গণবাৰ্তা আজাৰা, ১১ ডিচেম্বৰ : কিতাপৰ মাজেৰে পোৱা আনন্দ , সুখ , মানৱীয় অনুভূতি অনন্য । তাক মবাইল , ইণ্টাৰনেট , টিভি আদিৰ লগত তুলনা কৰিব নোৱা...
গণবাৰ্তা আজাৰা, ১১ ডিচেম্বৰ : কিতাপৰ মাজেৰে পোৱা আনন্দ , সুখ , মানৱীয় অনুভূতি অনন্য । তাক মবাইল , ইণ্টাৰনেট , টিভি আদিৰ লগত তুলনা কৰিব নোৱাৰি । কিতাপৰ পৰা লাভ কৰা জ্ঞানে এজন মানুহৰ ব্যক্তিত্বক জীৱন জুৰি প্ৰভাৱিত কৰে । এই মন্তব্য পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ । আজি আজাৰা ৰাজহ চক্ৰ এলেকাৰ আগছিয়াত অঞ্চলটোত বৌদ্ধিক আন্দোলনত নেতৃত্ব বহন কৰি অহা আৰু হীৰক জয়ন্তী বৰ্ষ উদযাপন কৰা মহাত্মা পুথিভঁৰাল আৰু সামূহিক গৃহৰ প্ৰস্তাৱিত দুমহলীয়া নতুন ভৱনৰ আধাৰশিলা স্থাপন কৰি এই উপলক্ষে অনুষ্ঠিত সভাখনত মুখ্য অতিথি হিচাপে ভাগ লৈ এই মন্তব্য কৰে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই । বিধায়ক কলিতাই উদাহৰণ দাঙি ধৰি কয় যেতিয়া গাঁৱে--ভূৱে টিভি , ইণ্টাৰনেট ,ম'বাইল আদিৰ বেছি প্ৰভাৱ নাছিল , তেতিয়া কিতাপ পঢ়া এক আন্দোলন গঢ় লৈ উঠিছিল । কিন্তু সময়ৰ গতিত কিতাপ পঢ়াৰ অভ্যাস কমি যোৱাৰ বাবে মানুহৰ বিশেষকৈ যুৱ প্ৰজন্মৰ মাজত মানৱীয় অনুভূতি কমি গৈছে । ফলত সমাজত নানা ধৰণৰ অশান্তিৰ সৃষ্টি হৈছে । যুৱ প্ৰজন্মৰ মাজত মানৱীয় অনুভূতি গঢ়িবলৈ হলে পুনৰ কিতাপ পঢ়াৰ আন্দোলন গঢ়ি তুলিব লাগিব বুলি ব্যক্ত কৰি এইক্ষেত্ৰত পুথিভঁৰাল সমূহে আগভাগ লব লাগিব বুলি বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই আহ্বান জনায় ।

আনহাতে আগচিয়া উন্নয়ন সমিতিৰ সভাপতি কুশল কলিতাৰ সভাপতিত্বত অনুষ্ঠিত সভাত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নিৰীক্ষণ কমিটিৰ সদস্য সুভাষ শৰ্মা , ৰাণী আঞ্চলিক পঞ্চায়তৰ সদস্যা নিজৰা কলিতা , মাজিৰগাঁও গাঁও পঞ্চায়তৰ সভানেত্ৰী ববিতা বৈশ্য , সদস্যা দীপা বৈশ্য , কনিষ্ঠ অভিযন্তা নৱ লহকৰ , সচিব বাবুল চন্দ্ৰ নাথ , মহাত্মা পুথিভঁৰাল পৰিচালনা কমিটিৰ সমূহ কৰ্মকর্তা - সদস্য আৰু অঞ্চলটোৰ বহু সংখ্যক লোক উপস্থিত থাকে । উল্লেখযোগ্য যে চতুৰ্দশ বিত্তীয় আয়োগৰ প্ৰায় ২৪ লাখ টকা ব্যয়ৰে প্ৰস্তাৱিত দুমহলীয়া মহাত্মা পুথিভঁৰাল আৰু সামূহিক গৃহ নিৰ্মাণ কৰা হব বুলি মাজিৰগাঁও গাঁও পঞ্চায়তৰ সভানেত্ৰী ববিতা বৈশ্যই জানিবলৈ দিছে ।
No comments