Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

৬০ কোটি মূল্যৰ ৰাজহুৱা সম্পত্তি বণিয়াক গতাবলৈ ওলোৱাটো অসমীয়াৰ পৰিপন্থীঃ তদন্তৰ দাবী বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৬ ডিচেম্বৰ ঃ যোৰহাট নগৰৰ মাজমজিয়াত যোৰহাট উন্নয়ন প্ৰাধিকৰণৰ অধীনত থকা প্ৰায় ১৪ বিঘাতকৈও অধিক ভূমি এটা ব্যক্তিগত ব...

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৬ ডিচেম্বৰ ঃ যোৰহাট নগৰৰ মাজমজিয়াত যোৰহাট উন্নয়ন প্ৰাধিকৰণৰ অধীনত থকা প্ৰায় ১৪ বিঘাতকৈও অধিক ভূমি এটা ব্যক্তিগত ব্যৱসায়িক প্ৰতিষ্ঠানক ফ্লেট, বাণিজ্যিক ভৱন নিৰ্মাণ কৰিবলৈ গতাই দিয়া বিষয়টোক লৈ অব্যাহত আছে প্ৰতিক্ৰিয়া। ৰাজহুৱা সম্পত্তি এনেধৰণে ব্যক্তিগত প্ৰতিষ্ঠানক মুনাফা লুটিবৰ বাবে গতাই দিয়া কাৰ্যৰ বিৰোধিতা কৰি এই প্ৰক্ৰিয়া শীঘ্ৰে বাতিলৰ দাবী উত্থাপন কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। এক বিবৃতিত শইকীয়াই কয় যে প্ৰায় ৬০ কোটি মূল্যৰ ৰাজহুৱা সম্পত্তি বণিয়াক গতাবলৈ ওলোৱাটো নিশ্চিতভাৱে অসমৰ ৰাইজৰ স্বাৰ্থৰ পৰিপন্থী। বৰ্তমানৰ চৰকাৰে সততে জাতি-মাটি-ভেটি ৰক্ষাৰ শ্লোগান দি আহিছে। কিন্তু ৰাইজৰ সম্পত্তি মুনাফালোভী ব্যৱসায়ীক গতাই দিয়া কাৰ্যৰ দ্বাৰা কেনেকৈ জাতি-মাটি-ভেটি ৰক্ষা হ’ব সেইটো সাধাৰণ লোকৰ বোধগম্য হয়। এই চৰকাৰখনে ব্যক্তিগতকৰণৰ প্ৰক্ৰিয়াক চৰম সীমালৈ লৈ গৈছে। নগৰ উন্নয়ন প্ৰাধিকৰণত থকা মূল্যৱান ভূমি বণিয়াক গতাই দিলে এই  প্ৰাধিকৰণসমূহ প্ৰতিষ্ঠিত কৰাৰ মূল উদ্দেশ্যই নস্যাৎ হ’ব বুলি বিবৃতিটোত উল্লেখ কৰে। শইকীয়াই বিবৃতিটোত আৰু কয় যে শেহতীয়াকৈ যোৰহাট জিলাৰ উপায়ুক্তই বিষয়টোৰ সন্দৰ্ভত এটা তদন্তৰ নিৰ্দেশ দিছে। কিন্তু চৰকাৰী বিষয়াই যেতিয়া এনে এটা অনুষ্ঠানৰ কাম-কাজৰ বিষয়ে তদন্ত কৰে, যিটোৰ জ্যেষ্ঠ সদস্য শাসকীয় পক্ষৰ প্ৰভাৱশালী নেতা, তেতিয়া এনে তদন্তই সত্য উদ্‌ঘাটন কৰিব বুলি আশা কৰাৰ স্থল নাই। সেয়ে ভূমি হস্তান্তৰ প্ৰক্ৰিয়া বাতিল কৰাৰ উপৰি সমগ্ৰ বিষয়টো গুৱাহাটী উচ্চ ন্যায়ালয়ত এগৰাকী কৰ্মৰত ন্যায়াধীশৰ দ্বাৰা তদন্ত কৰিবলৈ মুখ্যমন্ত্ৰীক দাবী উত্থাপন কৰি শইকীয়াই কয় যে ইয়াৰ পূৰ্বে গুৱাহাটীস্থিত জলসম্পদ বিভাগৰ ৯ বিঘা মাটি বিজেপি দলক আবণ্টন দিয়া ঘটনাটো বিধানসভাত উত্থাপন কৰা হৈছিল। উক্ত ভূমি হস্তান্তৰ কৰা প্ৰক্ৰিয়াটো অবৈধ আছিল বুলি তথ্য সহকাৰে বিধানসভা অধিৱেশন চলি থকা সময়তে অধ্যক্ষৰ সন্মুখত দাঙি ধৰা হৈছিল। সেয়ে আগন্তুক বিধানসভা অধিৱেশনৰ পূৰ্বে উত্থাপন কৰা এই অভিযোগটোৰ এটা সমাধান-সূত্ৰ সদনত চৰকাৰে দাখিল কৰিব বুলি আশা প্ৰকাশ কৰে বিৰোধী দলপতিগৰাকীয়ে।

No comments