সঞ্জীৱ দাস, ভৱানীপুৰ, ২০ ডিচেম্বৰঃ বৃহত্তৰ ভৱানীপুৰৰ ৰাইজৰ উদ্যোগত ভৱানীপুৰত তৃতীয় সংখ্যক পহুমাৰা মহোৎসৱ অনুষ্ঠিত কৰাৰ যো-জা চলিছে। আগন্তুক ...
সঞ্জীৱ দাস, ভৱানীপুৰ, ২০ ডিচেম্বৰঃ বৃহত্তৰ ভৱানীপুৰৰ ৰাইজৰ উদ্যোগত ভৱানীপুৰত তৃতীয় সংখ্যক পহুমাৰা মহোৎসৱ অনুষ্ঠিত কৰাৰ যো-জা চলিছে। আগন্তুক ২৫ জানুৱাৰীৰ পৰা ৩১ জানুৱাৰীলৈ সাদিনীয়া বিস্তৃত কাৰ্যক্ৰমণিকাৰে ভৱানীপুৰত তৃতীয় সংখ্যক পহুমাৰা মহোৎসৱৰ আয়োজন কৰাৰ এক সিদ্ধান্ত গ্ৰহণ কৰে শনিবাৰে হৈ যোৱা এক কাৰ্যনিৰ্বাহক সভাই। উল্লেখ্য যে, ভৱানীপুৰৰ স্থানীয় শ্বহীদ ভৱনত অলপতে হৈ যোৱা এখন সাধাৰণ সভাত তৃতীয় সংখ্যক পহুমাৰা গ্ৰন্থ মহোৎসৱ আৰু বাণিজ্য মেলাৰ আয়োজক সমিতিৰ সভাপতি হিচাপে পুলকানন্দ তালুকদাৰ আৰু মুখ্য সম্পাদক হিচাপে ধ্ৰুৱজ্যোতি ডেকাক লৈ এখন কমিটী গঠন কৰে আৰু শনিবাৰে হৈ যোৱা এক কাৰ্যনিৰ্বাহক সভাত পহুমাৰা গ্ৰন্থ মহোৎসৱ-বাণিজ্য মেলাক নতুন সংস্কাৰিত ৰূপত সকলো দিশ সামৰি 'তৃতীয় সংখ্যক পহুমাৰা মহোৎসৱ' নামেৰে আগন্তুক ২৫-৩১ জানুৱাৰীলৈ সাদিনীয়া কাৰ্যক্ৰমণিকাৰে আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। কাৰ্যক্ৰমণিকাৰ ভিতৰত গ্ৰন্থ মেলা, বাণিজ্য মেলা, বিভিন্ন প্ৰতিযোগিতা আৰু সাংস্কৃতিক অনুষ্ঠান থাকিব বুলি জনাইছে আয়োজক সমিতিৰ মুখ্য সম্পাদক ধ্ৰুৱজ্যোতি ডেকাই।
No comments