ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট, ৮ ডিচেম্বৰ -- যোৰহাট জিলা ক্ৰীড়া সন্থাৰ ভলী বল শাখাৰ অন্তৰ্গত আন্তঃ ভলী বল প্ৰতিযোগিতাত যোৰহাট টাউন ক্লাবে ইউনাইটেড ...
ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট, ৮ ডিচেম্বৰ -- যোৰহাট জিলা ক্ৰীড়া সন্থাৰ ভলী বল শাখাৰ অন্তৰ্গত আন্তঃ ভলী বল প্ৰতিযোগিতাত যোৰহাট টাউন ক্লাবে ইউনাইটেড ভলী বল ক্লাৱক ৩-১ চেটত পৰাজিত কৰি বিজয়ী সন্মান লাভ কৰে । চূড়ান্ত খেল খনত শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান যোৰহাট টাউন ক্লাৱৰ দ্বীপজ্যোতি শইকীয়াক ট্ৰফী প্ৰদান কৰা হয় । আৰু বিজিত দলক ট্ৰফী প্ৰদান কৰে ক্ৰীড়া সন্থাৰ সভাপতি শান্তনু পূজাৰীয়ে । আৰু বিজয়ী দলক ট্ৰফী প্ৰদান কৰে মুখ্য অতিথিৰূপে উপস্থিত থকা বিশিষ্ট সাংবাদিক দিগন্ত বুঢ়াগোহাঁইয়ে । লগতে বিজয়ী দলক চেক প্ৰদান কৰা হয় । উক্ত বঁটা প্ৰদান কৰা অনুষ্ঠানতো বিশিষ্ট সাংবাদিক ললিত বৰাকে প্ৰমুখ্যে কৰি বহু কেই গৰাকী বিশিষ্ট লোকে অংশগ্ৰহণ কৰে ।
No comments