Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

অসমৰ ডিজিটেল সংবাদ মাধ্যমত সৰুপথাৰৰ পৰা নৱতম সংযোজন ঘটিল ডেইলি টাইম অসম য়ে

গণ বাৰ্তা , সৰুপথাৰ, ১৭ ডিচেম্বৰ : বৰ্তমান ডিজিটেল সংবাদমাধ্যমত নৱতম সংযোজন ঘটিল ডেইলি টাইম অসম নামেৰে এটা ডিজিটেল ৱেব পৰ্টেল ।   স্বহীদ কুশ...


গণ বাৰ্তা , সৰুপথাৰ, ১৭ ডিচেম্বৰ : বৰ্তমান ডিজিটেল সংবাদমাধ্যমত নৱতম সংযোজন ঘটিল ডেইলি টাইম অসম নামেৰে এটা ডিজিটেল ৱেব পৰ্টেল ।   স্বহীদ কুশল কোঁৱৰৰ জন্মভূমি অসম নাগালেণ্ড সীমান্তৰ সৰুপথাৰৰ পৰাই আৰম্ভ হয় এই যাত্ৰা ।ধনশিৰি মহকুমা সদৰ সৰুপথাৰত যোৱাকালি "ডেইলি টাইম অসম" নামেৰে এক ডিজিটেল চেনেলৰ আত্মপ্ৰকাশ ঘটিল।বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত ধনশিৰি মহকুমাৰ লগতে সমগ্ৰ অসমক প্ৰতিনিধিত্ব কৰাৰ সংকল্পেৰে মুকলি কৰা এই চেনেলটি যোৱাকালি এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ মাজেদি মুকলি কৰা হয়।চেনেলটিৰ পৰিচালন সঞ্চালক দেৱযানী চুতীয়াই আদৰণি ভাষণ দিয়াৰ পাছত চেনেলটিৰ কাৰ্যালয় দ্বাৰ মুকলি কৰে গোলাঘাট  জিলা সাংবাদিক সংস্থাৰ প্ৰাক্তন সভাপতি তথা ধনশিৰি মহকুমাৰ প্ৰবীণ সাংবাদিক  সোণাৰাম ভঁৰালীয়ে, বন্তি প্ৰজ্বলন কৰে বিশিষ্ট শিক্ষাবিদ নৰেন চুতীয়াই, চেনেল উদ্বোধন কৰে ধনশিৰি মহকুমাৰ মহকুমাধিপতি  ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া দিবাকৰ নাথে, ষ্টুডিওৰ দ্বাৰ মুকলি কৰে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী গীতালি দেৱীয়ে। বেদান্ত ভাৰ্গব বৰাই আঁত ধৰা উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথিৰ ভাষণ দি মহকুমাধিপতি দিবাকৰ নাথে কয় যে এই সংবাদ মাধ্যমটি আনুষ্ঠানিক ভাৱে মুকলি কৰাৰ লগে লগে ধনশিৰী মহকুমা কে'বাখোজো আগুৱাই গল।অনুষ্ঠানত বিশিষ্ট অতিথিৰ ভাষণ  প্ৰদান কৰে গোলাঘাটৰ বিশিষ্ট সাংবাদিক অপূৰ্ব বল্লভ গোস্বামী আৰু ধনশিৰি মহকুমা সাংবাদিক সংস্থাৰ সভাপতি মাখমুদ আলীয়ে।এই অনুষ্ঠানত ধনশিৰি মহকুমাৰ সীমান্ত দণ্ডাধীশ কৃশান জ্যোতি ডেকা,মহকুমা আৰক্ষী বিষয়া  ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া পংকজ যাদৱ,,চেনেলটিৰ পৰিচালন সঞ্চালক দেৱযানী চুতীয়া, গীতালি গগৈ, ডেইলি টাইম অসমৰ মুখ্য সম্পাদক অনুজ বৰা, চেনেলটিৰ আউটপুট এডিটৰ হেমন্ত কুমাৰ মহন্ত, ইনপুট এডিটৰ তুলসী চুতীয়া, গোলাঘাট জিলা সাংবাদিক সংস্থাৰ সম্পাদক দ্বীপেন কুমাৰ বৰা, বৰপথাৰ প্ৰেছ ক্লাবৰ সম্পাদক বিবেকানন্দ দত্তকে ধৰি ধনশিৰি মহকুমাৰ সংবাদসেৱী সকল,বিভিন্ন দল সংগঠনৰ বিষয়-ববীয়া আৰু স্থানীয় বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে।"ৰাইজৰ পক্ষত -- আমাৰ কণ্ঠ " এই মন্ত্ৰেৰে আগবাঢ়ি যোৱাৰ সংকল্পলৈ আত্মপ্ৰকাশ কৰা ডেইলি টাইম অসম নামৰ চেনেলটিয়ে অসমৰ সংবাদ জগতৰ লগতে ধনশিৰি মহকুমাতো এক নতুন যুগৰ সূচনা ঘটালে বুলি সচেতন ৰাইজে মত প্ৰকাশ কৰিছে।

No comments