Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বোকাজানত ভয়ংকৰ পথ দুৰ্ঘটনাত এজন থিতাতে নিহত

গণ বাৰ্তা, বোকাজান, ২২ ডিচেম্বৰঃ- আজি সন্ধিয়া বোকাজানৰ বাঘজানত সংঘটিত হোৱা এক শোকাৱহ পথ দুৰ্ঘটনাত এজন লোক থিতাতে নিহত হোৱাৰ বিপৰীতে আন এগৰাক...


গণ বাৰ্তা, বোকাজান, ২২ ডিচেম্বৰঃ- আজি সন্ধিয়া বোকাজানৰ বাঘজানত সংঘটিত হোৱা এক শোকাৱহ পথ দুৰ্ঘটনাত এজন লোক থিতাতে নিহত হোৱাৰ বিপৰীতে আন এগৰাকী অতি গুৰুতৰভাৱে আহত হয় । ঘটনাৰ বিৱৰণী অনুসৰি আজি সন্ধিয়া প্ৰায় ৭.৩০ বজাত ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত পথৰ দাঁতিত ৰখাই থোৱা এখন বালিভৰ্তি ট্ৰাকত পিচফালৰ পৰা টয়'টা বাহনখনে প্ৰচণ্ড জোৰেৰে খুন্দা মৰাৰ ফলত ইয়াৰে এজন আৰোহী থিতাতে নিহত হয় । নিহত লোকজন নাগালেণ্ডৰ লিমহাথুং অডিয়ুঅ’ বুলি চিনাক্ত কৰা হৈছে। আনহাতে, আহত লোকজন বোকাজানৰ সুনীল দাস বুলি চিনাক্ত কৰা হৈছে। আহত লোকজনক অতি সংকটজনক অৱস্থাত বোকাজান সমূহীয়া স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে লগে লগে ডিমাপুৰলৈ প্ৰেৰণ কৰা হয় । দুৰ্ঘটনাত পতিত হোৱা টয়'টা বাহনখন নতুনকৈ ক্ৰয় কৰি ডিমাপুৰস্থিত নিজা ঘৰ অভিমূুখে আহি থকা অৱস্থাতে এই শোকাৱহ ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। 


No comments