বঢ়মপুৰ, ১৩ ডিচেম্বৰ: নগাঁও জিলাৰ ভোটাইগাঁওৰ ভোটাই ডেকা খেলপথাৰত কলংপাৰ ইউথ ক্লাৱৰ উদ্যোগত আজিৰে পৰা অসম ভিত্তিত অনুষ্ঠিত হৈছে T-10 ক্ৰিকেট প...
বঢ়মপুৰ, ১৩ ডিচেম্বৰ: নগাঁও জিলাৰ ভোটাইগাঁওৰ ভোটাই ডেকা খেলপথাৰত কলংপাৰ ইউথ ক্লাৱৰ উদ্যোগত আজিৰে পৰা অসম ভিত্তিত অনুষ্ঠিত হৈছে T-10 ক্ৰিকেট প্ৰতিযোগিতা। প্ৰতিযোগিতাৰ উদ্বোধনী খেলখনত অংশগ্ৰহণ কৰা পি এন বি ক্লাব ভোটাইগাঁওয়ে প্ৰথমে বেটিং কৰি আটাইকেইটা উইকেটৰ বিনিময়ত ৬৫ ৰান সংগ্ৰহ কৰে। প্রত্যুত্তৰত নমাটি ভূটান ক্লাব, জাজৰীয়ে ৩ উইকেট হেৰুৱাই বিজয়ৰ লক্ষ্যত উপনিত হয়। খেলৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন, পতাকা উত্তোলনেৰে প্ৰতিযোগিতাখনি শুভাৰম্ভ কৰে অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক, সমাজকৰ্মী কমলাকান্ত বৰাই। সমাজকৰ্মী জয়ন্ত কুমাৰ বৰা, কুমুদ বেজবৰুৱা, অনিল শৰ্মা, গজেন বৰা, অশোক কুমাৰ বৰা, হলধৰ জমিদাৰ, সাগৰ বৰা, সাংবাদিক জয়ন্ত বৰা, প্ৰমুখ্যে বহুকেইজন গণ্য-মান্য ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত উদ্বোধনী খেলখন মুকলি কৰে ভাৰতীয় জনতা যুৱ মৰ্চাৰ নগাঁও জিলা সমিতিৰ সভাপতি সুন্দৰ শৰ্মাই। পিছত অনুষ্ঠিত আন দুখন খেলত ক্ৰমে ৰয়েল ইলেভেনে ডিম ইলেভেনক আৰু ভি কে ইলেভেনে আই এফ চি ইলেভেনক পৰাজিত কৰে। কাইলৈ ইনিং ষ্টাৰ ইলেভেন বনাম ৱাৰীওৰ ইলেভেন আৰু বিন্দাচ ক্লাব বনাম এ এছ আৰ ইলেভেনৰ মাজত দুখন খেল অনুষ্ঠিত হব বুলি আয়োজক সমিতিয়ে জনাইছে।
No comments