুখ্যাতি থকা আটচবাজী উদ্যোগৰ লগতে সৰ্থেবাৰীৰ প্ৰসিদ্ধ কাহঁ-পিতলৰ শিল্পৰ বিকাশৰ ব...


দিদাৰ হুছেইন,হাউলী,১৫ ডিচেম্ববৰঃ ৰপেটাৰ থলুৱা উদ্যোগ হিচাবে সুখ্যাতি থকা আটচবাজী উদ্যোগৰ লগতে সৰ্থেবাৰীৰ প্ৰসিদ্ধ কাহঁ-পিতলৰ শিল্পৰ বিকাশৰ বাবেও বিশেষ ব্যৱস্থা হাতত ল'বলৈ জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই ৰাজ্যিক উদ্ভাৱনী আৰু ৰূপান্তৰ আয়োগক অনুৰোধ জনাইছে। বৰপেটাৰ থলুৱা আটচবাজী উদ্যোগৰ সম্ভাৱনীয়তা আৰু সমস্যাৰ বিষয়ে  চৰজমিন অধ্যয়নৰ বাবে আয়োগৰ উপদেষ্টা  মৃদুল হাজৰিকাৰ নেতৃত্বত আজি বৰপেটালৈ অহা আয়োগৰ এটি দলক সাক্ষাৎ কৰি উপায়ুক্ত গৰাকীয়ে এই অনুৰোধ জনায়। তেওঁ কয় যে বৰপেটা জিলাৰ ঐতিহ্য-কৃষ্টিৰ সৈতে এই দুটা উদ্যোগৰ ওত:প্ৰোত: সম্পৰ্ক আছে। লগতে বহু সংখ্যক পৰিয়ালো এই উদ্যোগৰ সৈতে জড়িত হৈ আছে।  সেয়ে এই দুয়োটা উদ্যোগৰ বিকাশৰ বাবে আঁচনি হাতত লবলৈ উপায়ুক্ত গৰাকীয়ে টানি অনুৰোধ কৰে। জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই এই কথা সদৰি কৰি জনাইছে যে,  উদ্ভাৱনী আৰু ৰূপান্তৰ আয়োগৰ উপদেষ্টা তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য মৃদুল হাজৰিকাই বিষয়টো গুৰুত্ব সহকাৰে লৈ অচিৰেই সৰ্থেবাৰী ভ্ৰমণ কৰিব বুলি জানিবলৈ দিয়ে। আজি তেওঁৰ নেতৃত্বত অহা দলটোৱে গলিয়াহাটীলৈ গৈ তাত থকা আটচবাজী উদ্যোগ পাম পৰিদৰ্শন কৰাৰ লগতে উদ্যোগী সকলৰ সৈতে বাৰ্তালাপ কৰি তেওঁলোকৰ সমস্যাৰ বুজ লয়।

No comments