Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

শ্ৰীশ্ৰী মায়ামৰা মদাৰখাত সত্ৰত সেৱা ল'লে লুৰীণজ্যোতি গগৈয়ে

এখন ভাল অসম গঢ় দিবলৈ ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিলে লুৰীণজ্যোতি গগৈয়ে গণ বাৰ্তা, ডিব্ৰুগড়, ২১ ডিচেম্বৰঃ অসম জাতীয় পৰিষদৰ সভাপতিৰ দায়িত্ব গ্ৰহণ ...

এখন ভাল অসম গঢ় দিবলৈ ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিলে লুৰীণজ্যোতি গগৈয়ে

গণ বাৰ্তা, ডিব্ৰুগড়, ২১ ডিচেম্বৰঃ অসম জাতীয় পৰিষদৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰাৰ পাছতে প্ৰাক্তন আছু নেতা তথা অসম জাতীয় পৰিষদৰ সভাপতি  লুৰীণজ্যোতি গগৈয়ে আৰম্ভ কৰিছে দলীয় কামকাজ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিশিষ্ট ব্যক্তি, শিক্ষাবিদ, বুদ্ধিজীৱি সকলৰ লগত সঘনে মিলিত হৈছে নেতাগৰাকী। আজি ডিব্ৰুগড় লাহোৱালৰ ঐতিহাসিক শ্ৰীশ্ৰী মায়ামৰা মদাৰখাত সত্ৰত উপস্থিত হয়  প্ৰাক্তন আছু নেতা লুৰীণজ্যোতি গগৈ। শ্ৰীশ্ৰী মায়ামৰা মদাৰখাত সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী বৈঞ্চৱানন্দৰ সাক্ষাৎ কৰি সত্ৰৰ বৰ নামঘৰ, থানত এখনি শৰাই আগবঢ়াই সেৱা লয় লুৰীণজ্যোতি গগৈয়ে। সত্ৰত উপস্থিত হোৱাৰ লগে লগে শতাধিক ৰাইজে নেতা জনক আদৰণি জনাবলৈ সমবেত হয়। অসম জাতীয় পৰিষদৰ লুৰীণজ্যোতি গগৈক লৈ ৰাইজৰ মাজত ব্যাপক  উৎসাহ দেখিবলৈ পোৱা গ'ল আজি লাহোৱালত। সত্ৰত সেৱা জনাই সাংবাদিকৰ আগত অসম জাতীয় পৰিষদৰ সভাপতি জনে কয়, সত্ৰত সেৱা কৰি অসমৰ ৰাইজৰ বাবে আশীৰ্বাদ বিচাৰিছোঁ। আৰম্ভ হৈছে এক নতুন যাত্ৰা। মোক দিয়া সভাপতিৰ দায়িত্ব মই জাতীয় দায়িত্ব হিচাপে অনুভৱ কৰো। আমাৰ লক্ষ্য কেৱল ক্ষমতা লাভ নহয়। এখন ভাল অসম সকলোৱে বিচাৰিছে। অসম জাতীয় পৰিষদ অসমৰ ৰাইজৰ সপোন, এই যাত্ৰা অসমৰ ৰাইজৰ যাত্ৰা। লগতে তেওঁ কয় অসমৰ ৰাইজে আমাক আশীৰ্বাদ কৰক যাতে অসমৰ ৰাইজৰ আকাংক্ষিত লক্ষ্য আমি পূৰ কৰিব পাৰো।





No comments