Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

লংকা বৰদলংত মাৰনাস্ত্ৰসহ দুই কুখ্যাত অপৰাধী ধৃত

লংকাৰ প্ৰতিবেদক, ২৬ ডিচেম্বৰ: যোৱা নিশা লংকা থানাৰ বৰদলংত এঘৰ মানুহৰ ঘৰত অভিযান চলাই আৰক্ষীয়ে এটা পিষ্টল সহ দুজন লোকক গ্ৰেপ্তাৰ কৰে ৷ আৰক্ষ...


লংকাৰ প্ৰতিবেদক, ২৬ ডিচেম্বৰ: যোৱা নিশা লংকা থানাৰ বৰদলংত এঘৰ মানুহৰ ঘৰত অভিযান চলাই আৰক্ষীয়ে এটা পিষ্টল সহ দুজন লোকক গ্ৰেপ্তাৰ কৰে ৷ আৰক্ষীৰ সূত্ৰে জানিব পৰা মতে হোজাই জিলাৰ উপ আৰক্ষী অধীক্ষক দীপ্তি মালিয়ে আৰক্ষী দল লৈ লংকা থানা এলেকাৰ খাৰিখানা বৰদলংত নিৰ্ভৰযোগ্য  সূত্ৰৰ পম খেদি যোৱা নিশা এক অভিযান চলাওঁতে এটা ঘৰত তালাচী চলাই এটা ৯,৬ এম এম পিষ্টল আৰু এটা মেগজিন উদ্ধাৰ কৰে ৷ লগতে বিলাল উদ্দিন আৰু ৰহিম উদ্দিন নামৰ দুজন ককাই ভাইক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷ জনা মতে দুই অপৰাধীয়ে নগালেণ্ডৰ ডিমাপুৰৰ পৰা এই অবৈধ মৰানাস্ত্ৰ আনি বিক্ৰীৰ বাবে ৰাখিছিল ৷ এই ককায়েক ভায়েক দুজনে আগতেও ডিমাপুৰৰ পৰা অবৈধ মৰানাস্ত্ৰ আনি ব্যৱসায় চলোৱাৰ খবৰ আৰক্ষীৰ ওচৰত আছিল ৷ বৰ্তমান দুয়োজন অপৰাধীকে লংকা থানাত জেৰা চলাই থকা হৈছে ৷

No comments