গণবাৰ্তা বিশেষ ধুবুৰী,১৪ ডিচেম্বৰ: ধুবুৰীৰ ভাৰত-বাংলাদেশ সীমান্তদি গৰুৰ চোৰাং বেপাৰীয়ে নদী পথেৰে নাৱত গৰু ভৰ্তি কৰি অবৈধ ভাবে গৰুৰ চোৰাং ব...
গণবাৰ্তা বিশেষ ধুবুৰী,১৪ ডিচেম্বৰ: ধুবুৰীৰ ভাৰত-বাংলাদেশ সীমান্তদি গৰুৰ চোৰাং বেপাৰীয়ে নদী পথেৰে নাৱত গৰু ভৰ্তি কৰি অবৈধ ভাবে গৰুৰ চোৰাং বেহা চলাই থকাৰ খবৰ ধুবুৰী আৰক্ষীয়ে লাভ কৰাৰ পিছত যোৱা নিশা ধুবুৰী আৰক্ষীৰ এটি দলে বাইলেৰ চৰ এলেকাত অভিযান চলায়। আৰক্ষীয়ে উক্ত এলেকাত অভিযান চলাই এখন ইঞ্জিন চালিত নাওৰ পৰা ২৫ টাকৈ গৰু জব্দ কৰাৰ ঘটনা পোহৰলৈ আহিছে । ইপিনে আৰক্ষীৰ দলটো বাইলেৰ চৰত অহাৰ সম্ভেদ পাই ৩/৪ জনীয়া চোৰাং কাৰবাৰীৰ দলটো নৈত জাঁপ মাৰি পলায়ন কৰে বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।
No comments