Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বাঘমাৰাত প্ৰাক্তন আছু নেতা , খেলুৱৈ তথা শিক্ষকৰ মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ ছাঁ

গণ বাৰ্তা, জালাহ , ২ ডিচেম্বৰঃ বজালীৰ বাঘমাৰাৰ সমীপৰ গড় গাওঁ নিবাসী মুকুল দাসৰ কালি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু ...

গণ বাৰ্তা, জালাহ , ২ ডিচেম্বৰঃ বজালীৰ বাঘমাৰাৰ সমীপৰ গড় গাওঁ নিবাসী মুকুল দাসৰ কালি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়৷ বিশিষ্ট সমাজকৰ্মী তথা অসম আন্দোলনৰ সময়ত বাঘমাৰা আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক পদত থকা প্ৰয়াত মুকুল দাস বাঘমাৰা আঞ্চলিক ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠাপক সম্পাদকো আছিল ৷ অসম সাহিত্য সভাৰ আজীবন সভ্য প্ৰয়াত দাস বাঘমাৰা শাখা সাহিত্য সভাৰো সম্পাদক আছিল ৷ সুদক্ষ ফুটবল খেলুৱৈ হিচাপে অঞ্চলটোত পৰিচিত প্ৰয়াত দাসৰ মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ চাঁ পৰে আৰু বাঘমাৰা আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক অৰূপ দাস , বজালী জিলা উন্নতি সভাৰ সম্পাদক চানক্য দাস, উপ-সভাপতি উৎপল ঠাকুৰীয়া , বিশিষ্ট সমাজকৰ্মী গিৰিজা মোহন কলিতা প্ৰমুখ্যে  অঞ্চলটোৰ বিভিন্ন দল সংগঠনে প্ৰয়াত দাসৰ ঘৰলৈ গৈ শোক সন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰে ৷ মৃত্যুৰ সময়লৈকে প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক হিচাপে কৰ্মৰত প্ৰয়াত দাসে মৃত্যুৰ সময়ত পত্নী , দুই পুত্ৰ , এজনী কন্যা, আত্মীয় স্বজন তথা অসংখ্য গুণমুগ্ধক ইহ সংসাৰত এৰি যায় ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৫৭ বছৰ 

No comments