Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বৰপেটাৰ বাৰাদিত চৈয়দ আব্দুল মালিকৰ স্মৃতিচাৰণ সভা

পুলেন্দ্ৰ দাস, বৰপেটা,  ২০ ডিচেম্বৰ  :  " চৈয়দ আব্দুল মালিকৰ গল্প উপন্যাসত প্ৰতিফলিত হৈছে সামাজিক প্ৰমূল্যবোধ ৷ সমাজৰ সাধাৰণ মানুহৰ জীৱ...


পুলেন্দ্ৰ দাস, বৰপেটা, ২০ ডিচেম্বৰ  : " চৈয়দ আব্দুল মালিকৰ গল্প উপন্যাসত প্ৰতিফলিত হৈছে সামাজিক প্ৰমূল্যবোধ ৷ সমাজৰ সাধাৰণ মানুহৰ জীৱনক তুলি ধৰাটোৱে আছিল আব্দুল মালিকৰ সাহিত্যৰ বিশেষত্ব ৷ " এই মন্তব্য বৰপেটাৰ বিশিষ্ট লেখক তথা সৰুপেটা বি এইচ বি মহাবিদ্যালয়ৰ অধ্যক্ষ ড: বিৰিঞ্চি কুমাৰ দাসৰ ৷ বৰপেটা চহৰৰ সমীপৱৰ্ত্তী বাৰাদিৰ শিক্ষক, কবি তথা সাহিত্যানুৰাগী অমৰজিৎ পাঠকৰ উদ্যোগত তেওঁৰ চোতালত আয়োজন কৰা চৈয়দ আব্দুল মালিকৰ স্মৃতিচাৰণ সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি এই মন্তব্য আগবঢ়ায় ড: বিৰিঞ্চি কুমাৰ দাসে ৷ তেওঁ লগতে কয় যে, চৈয়দ আব্দুল মালিকে গতানুগতিকতাৰ মাজতো সমাজখনক আগুৱাই নিয়াৰ চিন্তা কৰিছিল ৷ মালিকে তেওঁৰ সাহিত্যত সমাজৰ অবহেলিত নাৰীসকলৰ জীৱন প্ৰতিফলিত কৰিছিল বুলি উল্লেখ কৰে ৷ স্মৃতিচাৰণ সভাৰ পূৰ্বে চৈয়দ আব্দুল মালিকৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্জ্বলন কৰে বৰপেটাৰ বিশিষ্ট সমাজ সেৱিকা তথা লেখিকা শোভাৰাণী দাসে ৷ বৰপেটা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট লেখক দীনেশ দাসে সঞ্চালনা কৰা স্মৃতিচাৰণ সভাখনত আব্দুল মালিকৰ ৰচিত "জীৱনে মৰণে মই চিৰদিন অসমীয়া" শীৰ্ষক গীতটি পৰিবেশন কৰে কণ্ঠশিল্পী তথা সংগীত শিক্ষয়ত্ৰী অঞ্জুমনি ডেকাই ৷ অনুষ্ঠানত আয়োজক অমৰজিৎ পাঠকে আব্দুল মালিকক লৈ ৰচনা কৰা কবিতা এটা পাঠ কৰে ৷ অনুষ্ঠানত আন এগৰাকী নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে লেখিকা চন্দনা পাঠকে ৷ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ অধ্যাপক ইন্দ্ৰজ্যোতি ৰায় চৌধুৰীয়ে আব্দুল মালিকৰ কৰ্মৰাজিৰ বিশ্লেষণ আগবঢ়ায় ৷ সভাত উপস্থিত থকা কেবাগৰাকী কবিয়ে কবিতা পাঠ কৰি সভাৰ সৌষ্ঠব বৃদ্ধি কৰে ৷

No comments