গণ বাৰ্তা গৰৈমাৰী,৩১ ডিচেম্বৰ : দক্ষিণ কামৰূপৰ গৰৈমাৰীত আজি বছৰটোৰ শেষ বিদায়ৰ দিনাখনে গৰৈমাৰী - কালাতলী - সোণতলী চমুকৈ জি কে এছ প্ৰেছ ক্লাবৰ...
গণ বাৰ্তা গৰৈমাৰী,৩১ ডিচেম্বৰ : দক্ষিণ কামৰূপৰ গৰৈমাৰীত আজি বছৰটোৰ শেষ বিদায়ৰ দিনাখনে গৰৈমাৰী - কালাতলী - সোণতলী চমুকৈ জি কে এছ প্ৰেছ ক্লাবৰ উদ্যোগত অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে সাংবাদিক সকলে কলমৰ যুদ্ধ এৰি ব্যতিক্ৰমী অৱস্হান ধৰ্মঘট অনুষ্ঠিত কৰি থকাৰ সময়তে অৱৈধ গাঞ্জা খেতিৰ বিৰুদ্ধে সৰৱ হৈ অভিযান তীব্ৰতৰ কৰি তুলিছে ছয়গাঁও আৰক্ষীয়ে।ছয়গাও আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি জোৰশিমুলী আৰক্ষী চকীৰ এলেকাধীন ঘোৰামাৰা, আৰু ভাউৰীয়াভিঠাত গাঞ্জা খেতিৰ বিৰুদ্ধে অভিযান চলাই।এই অভিযানত প্ৰায় বিশ লক্ষাধিক টকাৰ গাঞ্জা খেতি কাটি ধ্বংস কৰে আৰক্ষীয়ে।ছয়গাঁও থানাৰ অচি কপিল পাঠকৰ নেতৃত্বত চলা অভিযানত সহযোগ কৰে ছয়গাঁও থানাৰ চক্ৰ পৰিদৰ্শক সোণ শৰ্মাই।উল্লেখ্য যে গৰৈমাৰী ৰাজহ চক্ৰৰ এলেকাধীন বৃহত্তৰ ব্ৰহ্মপুত্ৰৰ মাজৰ চৰাঞ্চল সমূহতো এচাম অসাধু লোকে অবৈধ গাঞ্জা খেতি কৰা পৰিলক্ষিত হৈছে।শুৱালকুচি নদী আৰক্ষীয়ে এই সকলোবোৰ ঘটনা জানিও নজনাৰ ভাও জুৰিছে।শুৱালকুছি নদী আৰক্ষীয়ে ধনৰ লোভত বা বিনিময়ত সকলো অসম্ভব কামো সম্ভব কৰিব পাৰে।চৰাঞ্চল সমূহ এক প্ৰকাৰ নদী আৰক্ষীৰ বাবে কণী পাৰা হাহঁৰ দৰে হৈ পৰিছে।
No comments