Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

পূৱ চাৰিগাওঁ গাওঁ পঞ্চায়তৰ হিতাধীকাৰী অভিনন্দন অনুস্থানত বিধান সভাৰ অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামী

  ষ্টাফ ৰিপৰ্টাৰ ,যোৰহাট :২৩ ডিচেম্বৰ: দৰিদ্ৰ মানুহক লৈ ৰাজনীতি কৰিব নালাগে । দৰিদ্ৰ মানুহৰ অভাব অনাতন দুৰ কৰিব পৰাটো এখন চৰকাৰ আৰু জনপ্ৰতিন...


 ষ্টাফ ৰিপৰ্টাৰ ,যোৰহাট :২৩ ডিচেম্বৰ: দৰিদ্ৰ মানুহক লৈ ৰাজনীতি কৰিব নালাগে । দৰিদ্ৰ মানুহৰ অভাব অনাতন দুৰ কৰিব পৰাটো এখন চৰকাৰ আৰু জনপ্ৰতিনিধ সকলৰ দায়িত্ব বুলি মই অনুভৱ কৰো । আজি যোৰহাটৰ উত্তৰ পশ্চিম যোৰহাট উন্নয়ণ খণ্ডৰ অধিনৰ ৩৩ নং পূৱ চাৰিগাওঁ গাওঁ পঞ্চায়তৰ ২০১৯  -২০ বৰ্ষৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ লাভ কৰা হিতাধীকাৰী সকলক মান পত্ৰ প্ৰদান আৰু অভিনন্দন জনোৱা  এক গাম্ভীয্যপূৰ্ণ সভাত এই দৰে কয় যোৰহাটৰ  বিধায়ক তথা বিধান সভাৰ অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামীয়ে । তেখেতে আৰু উল্লেখ কৰে যে দুৰ্নীতি মুক্ত এখন সমাজ গঢ়াৰ বাবে পঞ্চায়ত সমূহৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ । লগতে পঞ্চায়ত খনে গ্ৰহন কৰা এনে কায্যক প্ৰশংসা কৰাৰ উপৰিও এনে কামৰ আৰ্দশ সম্পৰ্কত বিধান সভাৰ মজিয়াতো উপস্থাপন কৰিম বুলি ভাষণত উল্লেখ কৰে । পঞ্চায়তৰ সভাপতি মুনিন বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনিত বিধায়ক গৰাকীক গামোচা , চেলেং , শৰাই আৰু অভিনন্দন পত্ৰ প্ৰদানেৰে পঞ্চায়তৰ তৰফৰ পৰা সম্বন্ধনা জনাই । ১৬গৰাকী হিতাধীকাৰীক  প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ  গৃহ প্ৰাপকক মানপত্ৰ আৰু একোখন  গামোচাৰে আদৰণি জনোৱা সভা খনৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়াই পঞ্চায়তৰ সচীৱ বলিন বৰাই । যোৰহাট জিলা পৰিষদৰ মূখ্যকায্যবাহী বিষয়া প্ৰণৱ কুমাৰ বৰাই পঞ্চায়ত সমুহলৈ বিভিন্ন শিতানত চৰকাৰে আগবঢ়োৱা আচনিৰ সম্পৰ্কত অৱগত কৰে । জিলা পৰিষদৰ উপসভানেত্ৰী বাসবী  কলিতাই  ব্যক্তব্য ৰখা সভাখনিত খণ্ড উন্নয়ণ বিষয়া পাৰ্থ প্ৰতিম গগৈ  উপস্থিত থাকে । সমাজকৰ্মী জগন্নাথ অগ্নি বৰাই সম্বৰ্ধনা অনুষ্ঠান পৰিছালনা কৰা সভাখনি পঞ্চায়তৰ সদস্য অভিজিৎ দত্ত ই আত ধৰে আৰু পঞ্চায়ত এলেকাৰ যুৱ সমাজ  কৰ্মী ৰূপকৰঞ্জন দত্ত ই ভাষণ প্ৰদান কৰা সভাখনিত  সংবাদকৰ্মী প্ৰশান্ত দত্ত আদি বহু ব্যক্তি উপস্থিত থাকে । উক্ত সভাতে লুৰুকী হাতৰ ৰাইজে বিধায়ক গৰাকীক ৰাজহুৱা ভাৱে আদৰণি জনাই । পঞ্চায়তৰ উপ সভানেত্ৰী জোনজ্যোতি তামুলী অন্যা সদস্য সদস্যা সকল উপস্থিত থাকি বিধায়ক গৰাকীকৰ লগতে জিলাপৰিষদৰ কায্যবাহী বিষয়া জনকো এটা গড় ৰ প্ৰতিক আৰু চেলেং চাদৰ প্ৰদানেৰে  পঞ্চায়ত ৰ তৰফৰ পৰা আদৰণি জনাই ।


No comments