গণবাৰ্তা আজাৰা, ১১ ডিচেম্বৰ : বিশ্বৰ অন্যতম ভূ-কম্পন অঞ্চল হিচাপে পৰিচিত অসমসহ উত্তৰ পূৱৰ ৰাজ্য কেইখনত প্ৰাকৃতিক আৰু মানৱ সৃষ্ট দুৰ্যোগত আ...
গণবাৰ্তা আজাৰা, ১১ ডিচেম্বৰ : বিশ্বৰ অন্যতম ভূ-কম্পন অঞ্চল হিচাপে পৰিচিত অসমসহ উত্তৰ পূৱৰ ৰাজ্য কেইখনত প্ৰাকৃতিক আৰু মানৱ সৃষ্ট দুৰ্যোগত আক্ৰান্ত লোকক উদ্ধাৰ- সাহায্য কার্যৰ দায়িত্বৰ বাবে নিয়োজিত ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী চমুকৈ এন ডি আৰ এফৰ গুৱাহাটীৰ আজাৰা পাটগাঁওস্থিত প্ৰথম বেটেলিয়ানে কভিড কেন্দ্ৰীক পৰিস্থিতিৰ বহুখিনী উন্নতি সাধন হোৱাৰ পাছত পুনৰ দুৰ্যোগ প্ৰশমনৰ প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ কৰিছে ।
প্ৰথম এন ডি আৰ এফ ৰ কমাণ্ডেণ্ট ৰণধীৰ সিং গীলে জানিবলৈ দিয়া মতে ভূমিকম্পৰ সময়ত বা পাছত শ্বপিং মল বা ডাঙৰ ডাঙৰ ব্যৱসায়িক প্ৰতিষ্ঠান আদিত আৱদ্ধ হোৱা গ্ৰাহক- কৰ্মচাৰীক কিদৰে নিৰাপদে উদ্ধাৰ কৰি সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰিব পাৰি সেই বিষয়ক যৌথ আখৰা আৰম্ভ কৰা হৈছে । ১০ ডিচেম্বৰত ত্ৰিপুৰাৰ বিশালনগৰত থকা বাজাৰ ইণ্ডিয়া নামৰ ব্যৱসায়িক প্ৰতিষ্ঠান চৌহদত এক বৃহৎ দুৰ্যোগ প্ৰশমনৰ যৌথ আখৰা কাৰ্যসূচী সম্পন্ন কৰা হয় ।
প্ৰথম এন ডি আৰ এফৰ উদ্যোগত অনুষ্ঠিত যৌথ আখৰাত এন ডি আৰ এফৰ উপৰিও বি এছ এফ , আসাম ৰাইফলছ , ত্ৰিপুৰা ষ্টেট ৰাইফলছ , ত্ৰিপুৰা পুলিশ , ত্ৰিপুৰা আপাদ কালীন আৰু অগ্নি নিৰ্বাপন বাহিনী , ৰেডক্ৰছ ছচাঁইটিৰ স্বেচ্ছাসেৱক , স্বাস্থ্য বিভাগকে ধৰি জৰুৰী সেৱাৰ লগত জড়িত বিভিন্ন সংস্থাৰ মুঠ ৬৯৫ জন লোকে ভাগ লয় ।
No comments