বঙাইগাঁওঃ ১১ ডিচেম্বৰঃ বঙাইগাঁও নিৰ্বাচনী জিলাত ইতিমধ্যে ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনী সম্পৰ্কিত বিভিন্ন সজাগতা মূলক কাৰ্যসূচী ব্...
বঙাইগাঁওঃ ১১ ডিচেম্বৰঃ বঙাইগাঁও নিৰ্বাচনী জিলাত ইতিমধ্যে ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনী সম্পৰ্কিত বিভিন্ন সজাগতা মূলক কাৰ্যসূচী ব্যাপক ৰূপত অব্যাহত আছে। ১৮ বছৰ বয়স সম্পূৰ্ণ কৰা বা অহা ২০২১ বৰ্ষৰ ১ জানুৱাৰীত ১৮ বছৰ সম্পূৰ্ণ কৰিব লগীয়া প্ৰতিজন ন- ভোটাৰক অহা ১৫ ডিচেম্ববৰৰ ভিতৰত ভোটাৰ তালিকাত নাম সন্নিবিষ্ট কৰাৰ বাবে প্ৰয়োজনীয় আৱেদন কৰিবলৈ আহ্বান জনোৱাৰ বাবে তথা পুৰণি ভোটাৰ সকলক নাম কৰ্তন, সলনি বা অন্যান্য বিষয় সম্বন্ধে থকা আপত্তি নিষ্পত্তিৰ বাবেও নিৰ্ধাৰিত সময়ৰ ভিতৰত আবেদনৰ কৰিবলৈ অৱগত কৰাৰ বাবে 'গণতন্ত্ৰৰ সৈতে আগবাঢ়ো ব'লক' শীৰ্ষক অভিযানৰ অধীনত বঙাইগাঁও নিৰ্বাচনী জিলাৰ শুভংকৰ ' গোল্ডি 'ৰ প্ৰতিনিধিত্বত বিভিন্ন সজাগতামূলক কাৰ্য্যসূচী হাতত লৈ থকা হৈছে। এনে সজাগতা মূলক কাৰ্যসূচীৰ অংশৰূপে আজি ( শুকুৰবাৰে) বঙাইগাঁও সদৰস্থিত গান্ধী ময়দানৰ পৰা বৰপাৰা হৈ শ্বহীদ বেদীলৈ এক বিশাল ৰেলী উলিওৱা হয়৷ পুৱা ৬.৩০ বজাত গান্ধী ময়দানৰ পৰা এই ৰেলীৰ ফ্লেগ অ'ফ কৰে বঙাইগাঁও জিলা নিৰ্বাচনী বিষয়া ডাঃ এম. এছ. লক্ষ্মী প্ৰিয়াই। এই ৰেলীৰ যোগেদি সকলোকে ভোটাৰ তালিকাত নিজৰ নাম অন্তৰ্ভূক্তিৰ বাবে তথা ভোটাৰ তালিকা সম্পৰ্কিত যিকোনো ধৰণৰ আপত্তি নিস্পতিৰ বাবে অহা ১৫ ডিচেম্বৰৰ ভিতৰত আৱেদন দাখিলৰ কৰাৰ বাবে এক সৱল আহ্বান জনোৱা হয়। এই সজাগতা ৰেলীত অতিৰিক্ত উপায়ুক্ত পংকজ চমুৱা, সহকাৰী আয়ুক্ত মুনমী শইকীয়া, বঙাইগাঁৱৰ ৰাজহ চক্ৰ বিষয়া আৰু ক্ৰীড়া তথা তথ্য আৰু জনসংযোগ বিভাগৰ বিষয়া কৰ্মচাৰীয়ে অংশ গ্ৰহণ কৰাৰ উপৰিও ছাত্র-ছাত্ৰী আৰু শিক্ষক- শিক্ষয়িত্ৰী সকলে অংশ গ্ৰহণ কৰে৷
ইপিনে একেদিনাই বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ প্ৰাংগণত উপৰোক্ত ' গণতন্ত্ৰৰ সৈতে আগবাঢ়ো ব'লক' শীৰ্ষক অভিযানৰ অধীনত ফল-মূল আৰু ঔষধিযুক্ত গছপুলিৰ এখন বাগিছা জিলা উপায়ুক্ত ডঃ এম.এছ. লক্ষ্মী প্ৰিয়াই উদ্বোধন কৰাৰ লগতে গছপুলি ৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। উল্লেখ্য যে উদ্বোধন কৰা এই বাগিছাখনৰ ঠাইখিনিত পূৰ্বতে জাৱৰ-জোথৰেৰে পৰিপূৰ্ণ এটা লেতেৰা পুখুৰী আছিল ৷ যাৰ ফলত চিকিৎসালয়খনৰ চৌহদটো প্ৰদূষিত হৈ আছিল। বঙাইগাঁও জিলা উপায়ুক্তৰ সম্পূৰ্ণ নিজা চিন্তাৰে সেই কদৰ্যময় পুখুৰীৰ পৰিৱেশটো এমজিএনৰেগা (MGNREGA) আচঁনিৰ অধীনত ২.৭৫ লক্ষ টকা ব্যয়েৰে জিলা পৰিষদ আৰু আই ভেলী সংৰক্ষিত বন সংমণ্ডলৰ যৌথ প্ৰচেষ্টাত এখনি ফল-মূল আৰু ঔষধিযুক্ত গছ- গছনীৰ বাগিছালৈ পৰিৱৰ্তিত কৰা হৈছে। এই বাগিছাখনৰ গছপুলি সমূহৰ চোৱা-চিতাৰ প্ৰথম এক বছৰৰ খৰছ এমজিএনৰেগাৰ অধীনতেই বহন কৰা হ'ব আৰু পাছত ইয়াৰ দায়িত্বত জিলা স্বাস্থ্য সমিতিক অৰ্পণ কৰা হ'ব। এই উদ্বোধনী অনুষ্ঠানত নিজৰ বক্তব্যত উপায়ুক্ত গৰাকীয়ে কয় যে- গছে যেনেকৈ আমাক জীয়াই থকাৰ উপযোগীকৈ কাৰ্বনমুক্ত সুস্থ পৰিৱেশ দিয়ে, উশাহ ল'বলৈ অক্সিজেন দিয়ে ,ঠিক তেনেকৈ ভোটদানেৰে সুস্থ গণতন্ত্ৰ তথা ৰাষ্ট্ৰ গঢ়াত অংশ লৈ এজন নাগৰিকৰ কৰ্তব্য পালন কৰাটো আমাৰ দায়িত্ব৷ গছে যেনেকৈ পৰিৱেশ নিৰ্মল কৰাত সহায় কৰে তেনেকৈ ভোটদানো এখন সুস্থ আৰু শক্তিশালী গণতন্ত্ৰ গঠনত সহায়ক হয়৷ তেওঁ ভোটাৰ তালিকাত নাম শুধৰনি, নাম সংযোজন আৰু কৰ্তন তথা কোনো দাবী -নিস্পত্তি আদিৰ বাবে অহা ১৫ ডিচেম্বৰৰ ভিতৰত আৱেদন কৰিবলৈ সকলোকে আহবান জনাই ' গণতন্ত্ৰৰ সৈতে আগবাঢ়ো ব'লক' শীৰ্ষক বিষয়বস্তুক প্ৰতিনিধিত্ব কৰাকৈ যিকোনো সৃষ্টিশীল চিন্তাৰে ফটো উঠি ফেচবুক পেইজত জিলা উপায়ুক্তক টেগ কৰাৰ বাবে আহ্বান জনায়। এই উদ্বোধনী অনুষ্ঠানত বঙাইগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া নাদিৰা জেচমিন, অতিৰিক্ত উপায়ুক্ত পংকজ চমুৱা, বঙাইগাঁও আই ভলী বন সংমণ্ডলৰ বন প্ৰাধিকাৰী এ. এছ. আৰিফ আৰু বঙাইগাঁও জিলা স্বাস্থ্য সমিতিৰ বিষয়-ববীয়া তথা বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ সংশ্লিষ্ট বিষয়সকল উপস্থিত থাকে।
No comments