Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

হাজোৰ জাতীয় শ্বহীদ আইনাল হক চৌধুৰীৰ বাইশ সংখ্যক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সম্পন্ন

গণ বাৰ্তা,হাজো, ২২ ডিচেম্বৰ : তীৰ্থনগৰী হাজোৰ বৰম্বৈ-কেতেকীবাড়ীৰ উদীয়মান যুৱক তথা জাতীয়তাবাদী ভাৱধাৰাৰে উদ্বুদ্ধ চৈয়দ আইনাল হক চৌধুৰী গুপ্তঘ...


গণ বাৰ্তা,হাজো, ২২ ডিচেম্বৰ : তীৰ্থনগৰী হাজোৰ বৰম্বৈ-কেতেকীবাড়ীৰ উদীয়মান যুৱক তথা জাতীয়তাবাদী ভাৱধাৰাৰে উদ্বুদ্ধ চৈয়দ আইনাল হক চৌধুৰী গুপ্তঘাতকৰ হাতত কৰুন ভাৱে মৃত্যু হোৱাৰ আজি বাইশ বছৰ অতিক্ৰম কৰিলে যদিও অদ্যাপিও হত্যাকাৰীক চিনাক্ত কৰি উচিত শাস্তি দিব নোৱাৰা কাৰ্য্যত উদ্বেগ প্ৰকাশ কৰিছে দূৰ্ভগীয়া শ্বহীদ মাতৃ ফুলুবালা বিবিয়ে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গুৱাহাটী জিলা সমিতিৰ উদ্যোগত আজি বৰম্বৈ কেন্দ্ৰীয় পুথিভঁৰাল প্ৰাংগণত অনুস্থিত জাতীয় শ্বহীদ আইনাল হক চৌধুৰীৰ বাইশ সংখ্যক মৃত্যু বাৰ্ষিকী উপলক্ষে পুথিভঁৰাল প্ৰাংগণত অৱস্থিত স্থায়ী স্মৃতিসৌধত শ্বহীদ পুত্ৰৰ ফটোত মাল্যৰ্পণ কৰি শ্বহীদ মাতৃ ফুলুবালা বিবিয়ে দুচকুৰে দুধাৰি চকুলো মচি পুত্ৰৰ হত্যাকাৰীক চিনাক্ত কৰি উচিত শাস্তিৰ দাবী তুলি আক্ষেপৰে কয়, তেওঁৰ পুত্ৰ আইনালে গুপ্তঘাতকৰ বলি হব লগীয়াকৈ তেনে কোনো অপৰাধ কৰা নাছিল। নিয়তিৰ বিধান অনুসৰি মাত্ৰ জীৱনৰ সাত বছৰ বয়সতে পিতৃহাৰা হৈয়ো নিজকে এজন সমাজ সেৱক হিচাপে সমাজত প্ৰতিষ্ঠা কৰিবলৈ সমৰ্থ হৈছিল। ১৯৭২ চনত হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত কেতেকীবাড়ী গাঁৱত জন্ম গ্ৰহণ কৰা আইনালে ১৯৯০ চনত প্ৰৱেশিকা পৰীক্ষা, ১৯৯২ চনত আই এ পৰীক্ষাত উত্তীৰ্ণ হৈ আৰ্থিক দীনতাত উচ্চ শিক্ষা গ্ৰহণৰ পৰা বিৰত আছিল। সেই সময়তে উদ্যমী যুৱক জনে জাতীয়তাবাদী ভাৱধাৰাৰে জাগৰিত হৈ এসময়ৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বৰম্বৈ আঞ্চলিক সমিতিত ক্ৰমে প্ৰচাৰ সম্পাদক, সাংগঠনিক সম্পাদক আৰু উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰি নিজৰ কৰ্ম দক্ষতাৰ ভিত্তিত পৰবৰ্তী সময়ত গুৱাহাটী জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য পদ অলংকৃত কৰিবলৈ সমৰ্থ হৈছিল। পৰিষদৰ জিলা সমিতিয়ে ঘোষণা কৰা জাতীয় শ্বহীদ আইনাল হক চৌধুৰীয়ে প্ৰতিজন কৃষক, মজদুৰ আৰু শ্ৰমজীৱী লোকক পূজিপতি শোষণৰ পৰা মুক্ত কৰি জাতীয়তাবাদৰ ভেটিত সাম্যবাদ প্ৰতিষ্ঠাৰ সপোন ৰচিছিল। পৰিষদে চলাই যোৱা সংগ্ৰামত কাৰো সৈতে আপোচ নকৰাকৈ যি আত্মত্যাগৰ চানেকী দেখুৱাইছিল, সেই গৰাকী উদ্যমী যুৱক এগৰাকী প্ৰকৃত মানুহৰ প্ৰতীক আছিল। এই গৰাকী জাতীয় শ্বহীদ আইনাল হক চৌধুৰীৰ বাইশ সংখ্যক মৃত্যু তিথি উপলক্ষে আজি পৰিষদৰ বৰম্বৈ আঞ্চলিক সমিতিৰ সহযোগত অনুস্থিত শ্ৰদ্ধাঞ্জলি অনুস্থানত পৰিষদৰ পতাকা উত্তোলন কৰে পৰিষদৰ গুৱাহাটী জিলা সমিতিৰ সভাপতি দীপক দাসে, শ্বহীদ তৰ্পন কৰে পৰিষদৰ গুৱাহাটী জিলা সমিতিৰ সাধাৰণ সম্পাদক আৰিফুৰ ৰহমান আৰু বন্তি প্ৰজ্বলন কৰে বিশিষ্ট সাংবাদিক ছাহজাহান ইছলামে। ইয়াৰ পিছতে ভকত বৈষ্ণৱ ভূৱনেশ্বৰ বৰুৱা আৰু ইছলাম ধৰ্মীয় ইমামৰ নেতৃত্বত অনুস্থিত হয় সৰ্বধৰ্ম প্ৰাৰ্থনা। অনুস্থানত বাবুল আলী, ৰাজিৱ হুছেইনকে ধৰি পৰিষদৰ নেতা- কৰ্মী সকলে অংশ গ্ৰহণ কৰে।

No comments