মিৰ্জাত ধপাঁতৰ ভয়াৱহতা সন্দৰ্ভত আছাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেচন, ধপাত নিয়ন্ত্ৰণ কক্ষ, জিলা প্ৰশাসন আৰু কামৰূপ সাংবাদিক পৰিষদৰ উদ্যোগত কৰ্মশাল...
মিৰ্জাত ধপাঁতৰ ভয়াৱহতা সন্দৰ্ভত আছাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেচন, ধপাত নিয়ন্ত্ৰণ কক্ষ, জিলা প্ৰশাসন আৰু কামৰূপ সাংবাদিক পৰিষদৰ উদ্যোগত কৰ্মশালা
গণ বাৰ্তা, পলাশবাৰী, ৪ ডিচেম্বৰ ঃ ধঁপাত আৰু ধঁপাতৰ দ্বাৰা প্ৰস্তুত কৰা বিভিন্ন দ্ৰব্য সেৱনৰ ফলত মানৱ দেহত বিভিন্ন ৰোগৰ সৃষ্টি হৈ অপূৰণীয় ক্ষতি কৰে। ভাৰতবৰ্ষত হোৱা কৰ্কট ৰোগৰ ৪০ শতাংশই ধঁপাত ব্যৱহাৰৰ ফলত হয় । আমাৰ দেশত প্ৰতিবছৰে ১৩ লাখ লোক ধঁপাত সেৱনৰ ফলত মৃত্যুমুখত পৰে । আনহাতে অসমত ধঁপাত সেৱনৰ ফলত প্ৰতিবছৰে অকাল মৃত্যুক সাবটি লোৱা লোকৰ সংখ্যা হ’ল ৩৪ হাজাৰ। —কামৰূপ জিলা ধঁপাত নিয়ন্ত্ৰণ কোষৰ নডেল বিষয়া ডাঃ অমিয়া কুমাৰ দাসে আজি কামৰূপ জিলাৰ মিৰ্জাৰ দক্ষিণ কামৰূপ মহাবিদ্যালয় প্ৰেক্ষাগৃহত ‘ধঁপাতৰ ভয়াৱহতা আৰু কৰ্কট ৰোগ’ শীৰ্ষক কামৰূপ জিলাৰ সাংবাদিকসকলৰ বাবে আয়োজিত এক কৰ্মশালাত ধঁপাত সেৱনৰ ভয়াৱহতা সম্পৰ্কত ব্যাখ্যা কৰি এই তথ্য সদৰী কৰে।
কামৰূপ জিলা ধঁপাত নিয়ন্ত্ৰণ কোষ, কেঞ্চাৰ কেয়াৰ ফাউণ্ডেচন আৰু সাংবাদিক পৰিষদ অসমৰ কামৰূপ জিলা সমিতিৰ উদ্যোগত আৰু কামৰূপ জিলা তথ্য আৰু জনসংযোগ বিভাগৰ সহযোগত আয়োজিত আজিৰ এই অনুষ্ঠানত সাংবাদিকসকলৰ মাজত পাৱাৰ পইন্টৰ সহায়ত ধঁপাত জাতীয় দ্ৰব্য সেৱনৰ ফলত হ’ব পৰা বিভিন্ন ৰোগ যেনে- হৃদপেশী সম্পৰ্কীয় ৰোগ, কৰ্কট ৰোগ, শ্বাস-প্ৰশ্বাসজনিত ৰোগ আৰু মধুমেহৰ দৰে হ’ব পৰা ভয়াৱহ ৰোগৰ বিষয়ে বিশ¸দভাৱে ব্যাখ্যা কৰি নডেল বিষয়া ডাঃ অমিয় কুমাৰ দাসে সম্প্ৰতি ধোঁৱাবিহীন ধঁপাত জাতীয় দ্ৰব্য সেৱনৰ প্ৰতি যুৱ সমাজ ভয়াৱহভাৱে আকৃষ্ট হোৱা বুলি উল্লেখ কৰি গভীৰ উদ্বেগ প্ৰকাশ কৰাৰ লগতে ইয়াৰ প্ৰতিৰোধত সমাজৰ সকলো শ্ৰেণীৰ লোকৰ দায়িত্ব আছে বুলি মত প্ৰকাশ কৰে ।
তেওঁ কয় যে সমাজৰ মাজত বৃদ্ধি পোৱা ধঁপাত যেনে- চাদা, গুট্খা , ধঁপাতযুক্ত পাণ-মচলা, খৈনী-জৰ্দা আদি ধোঁৱাবিহীন ধঁপাত মুখগহ্বৰত সৃষ্টি হোৱা কৰ্কট ৰোগৰ মূল কাৰক। ধঁপাতত চাৰি হাজাৰৰো অধিক ৰাসায়নিক পদাৰ্থ থাকে বুলি উল্লেখ কৰি ধঁপাত ব্যৱহাৰৰ ফলত কৰ্কট ৰোগৰ উপৰি হাঁওফাঁওৰ কাৰ্যক্ষমতা হ্ৰাস, হাপানী ৰোগ, যক্ষ্মা, উচ্চ ৰক্তচাপ, ষ্ট্ৰোক আদি অনেক ৰোগৰ সৃষ্টি হয় বুলি প্ৰকাশ কৰে। কৰ্মশালাত উপস্থিত থাকি অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেচনৰ কাৰ্যবাহী বিষয়া ৰমেন বৰ্মনে ধঁপাতজাতীয় দ্ৰব্য সেৱনৰ অপকাৰিতাৰ বিৰুদ্ধে ফাউণ্ডেচনে চৰকাৰৰ বিভিন্ন সংস্থাৰ সহযোগত অসমৰ বিভিন্ন অঞ্চলত সজাগতা সভা অনুষ্ঠিত কৰি অহাৰ কথা অৱগত কৰে । আজিৰ এই কাৰ্যসূচীত মুখ্য অতিথি ৰূপে উপস্থিত থাকে কামৰূপ জিলাৰ উপযুক্ত কৈলাশ কাৰ্তিক এনে জিলাখনত কামৰূপ জিলা ধঁপাত নিয়ন্ত্ৰণ সমিতি আৰু অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেচনে ধঁপাত নিয়ন্ত্ৰণ আৰু ইয়াৰ ভয়াৱহতা সম্পৰ্কে সজাগতামূলক কাৰ্যসূচী হাতত লৈ অহাত সন্তোষ প্ৰকাশ কৰাৰ লগতে আজিৰ কাৰ্যসূচীত কামৰূপ জিলা সাংবাদিক পৰিষদে কৰা পূৰ্ণ সহযোগিতাৰ শলাগ লয় ।
কাৰ্যসূচীৰ আদৰণী ভাষণ আগবঢ়ায় কামৰূপ জিলাৰ তথ্য আৰু জনসংযোগ বিষয়া প্ৰণৱ কুমাৰ দাসে । উদ্দেশ্য ব্যাখ্যা কৰাৰ লগতে অনুষ্ঠানটিৰ আঁত ধৰে কামৰূপ জিলা সাংবাদিক পৰিষদৰ সম্পাদক পৱিত্ৰ কুমাৰ দাসে। কৰ্মশালাত উপস্থিত থকা কামৰূপ জিলাৰ উপায়ুক্ত কৈলাশ কাৰ্তিক এন, কামৰূপ জিলা ধঁপাত নিয়ন্ত্ৰণ কোষৰ নডেল বিষয়া ডাঃ আমিয় কুমাৰ দাস, কামৰূপৰ তথ্য আৰু জনসংযোগ বিষয়া প্ৰণৱ কুমাৰ দাস আৰু দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ অধ্যক্ষ নৱজ্যোতি দাসক সম্বৰ্ধনা জনায় কামৰূপ জিলা সাংবাদিক পৰিষদৰ সভাপতি, সাধাৰণ সম্পাদক আৰু সাংস্কৃতিক সম্পাদক ক্ৰমে দীপক চন্দ্ৰ কলিতা, পবিত্ৰ কুমাৰ দাস আৰু গগন চন্দ্ৰ নাথে। অনুষ্ঠানৰ শেষত ছায়া ছবিৰ সহায়ত ধঁপাত সেৱনৰ ফলত হোৱা ৰোগ, বিশেষকৈ কেঞ্চাৰৰ তথ্যচিত্ৰ প্ৰদৰ্শন কৰি তথ্য দাঙি ধৰে ডাঃ অমিয় কুমাৰ দাসে।
No comments