গণবাৰ্তা বিশেষ, ধুবুৰী,৯ ডিচেম্ববৰ: আজি বন বিভাগৰ অভিযানত ধুবুৰী জিলাৰ গোলকগঞ্জ থানাৰ অন্তৰ্গত বৰুণডাংগা গাওঁৰ পৰা বৃহৎ পৰিমাণৰ শাল আৰু চ...
গণবাৰ্তা বিশেষ, ধুবুৰী,৯ ডিচেম্ববৰ: আজি বন বিভাগৰ অভিযানত ধুবুৰী জিলাৰ গোলকগঞ্জ থানাৰ অন্তৰ্গত বৰুণডাংগা গাওঁৰ পৰা বৃহৎ পৰিমাণৰ শাল আৰু চেগুন গছৰ ফলা কাঠ উদ্ধাৰ হোৱা বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত জানিব পৰানুসৰি, গোপন এক তথ্যৰ ভিত্তিত ধুবুৰী বন বিভাগৰ বন সং পালক বিষয়া হৰিশ চন্দ্ৰ নাথৰ নেতৃত্বত বন বিভাগৰ এটি দলে আজি বৰুণডাংগা গাওঁত এক অভিযান চলায়। অভিযানকাৰী সেই দলটোৱে গাওঁখনৰ এটা বাঁহ গছৰ জাৰণি আৰু পুখুৰী এটাত লুকাই ৰখা অৱস্থাত আনুমানিক প্ৰায় দুশ চেফটি শাল আৰু চেগুন গছৰ ফলা কাঠকে ধৰি গছৰ কুন্দাও উদ্ধাৰ কৰিবলৈ সক্ষম হয়। অৱশ্যে আজিৰ এই অভিযানত চোৰাং এই কাঠৰ বেহাৰ সৈতে জড়িত কোনোৱে জালত নপৰিলেও ঘটনা সন্দৰ্ভে বনবিভাগৰ অনুসন্ধান অব্যাহত থকা বুলি জানিব পৰা গৈছে।
No comments