গণ বাৰ্তা, শালবাৰী, ২৯ ডিচেম্বৰঃ জালাহ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ৰ উদ্যোগত আজি বাক্সা জিলাৰ নৱনিযুক্ত জিলা আঁচনি বিষয়া(শিক্ষণ প্...
গণ বাৰ্তা, শালবাৰী, ২৯ ডিচেম্বৰঃ জালাহ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ৰ উদ্যোগত আজি বাক্সা জিলাৰ নৱনিযুক্ত জিলা আঁচনি বিষয়া(শিক্ষণ প্ৰশিক্ষণ) প্ৰণৱজ্যোতি কলিতাক জালাহ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ সভাগৃহত অনুষ্ঠিত হোৱা এখন সভাৰ জৰিয়তে আদৰ সম্বৰ্দ্ধনা জনোৱাৰ লগতে বাক্সা জিলাৰ পৰা বৰপেটা জিলালৈ বদলিক্ৰমে যোৱা জিলা আঁচনি বিষয়া(শিক্ষণ প্ৰশিক্ষণ) সীতাংগ ডেকাক বিদায় সম্বৰ্দ্ধনা জনোৱা হয়৷ আজি দূপৰীয়াৰ ভাগত অনুষ্ঠিত হোৱা সভাখনত সভাপতিত্ব কৰে জালাহ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া সৰোজ মহিলাৰীয়ে৷ জালাহ খণ্ড প্ৰাথমিকৰ এম আই এছ জ্যোতিৰ্ময় ভূঞাই আঁত ধৰা আৰু বি আৰ পি উমানন্দ বড়োৱে উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত বাক্সা জিলা নৱনিযুক্ত আঁচনি বিষয়া(শিক্ষণ প্ৰশিক্ষণ) প্ৰণৱজ্যোতি কলিতাক ফুলাম গামোচা,আৰনাই,ফুলাম জাপি আদিৰে সম্বৰ্দ্ধনা জনোৱা হয়৷ একেদৰে অনুষ্ঠানত বাক্সাৰ পৰা বৰপেটা জিলালৈ বদলি হৈ যোৱা জিলা আঁচনি বিষয়া(শিক্ষণ প্ৰশিক্ষণ) সীতাংগ ডেকাক ফুলাম গামোচা,আৰনাই,ফুলাম জাপি,শৰাই আদিৰে বিপুলভাবে সম্বৰ্দ্ধনা জনোৱা হয়৷ সভাখনত সীতাংগ ডেকাই বিগত সময়ছোৱাত কৰি যোৱা কামৰ স্মৃতি ৰোমন্থন কৰাৰ লগতে প্ৰণৱজ্যোতি কলিতাই অনাগত দিনত সকলোৰে সহায় সহযোগিতাৰে কেনেদৰে অসমৰ অন্যান্য জিলা সমুহৰ তুলনাত বাক্সা জিলাক শৈক্ষিক দিশত জাকতজিলিকা কৰি আগুৱাই নিব পাৰি তাক লৈ বক্তব্য ৰাখে৷ সভাত বাক্সা জিলা আঁচনি বিষয়া ধীৰাজ দত্ত,জালাহ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ৰ সমুহ বিষয়ববীয়া, কৰ্মচাৰী তথা চিআৰচিচি সকল উপস্থিত থাকে৷
No comments